খান-ই-আজম খান জাহান আলি | |
---|---|
খান জাহান আলিৰ সমাধিক্ষেত্ৰ | |
ব্যক্তিগত | |
মৃত্যু | ২৫ অক্টোবৰ ১৪৫৯ খলিফাতাবাদ, বংগ চুলতানী |
সমাধিস্থল | খান জাহান আলিৰ সমাধিক্ষেত্ৰ বাগেৰহাট, বাংলাদেশ |
ধৰ্ম | ইছলাম |
জ্যেষ্ঠ বিষয়বাব | |
কাৰ্যালয়ত সময় | ১৫ শতাব্দী |
শিষ্য
|
খান জাহান আলি (১৩৬৯ - ২৫ অক্টোবৰ ১৪৫৯) এজন মুছলিম ধৰ্ম প্ৰচাৰক তথা বাংলাদেশৰ বাগেৰহাটৰ খান-ই-আজম বা স্থানীয় শাসক আছিল। তেওঁৰ অন্যান্য নামসমূহ হৈছে উলুঘ খান, খান-ই-আজম ইত্যাদি।[1] বৰ্তমান ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হোৱা “মছজিদৰ মহান চহৰ বাগেৰহাট” তেৱেই নিৰ্মাণ কৰিছিল বিশ্বাস কৰা হয়।[2]
১৩৬৯ খ্ৰীষ্টাব্দত দিল্লীৰ এটা সম্ভ্ৰান্ত পৰিয়ালত খান জাহান আলিৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল আকবৰ খান আৰু মাতৃৰ নাম আছিল আম্বিয়া বিবি।[3] খান জাহান আলি "উলুঘ খান" নামেৰেও জনা যায়, আৰু ইয়াৰ পৰাই তেওঁক তুৰ্কী মূলৰ বুলি অনুমান কৰিব পাৰি। প্ৰথম অৱস্থাত তুগলক চুলতানীৰ অধীনত থকা খান জাহানে ১৩৯৮ চনত টাইমুৰৰ নেতৃত্বত টাইমুৰী চুলতানীয়ে দিল্লী দখল কৰাৰ পিছত বংগলৈ প্ৰব্ৰজন কৰিছিল।[4] খান জাহান আলীৰ প্ৰাথমিক শিক্ষা দেউতাকৰ পৰাই আৰম্ভ হৈছিল। দিল্লীৰ বিখ্যাত আলিয়া কামিল পীৰ শ্বাহ নিয়ামত উল্লাৰ পৰা তেওঁ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ কোৰআন, হাদীছ, চুন্নাহ আৰু ফিকহৰ ওপৰত গভীৰ জ্ঞান আহৰণ কৰিছিল।
বংগলৈ প্ৰব্ৰজন কৰাৰ পিছত খান জাহান আলি আৰু তেওঁৰ সংগীসকলক ১২ জন মুছলমান সন্তই চম্পানগৰলৈ আদৰণি জনায় (পিছলৈ এই ১২ জন সন্তৰ নামেৰে চম্পানগৰৰ নাম বড়াবজাৰ নামেৰে নামকৰণ কৰা হৈছিল)। খান ইয়াত বহুবছৰ ধৰি বাস কৰিছিল। ১২৬টা দিঘী তেওঁক অৰ্পন কৰা হয় আৰু তেওঁ থকা সময়ছোৱাত বহুতো মছজিদ নিৰ্মাণ কৰা হৈছিল। এই মছজিদসমূহৰ ভিতৰত গোৰাৰ, গোলাকাতা, জোৰ-বাংলা, পীৰ পুকুৰ, সাতগাছিয়া, মনোহৰ, চুক্কুৰ মলিক, নুংগোলা, পাঠগৰ আৰু আদিনা আদি উল্লেখযোগ্য। ডমডমা আৰু গোলাকাতা আৰু সৌদাগৰৰ দিঘীও ইয়াত অন্তৰ্গত। প্ৰথমে গাজীয়ে নিৰ্মাণ কৰা বড়াবজাৰৰ পৰা জেচোৰলৈ যোৱা পথটো খানে বাগেৰহাটলৈকে সম্প্ৰসাৰিত কৰি সম্পূৰ্ণ কৰিছিল।[5]
বংগৰ চুলতান মাহমুদ শ্বাহৰ পৰা উত্তৰাধিকাৰীসুত্ৰে সুন্দৰবনৰ এখন বনাঞ্চল খানে অধিগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। বংগ চুলতানীৰ অধীনৰ এজন বিষয়া আৰু স্থানীয় শাসক হিচাপে তেওঁক খান-ই-আজমৰ চৰকাৰী উপাধি প্ৰদান কৰা হৈছিল। খানে তেওঁৰ দুজন সহকাৰী বুৰহান বুৰা খান আৰু তেওঁৰ পুত্ৰ ফতেহ খানৰ সৈতে মিলি মানৱ বসতি স্থাপন আৰু কৃষি কৰ্মৰ উদ্দেশ্যে বহু ঘন বনাঞ্চল পৰিষ্কাৰ কৰিছিল। তেওঁ আৰু তেওঁৰ সহযোগীসকলে নিমখীয়া পানী ওলাই নাযাবলৈ নৈৰ কাষৰ মাটিত মথাউৰি বান্ধিছিল আৰু পানী সংৰক্ষণৰ বাবে শতাধিক পুখুৰী (দিঘী বুলি জনাজাত) খান্দিছিল। তেওঁ শাসন কৰা এই অঞ্চলটো খলিফাতাবাদ নামেৰে জনাজাত হৈ উঠিছিল আৰু উত্তৰ দিশলৈ লোহাগড়াৰ নলদিলৈকে বিস্তৃত হৈ পৰিছিল। এই অঞ্চলত তেওঁ অসংখ্য মছজিদ আৰু দিঘী নিৰ্মাণ কৰিছিল। এই সময়ছোৱাৰ আটাইতকৈ ডাঙৰ মছজিদসমূহৰ ভিতৰত অন্যতম ছিক্সটি ড’ম নামৰ মছজিদটো আছিল তেঁওৰ এটা উল্লেখযোগ্য নিৰ্মানকাৰ্য।[5]
১৪৫৯ চনৰ ২৫ অক্টোবৰ তাৰিখে ৯০ বছৰ বয়সত খান জাহান আলিৰ মৃত্যু হয়। সেই সময়ত তেওঁ এটা মছজিদত নামাজ পঢ়ি আছিল।