খাৰী বাৱলী (ইংৰাজী: Khari Baoli) ভাৰতৰ দিল্লীৰ পাইকাৰী গেলামালৰ দোকান আৰু এছিয়াৰ সৰ্ববৃহৎ পাইকাৰী মছলাৰ বজাৰৰ বাবে পৰিচিত য'ত বিভিন্ন ধৰণৰ মছলা, বাদাম, বনৌষধি আৰু খাদ্য সামগ্ৰী যেনে চাউল, চাহ আদি বিক্ৰী কৰা হয়।[1] ১৭ শতিকাৰ পৰা চলি থকা এই বজাৰখন ঐতিহাসিক দিল্লী লালকিল্লাৰ ওচৰত, চান্দনী চ’কৰ পশ্চিম মূৰত ফাতেহপুৰী মছজিদৰ কাষতে থকা খাৰী বাৱলী পথত অৱস্থিত। পুৰণি দিল্লীৰ এই ঐতিহ্যবাহী বজাৰখন বছৰ বছৰ ধৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে।[2][3][4]
খাৰী বাৱলী বজাৰৰ দৃশ্যপট | |||||||||
|
শ্বেৰ শ্বাহ ছুৰীৰ পুত্ৰ ইছলাম শ্বাহ (ছালিম শ্বাহ)ৰ ৰাজত্বকালত খাৰী বাৱলী ষ্টেপ-ৱেলৰ ভেটি স্থাপন কৰিছিল খোৱাজা আব্দুল্লাহ লাজাৰ কুৰেশ্বীয়ে। এই ভৱনটোৰ কাম ১৫৫১ চনত সম্পূৰ্ণ হয়। বৰ্তমান পুৰণি বাৱলিৰ একোৱেই অৱশেষ পাবলৈ নাই, আছাৰ উছ ছানাদীদ (ছাৰ চৈয়দ আহমদ খান) আৰু মিফতা আল তাৱাৰিখৰ দৰে গ্ৰন্থত কেৱল শিলালিপিৰ সংগ্ৰহ কিছুমানহে সংৰক্ষিত হৈ আছে।[5] [6]
১৬৫০ চনত মোগল সম্ৰাট শ্বাহজাহানৰ এগৰাকী পত্নী ফতেহপুৰী বেগমে নিৰ্মাণ কৰা ফতেহপুৰী মছজিদৰ চাৰিওফালে বজাৰখনে উত্থান লাভ কৰিছিল। শ্বাহজাহানৰ ৰাজত্বকালত এই স্থান জীৱ-জন্তুৰ বাবে আৰু গা ধোৱাৰ বাবে ব্যৱহাৰ কৰা লৱণযুক্ত পানীৰ ষ্টেপৱেলৰ পৰাই খাৰী বাৱলী (বাৱলিৰ পৰা, অৰ্থাৎ ষ্টেপ ৱেলৰ পৰা, আৰু খাৰী বা খাৰা, অৰ্থাৎ নিমখীয়া) নামেৰে জনাজাত হয়। ইয়াৰ পশ্চিম মূৰত এটা দুৰ্গযুক্ত দুৱাৰ নিৰ্মাণ কৰা হৈছিল যাক জনপ্ৰিয়ভাৱে লাহোৰী গেট বুলি জনা যায়, দুৰ্গম চহৰ দিল্লী বা শ্বাহজাহানাবাদৰ ১৪খন দুৱাৰৰ ভিতৰত এইখন অন্যতম। ইয়াৰ মাজেৰে এটা পথ লাহোৰ চহৰলৈকে গৈছিল বাবেই এই দুৱাৰৰ নাম দুৰ্গ দুৱাৰ হৈ পৰে। এই দুৱাৰ বৰ্তমান পাকিস্তানৰ অন্তৰ্ভুক্ত। অৱশ্যে এই কুঁৱাটো বা গেটৱেৰ কোনো লেখ-জোখ নাই, যিবোৰ এতিয়া বজাৰৰ মূল পথৰ তলত পুতি থোৱা অৱস্থাত আছে বুলি জনা যায়।[7][8]
১৯৩৬ চনত পঞ্জাৱ চৰকাৰৰ এগৰাকী মন্ত্ৰী চৌধুৰী ছোতু ৰামে এক আইন প্ৰণয়ন কৰি গাঁৱৰ মানুহৰ সকলো ঋণ বাতিল কৰে।[9] এইদৰে অসংখ্য আগৰৱালা ব্যৱসায়ীয়ে ব্যৱসায় হেৰুৱাই দিল্লীলৈ প্ৰব্ৰজন কৰি কমলা নগৰ, শক্তি নগৰ আৰু মডেল বস্তিৰ দৰে স্থানত বসতি স্থাপন কৰিবলৈ লয় আৰু বেপাৰৰ বাবে পুৰণি দিল্লীৰ, বিশেষকৈ চান্দনী চক, খাৰী বাৱলী, দৰীবা কালান, নয়ি চৰক, নয়া বজাৰ, সদৰ বজাৰ আৰু চাৱৰী বজাৰৰ দৰে স্থানত থিতাপি লয়।
ইয়াৰ বহু দোকান এতিয়াও ক্ৰমিক নম্বৰৰ দ্বাৰা জনা যায়, যেনে "১৩ নম্বৰ চাৱল ৱালে" বা "২১ নম্বৰ কি দুকান" আদি। ১৭ আৰু ১৮ শতাব্দীৰ এই প্ৰতিষ্ঠানসমূহৰ প্ৰতিষ্ঠাপকসকলৰ নৱম বা দশম প্ৰজন্মই বৰ্তমান এই দোকানসমূহ চলাই আছে।[10]
খাৰী বাৱলীৰ দক্ষিণ দিশত থকা "গাড়োদিয়া মাৰ্কেট" ১৯২০ চনত ধনী ব্যৱসায়ীসকলৰ দ্বাৰা প্ৰতিস্থিত। ইয়াত অসংখ্য মছলাৰ দোকান আছে। এই বজাৰ এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ পাইকাৰী মছলাৰ বজাৰ।[7] বৰ্তমাম খাৰী বাৱলী কেৱল এছিয়াৰ সৰ্ববৃহৎ মছলাৰ বজাৰেই নহয়, ই এক গুৰুত্বপূৰ্ণ আৰু ব্যস্ত বাণিজ্যিক কেন্দ্ৰ হিচাপেও প্ৰতিস্থিত। জম্মু-কাশ্মীৰ, ৰাজস্থানকে আদিকৰি মধ্যপ্ৰদেশ তথা উত্তৰ ভাৰতৰ বিশাল মছলা, শুকান ফল আৰু অন্যান্য সহজে নষ্ট হ'ব নোৱাৰা নিম্নতম বজাৰমূল্যৰ সামগ্ৰীৰ এখন বজাৰ হিচাপে এই বজাৰখন প্ৰতিস্থিত হৈছে।[10][11]
খাৰী বাৱলী বজাৰৰ আনটো মূৰ জিবি ৰোড হৈছে ৰেড লাইট অঞ্চল আৰু অভিযান্ত্ৰিক সামগ্ৰীৰ পাইকাৰী বজাৰ লগতে সদৰ বজাৰ হৈছে ব্ৰেণ্ড নোহোৱা সামগ্ৰীৰ পাইকাৰী বজাৰ।
কাটাৰা তাম্বাকুত প্ৰকৃত বনৌষধিৰ পাইকাৰী বজাৰ আছে য’ত একাংশ আমদানিকাৰক আৰু ৰপ্তানিকাৰকে বনৌষধিৰ পাইকাৰী ব্যৱসায় কৰে।