খ’ন, থাইলেণ্ডৰ মুখা নৃত্য নাটিকা | |
---|---|
দেশ | থাইলেণ্ড |
ক্ষেত্ৰ | পৰিৱেশ্য কলা |
খ’ন (ইংৰাজী: Khon) (থাই: โขน, উচ্চাৰণ [kʰǒːn]) থাইলেণ্ডৰ এক নৃত্য-নাটিকাৰ ধাৰা। আয়ুথায়া সাম্ৰাজ্যৰ সময়ৰ পৰাই খ’ন পৰিৱেশন কৰা হৈ আছে। পৰম্পৰাগতভাৱে ৰাজসভাত মুখা পৰিধান কৰি এককভাৱে পুৰুষে কথক আৰু পৰম্পৰাগত পিফাট (থাই শাস্ত্ৰীয় সাংগীতিক শিল্পীৰ দল) দলৰ সৈতে এই নৃত্য পৰিৱেশন কৰিছিল। মহিলাসকলে পৰিৱেশন কৰা এই ধাৰাটোৰ এটা বেলেগ প্ৰকাৰক “খ’ন ফু ইং’’ বোলা হয়
খ’ন হ’ল থাইলেণ্ডৰ এক পৰম্পৰাগত নৃত্য, যাৰ মাজত নৃত্য আৰু নাটকৰ দৰে বহুতো পৰিৱেশ্য কলাৰ সংমিশ্ৰণ ঘটিছে। ইয়াৰ উৎপত্তিস্থল সম্বন্ধে কোনো সঠিক প্ৰমাণ পোৱা হোৱা নাই যদিও থাই সাহিত্যৰ লিলিট ফ্ৰা লো (প্ৰায় ১৫২৯)ত ইয়াৰ বিষয়ে উল্লেখ আছে৷ উক্ত পুথিখন ৰজা নৰাই মহাৰাজৰ যুগৰ আগতে লিখা হৈছিল।[1]
ঐতিহাসিক তথ্যই প্ৰমাণ কৰিছে যে ইতিমধ্যেই থাইলেণ্ডৰ মঞ্চ নাটকৰ শিল্প ১৭ শতিকালৈকে যথেষ্ট বিকশিত হৈছিল। ১৬৮৭ চনত ফ্ৰান্সৰ চতুৰ্দশ লুইয়ে চিয়াম ৰাজ্যত দেখা সকলো কথা লিপিবদ্ধ কৰিবলৈ এজন কূটনীতিবিদ চাইমন ডি লা লুবেৰক পঠিয়াইছিল। লা লুবেৰে তেওঁৰ বিখ্যাত বিৱৰণীত ডু ৰ'য়াম ডি চিয়ামত চিয়ামৰ এই ক্লাছিক থিয়েটাৰ সযতনে পৰ্যবেক্ষণ কৰিছিল, য’ত খ’নৰ অভিনয়ৰ এটা মহাকাব্যিক যুদ্ধৰ দৃশ্যও আছিল৷ তেওঁ তাত দেখা কথাবোৰ অতি বিশদভাৱে লিপিবদ্ধ কৰিছিল:
চিয়ামীসকলৰ তিনি ধৰণৰ মঞ্চ নাটক আছে; যাক তেওঁলোকে খ’ন [khôn] বুলি কয়, সেয়া হৈছে ভায়লিন আৰু আন কিছুমান বাদ্যযন্ত্ৰৰ শব্দত “ফিগাৰ ডান্স’’। নৃত্যশিল্পীসকল মুখা পৰিধানকাৰী আৰু অস্ত্ৰধাৰী, আৰু তেওঁলোকে নৃত্যতকৈ যুদ্ধকহে বেছি প্ৰতিনিধিত্ব কৰে। পৰিৱেশনকালত যদিও প্ৰত্যেকেই উচ্চ গতি আৰু অতিৰিক্ত ভংগীমাত দৌৰি যায়, তথাপি তেওঁলোকে কোনোবা এটা শব্দৰ মাজত মিলি যোৱাটো স্থগিত নকৰে অৰ্থাৎ নৃত্যৰ মাজত সিঁচৰতি হৈ পৰিলেও সময়ে সময়ে আকৌ শৃংখলাৱদ্ধ হয়। শিল্পীসকলে পৰিধান কৰা বেছিভাগ মুখা জঘন্য আৰু এইবোৰে দানৱীয় জন্তু বা একপ্ৰকাৰৰ চয়তানক প্ৰতিনিধিত্ব কৰে। তেওঁলোকে লেকন বুলি কোৱা শ্ব’টো এপিক আৰু ড্ৰামাটিকৰ সৈতে মিশ্ৰিত এটা কবিতা, যিটো তিনিদিন ধৰি ৰাতিপুৱা আঠ বজাৰ পৰা ৰাতি সাত বজালৈকে চলে। পদ্যত ইতিহাস..... গুৰুত্বপূৰ্ণ..... আৰু সদায় উপস্থিত কেইবাজনো অভিনেতাই গোৱা..... আৰু যিবোৰে কেৱল পাৰস্পৰিকভাৱে গায়.... ৰাবাম হৈছে পুৰুষ-মহিলাৰ দ্বৈত নৃত্য, যি অৱশ্যে যুদ্ধৰ নহয়, কিন্তু সাহসী... নৃত্যৰ বাবে পৰস্পৰে কঠোৰভাৱে ইজনে সিজনক নধৰাকৈয়ে শ্ৰেণীৱদ্ধভাৱে তেওঁলোকে পৰিৱেশন কৰে, কাৰণ তেওঁলোকৰ নৃত্যৰ ধৰণটো এটা সাধাৰণ মাৰ্চ পাষ্টৰ দৰে, অতি লেহেমীয়া আৰু কোনো উচ্চ গতিবিহীন; কিন্তু শৰীৰ আৰু বাহুৰ বহুতো লাস্যময়ী ভংগীমা প্ৰদৰ্শন কৰে।[2]
ছিয়ামৰ খ’ন নৃত্যশিল্পীসকলৰ সাজ-পোছাকৰ বিষয়ে লা লুবেৰে লিপিবদ্ধ কৰিছে যে, "ৰাবামত নৃত্য কৰা নৃত্যশিল্পীসকলে, জাপিসঁজীয়া মেণ্ডেৰিনসকলৰ অনুষ্ঠানৰ টুপিৰ দৰে ওখ আৰু জোঙা সোণালী কাগজৰ টুপী পিন্ধে, কিন্তু সেইবোৰ কাণত কাষত ওলমি থাকে। কাণৰ তলত নকল শিলেৰে সজা আৰু সোণপানী চৰোৱা কাঠৰ দুটা লকেট থাকে।[2]
খ’ন নৃত্যৰ উৎপত্তিৰ “খ’ন’’ শব্দৰ উৎপত্তিৰ পৰাই হোৱা বুলি ক’ব পাৰি৷ '“খ’ন’’ শব্দৰ উৎপত্তিৰ বিষয়ে সঠিকভাৱে জনা নাযায় যদিও ইয়াৰ চাৰিটা আনুমানিক ধাৰণা আছে। প্ৰথমতে, বেংগুৱেলা কালিনিনত “খ’ন’’ বা “কোৰা’’ শব্দৰ পৰাই ইয়াৰ উৎপত্তি যেন লাগে, যি হিন্দী চামৰাৰে নিৰ্মিত এটা বাদ্যযন্ত্ৰৰ নাম। ইয়াৰ আকাৰ আৰু আকৃতি ঢোলৰ দৰেই। ই জনপ্ৰিয় আছিল আৰু স্থানীয় পৰম্পৰাগত অনুষ্ঠানত ইয়াক ব্যৱহাৰ কৰা হৈছিল। ধাৰণা কৰা হৈছে যে, কোৰাই খ’ন নৃত্য পৰিৱেশনত ব্যৱহৃত অন্যতম বাদ্যযন্ত্ৰ। আনহাতে, তামিল ভাষাত “খ’ন’’ শব্দ “কোল’’ শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ তামিল ভাষাত "গোল" বা "গোলমন"ৰ ওচৰ চপা। এই তামিল শব্দবোৰ খ’নৰ সাজ-পোছাকৰ দৰে মূৰৰ পৰা ভৰিলৈকে ঢাকি শৰীৰ সজাই পৰাই তোলাৰ সৈতে জড়িত। ইৰাণী ভাষাত “জুৰাত খান’’ শব্দৰ পৰা “খ’ন’’ শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে “হাতেৰ পুতলা’’ বা “পুতলা, যিবোৰ স্থানীয় অনুষ্ঠান পৰিৱেশনত ব্যৱহাৰ কৰা। ইয়াৰ গীতসমূহো বৰ্তমানৰ খ’নৰ দৰেই আছিল।[উদ্ধৃতিৰ প্ৰয়োজন]।
খ’নৰ চৰিত্ৰসমূহ দীৰ্ঘদিনীয়া পৰম্পৰাগত চৰিত্ৰৰ ওপৰত আধাৰিত দ্বাৰা। প্ৰধান চৰিত্ৰসমূহ হ’ল বীৰ, নায়িকা, ৰাক্ষস, বান্দৰ। খ’নত বান্দৰ কেইটামান গুৰুত্বপূৰ্ণ ভূমিকা মনকৰিবলগীয়া।[উদ্ধৃতিৰ প্ৰয়োজন] কাহিনীৰ আটাইতকৈ পৰিচিত বান্দৰ চৰিত্ৰবোৰ হৈছে বান্দৰ যোদ্ধা হনুমান।
আধুনিক খ’নত লাখ’ন নাইৰ পৰা বহুতো উপাদান পোৱা গৈছে আৰু আজিকালি, ইয়াত মহিলা চৰিত্ৰসমূহত অভিনয়ৰ বাবে মহিলা শিল্পীসকলো অন্তৰ্ভুক্ত কৰা হয়, পূৰ্বতে কৱেল পুৰুষে অভিনয় কৰিছিল।[3] ৰাক্ষস আৰু বান্দৰ চৰিত্ৰই মুখা পিন্ধিলেও, বেছিভাগ মানৱ চৰিত্ৰই মুখা নিপিন্ধা।[3]
খ’ন মহাকাব্য ৰামাকিয়েন (ভাৰতীয় হিন্দু মহাকাব্য ৰামায়ণৰ থাই অভিযোজন)ৰ কাহিনীৰ ওপৰত আধাৰিত,[4] কিয়নো থাই নাট্য আৰু সাহিত্য ভাৰতীয় কলা আৰু কিংবদন্তিৰ পৰা বহুতো প্ৰেৰণা লাভ কৰে। খ’ন ৰামাকিয়েন প্ৰথমে কেৱল পুৰুষেহে পৰিৱেশন কৰিব পাৰিছিল।[4] মহিলাসকলে কেৱল অপেশ্বৰী আৰু দেৱী হিচাপেহে অভিনয় কৰিছিল। আজিকালি নাৰীয়ে বান্দৰ আৰু অসুৰ হিচাপেও অভিনয় পৰিৱেশন কৰে। আগতে খ’ন কেৱল ৰাজ পৰিয়ালেহে কৰিছিল, ৰজাৰ পুত্ৰসকলে বান্দৰ আৰু অসুৰ হিচাপে পৰিৱেশন কৰিছিল। থাই খ’নে বাস্তৱসন্মত নৃত্যৰ আংগিকৰ ওপৰত গুৰুত্ব আৰোপ কৰে, বিশেষকৈ বান্দৰৰ নৃত্যত সৌন্দৰ্য্য আৰু বান্দৰৰ দৰে মিহি নৃত্যৰ ভংগীমাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। খ’ন নৃত্যৰ প্ৰশিক্ষণ অতি কম বয়সতে আৰম্ভ কৰা হয়, যাতে পৰিৱেশকজন বান্দৰৰ দৰে ওলোটাকৈ জঁপিয়াব পৰাকৈ নমনীয় শৰীৰৰ হয়, বিশেষকৈ বান্দৰ চৰিত্ৰবোৰৰ বাবে৷