খুন চেং খুন ফায়েন

খুন চেং খুন ফায়েন  
লেখক অজ্ঞাত
শিৰোনাম ขุนช้างขุนแผน ฉบับหอสมุดพระวชิรญาณ
দেশ থাইলেণ্ড
ভাষা থাই
প্ৰকাৰ মহাকাব্যিক কবিতা
মিডিয়া প্ৰকাৰ ছপা
পৃষ্ঠা সংখ্যা ১০৮৫
খুন ফায়েন আৰু ৱান্থং হাবিলৈ পলায়ন কৰে।

খুন চেং খুন ফায়েন (থাই: ขุนช้างขุนแผน) থাই লোককথাৰ এটা কিংবদন্তিৰ আধাৰত ৰচিত এখন মহাকাব্য৷ এয়া থাই সাহিত্যৰ এক অন্যতম উল্লেখযোগ্য ৰচনা। সামগ্ৰিক ৰচনাখনত প্ৰায় ২০ হাজাৰৰো অধিক স্তৱক আছে। খুন চেং আৰু খুন ফায়েন হৈছে কাব্যখনৰ দুটা মূল পুৰুষ চৰিত্ৰ, য'ত "খুন" হৈছে পুৰুষৰ বাবে দিয়া সাধাৰণ কনিষ্ঠ সামন্তীয় উপাধি। কাহিনীটোত তিনিটা মূল চৰিত্ৰৰ দুঃসাহসিক আৰু প্ৰেমময় সংগ্ৰামৰ কথা কোৱা হৈছে। তেওঁলোকৰ সম্পৰ্কৰ বহুখিনি ত্ৰিকোণীয় প্ৰেমৰ বুলি ক’ব পাৰি। খুন ফায়েন (সুন্দৰ কিন্তু দুখীয়া ডেকা) আৰু খুন চেং (ধনী কিন্তু কুৎসিত) দুয়ো শৈশৱৰ পৰাই পঞ্চাশ বছৰতকৈও অধিক সময় ধৰি মৰমলগা ৱানথংৰ প্ৰেমৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। দুখন যুদ্ধ, কেইবাটাও অপহৰণ, সন্দেহজনক বিদ্ৰোহ, অৰণ্যত এটা ৰহস্যময় প্ৰবাস, দুটা আদালতৰ গোচৰ, বিচাপতিৰ দ্বাৰা বিচাৰ, কাৰাগাৰ আৰু বিশ্বাসঘাতকতা আদি জাতীয় পৰিঘটনাৰ বৃহত্তৰ পটভূমিৰ মাজতে তেওঁলোকৰ কাহিনীবোৰ আগবাঢ়ি যায়। শেষত আয়ুথায়াৰ ৰজাই দুয়োজন প্ৰেমিকৰ মাজৰ পৰা এজনক বাছনি কৰিব নোৱাৰাৰ বাবে ৱান্থঙক মৃত্যুদণ্ড দিয়ে।

এই মহাকাব্যখন থাই আবৃত্তিকাৰ সকলৰ মাজত দীৰ্ঘদিন ধৰি মৌখিকভাৱে প্ৰচাৰিত হৈ আহিছিল। ১৮৭২ চনত এই কাব্যপুথিখন প্ৰথম লিখি ছপা আকাৰত প্ৰকাশ কৰা হয় আৰু ১৯১৭–১৯১৮ চনত প্ৰথমবাৰৰ বাবে এটা মানক সংস্কৰণ প্ৰকাশ কৰা হয়।[1] জনপ্ৰিয় মনোৰঞ্জনৰ পৰা উৎপত্তি হোৱা বহু ৰচনাৰ দৰেই ইও দ্ৰুতগতিত গতিশীল আৰু বীৰত্ব, ৰোমাঞ্চ, যৌনতা, হিংসা, লোককমেডি, যাদু, ভয়ানকতা, আৰু গীতিময় সৌন্দৰ্য্যৰ ভৰি আছে। থাইলেণ্ডত এই কাহিনীটো সাৰ্বজনীনভাৱে পৰিচিত। শিশুৱে বিদ্যালয়ত এই কবিতাবোৰ শিকে, আৰু ইয়াৰ অনুপ্ৰেৰণাত গীত ৰচনা কৰা হয়। কাব্যখনৰ ৰাষ্ট্ৰীয় পুথিভঁৰালে প্ৰকাশ কৰা এটা মানক সংস্কৰণ দৈৰ্ঘ্য ১০৮৫ পৃষ্ঠাৰ। কাব্যখনৰ সম্পূৰ্ণ ইংৰাজী গদ্য অনুবাদ ২০১০ চনত ক্ৰীছ বেকাৰ আৰু পাছুক ফংপাইচিটে প্ৰকাশ কৰিছিল।[2]

২০২১ চনত থাই চেনেল ৱান৩১-এ কাহিনীটোৰ আধুনিক অভিযোজন "ৱান্থং" নামৰ এখন ধাৰাবাহিক হিচাপে প্ৰচাৰ কৰে। ইউটিউবত এই ধাৰাবাহিকখন সম্পূৰ্ণৰূপে চাব পাৰি।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Grayson 2012, পৃষ্ঠা. 239.
  2. Baker, Chris; Phongpaichit, Pasuk (2010). The Tale of Khun Chang Khun Phaen. Silkworm Books. পৃষ্ঠা. 960. ISBN 978-9-7495-1195-4. 
  3. Archived at Ghostarchive and the Wayback Machine: วันทอง | EP.1 (FULL EP) | 1 มี.ค. 64 | one31. YouTube.