খাদিজা মাস্তুৰ خدیجہ مستور | |
---|---|
জন্ম | ১১ ডিচেম্বৰ, ১৯২৭ বৰেইলি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৫ জুলাই, ১৯৮২ (৫৪ বছৰ) লণ্ডন, ইংলেণ্ড |
ৰাষ্ট্ৰীয়তা | পাকিস্তানী |
পেচা | লেখক আৰু ঔপন্যাসিক |
দাম্পত্যসঙ্গী | মলিক জহীৰ-উদ-দীন বাবৰ আৱান |
সন্তান | কিৰণ ফায়াজ মলিক পাৰভেজ আলম আৱান |
খাদিজা মাস্তুৰ (ইংৰাজী: Khadija Mastoor; উৰ্দু: خدیجہ مستور; ১১ ডিচেম্বৰ ১৯২৭ – ২৫ জুলাই ১৯৮২) এগৰাকী পাকিস্তানী চুটি গল্প লেখক আৰু ঔপন্যাসিক। তেওঁ আছিল উৰ্দু সাহিত্যৰ এগৰাকী বিশিষ্ট সাহিত্যকাৰ।[1] তেওঁৰ উপন্যাস ‘আংগন’ক উৰ্দু সাহিত্যৰ এক উৎকৃষ্ট সাহিত্য কৃতি হিচাপে গণ্য কৰা হয়; যাৰ আধাৰত দূৰদৰ্শনৰ বাবে নাটক নিৰ্মাণ কৰা হৈছে।[2][3] খাদিজাৰ সৰু ভনী হাজৰা মাছৰুৰ এগৰাকী চুটি গল্প লেখক; আনহাতে কবি, নাট্যকাৰ আৰু বাতৰি কাকতৰ স্তম্ভলেখক খালিদ আহমদ তেওঁৰ সৰু ভায়েক।[4][5][6][7]
১৯২৭ চনৰ ১১ ডিচেম্বৰ তাৰিখে ভাৰতৰ বৰেইলিত খাদিজা মাস্তুৰে জন্ম গ্ৰহণ কৰিছিল। ১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত পৰিয়ালটো পাকিস্তানলৈ প্ৰবজন কৰে আৰু তাত থিতাপি লয়।[1]
১৯৪২ চনত মাস্তুৰে প্ৰথমবাৰৰ বাবে লিখা আৰম্ভ কৰিছিল আৰু মৃত্যুৰ সময়লৈকে লেখাৰ ক্ষেত্ৰত তেওঁৰ ধাৰাবাহিকতা অক্ষুন্ন আছিল। এই সময়খিনিত তেওঁৰ পাঁচখন কবিতাৰ কিতাপ আৰু দুখন উপন্যাস প্ৰকাশ পাইছিল।[5] তেওঁৰ উপন্যাসসমূহ সামাজিক আৰু নৈতিক প্ৰমূল্যবোধৰ ওপৰত আধাৰিত আছিল আৰু এইসমূহত লেখকৰ এক ৰাজনৈতিক দৃষ্টিভংগীও প্ৰকাশ পাইছিল। তেওঁৰ লেখনি আছিল অভিজ্ঞতা আৰু পৰ্যবেক্ষণ ভিত্তিক।[6]
তেওঁৰ প্ৰকাশিত উপন্যাস দুখন আছিল আংগন (১৯৬২)[8] আৰু জমীন (১৯৮৩)[9] । ‘আংগন’ উপন্যাসখনে ‘আদমজি লিটাৰেৰী এৱাৰ্ড’ লাভ কৰিছিল।[3] ২০১০ চনত খাদিজাৰ উপন্যাসখন প্ৰকাশ পোৱাৰ পিছতে ‘পাকিস্তান একাডেমী অফ লেটাৰচ্’ৰ অধ্যক্ষ ফখৰ জামানে এই উপন্যাসখনক খাদিজাৰ অন্যতম বৃহৎ সাহিত্যিক সাফল্য বুলি কৈছিল।[2]
খাদিজাৰ তিনিখন প্ৰকাশিত গল্প সংকলন হ’ল ক্ৰমে, ১৯৪৬ চনত প্ৰকাশিত ‘বৌচাৰ’[10] , ১৯৪৪ত প্ৰকাশিত ‘খাইল’[10] আৰু ১৯৫১ত প্ৰকাশিত ‘চান্দ ৰৌজ অঔৰ’। অন্যান্য কিতাপ হ’ল; ‘থকে হৰে’[10] (১৯৬২) আৰু ‘ঠাণ্ডা মিঠা পানী’ (১৯৮১)[6]। ঠাণ্ডা মিঠা পানীয়ে হিজ্ৰা বঁটা লাভ কৰিছিল।
খাদিজা সাংবাদিক মলিক জহীৰ-উদ-দীন বাবৰ আৱানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ কিৰণ ফায়াজ আৰু মলিক পাৰভেজ আলম আৱান নামে দুটি সন্তান আছে।[1]
১৯৮২ চনৰ ২৫ জুলাইত লণ্ডনত খাদিজা মাস্তুৰৰ মৃত্যু হয় আৰু পাকিস্তানৰ লাহোৰত তেওঁক সমাধিস্থ কৰা হয়।[1]
২০০৫ চনত, তেওঁৰ মৃত্যুৰ পিছত, কৰাচী কলা পৰিষদত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানটিৰ মুখ্য অতিথি আছিল খাদিজাৰ ভগ্নী হাজৰা মাছৰুৰ, যি নিজে এগৰাকী প্ৰসিদ্ধ লেখিকা আছিল। অনুষ্ঠানটোৰ সভাপতিত্ব কৰিছিল আন এজন প্ৰসিদ্ধ পণ্ডিত চাহাৰ আনচাৰীয়ে। আনচাৰীয়ে কৈছিল যে লেখক হিচাপে দুয়োগৰাকী ভগ্নীয়ে তেওঁলোকৰ নিজা শৈলী আৰু পৰম্পৰা প্ৰতিষ্ঠা কৰিছে। তেওঁ এইটোও কৈছিল যে, খাদিজা মাস্তুৰে পৰ্যবেক্ষণ কৰিছিল আৰু তেওঁৰ অভিজ্ঞতাবোৰক লিখিত ৰূপ দিছিল।[6]