![]() সৰুৰ পৰা ডাঙৰ আকাৰৰ তিনিপাট গগনা | |
সুৰাশ্ৰয়ী বাদ্য | |
---|---|
শ্ৰেণী | ভাৰতীয় সুৰাশ্ৰয়ী বাদ্য |
আনুষঙ্গিক বাদ্য | |
বাঁহী, ঢোল, তাল, |
গগনা অসমীয়া মানুহৰ এবিধ ফু দি বজোৱা সুৰাশ্ৰয়ী বাদ্যযন্ত্ৰ। অসমৰ বিহুগীত আৰু বিহুনৃত্যত গগনা বজোৱা হয়৷[1] ই এক বাঁহেৰে নিৰ্মিত জৱ'চ হাৰ্প। অসমৰ লোক-সংস্কৃতিত গগনাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। গগনাক ওঁঠেৰে চেপি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়। গগনাৰ মাত বৰ মিঠা আৰু মিহি। মিচিং ভাষাত গগনাক ‘গুংগাং’ বোলা হয়।
গগনাৰ ফ্ৰেমটো পৰিবেশকৰ বিভাজিত দাঁত বা ওঁঠৰ ওপৰত সুদৃঢ়ভাৱে ধৰি ৰখা হয়, ইয়াত মুখখনক অনুনাদক হিচাপে ব্যৱহাৰ কৰা হয়, যাৰ ফলত বাদ্যযন্ত্ৰৰ আয়তন বহু পৰিমাণে বৃদ্ধি পায়। দাঁতদুপাৰি যথেষ্ট বহলকৈ বিভাজিত কৰিব লাগে যাতে গগনাৰ নলখনে মুক্তভাৱে কম্পন সৃষ্টি কৰিব পাৰে, আৰু মুখৰ মাঙহাল অংশবোৰ নলৰ সংস্পৰ্শলৈ আহিব নালাগে যাতে কম্পনবোৰত সম্ভাৱ্য বাধাৰ সৃষ্টি কৰিব নোৱাৰে। এইদৰে উৎপন্ন হোৱা সুৰটো পিচত স্থিৰ হয় যদিও মুখৰ আকৃতি, আৰু ইয়াত থকা বায়ুৰ পৰিমাণ সলনি কৰি কৌশলগতভাৱে পৰিবেশকে বিভিন্ন সুৰ সৃষ্টি কৰিব পাৰে৷[2]
প্ৰাচীন চিত্ৰণ হিচাপে খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ চীনা ছবি আৰু চীনৰ ছানছিৰ শ্বিমাও দুৰ্গত আৱিষ্কাৰ হোৱা বক্ৰাকৃতিৰ হাড়বোৰেই জ হাৰ্পৰ অস্তিত্বৰ আটাইতকৈ প্ৰাচীন প্ৰমাণ বুলি বিশ্বাস কৰা হয়। সেই দিশেৰে গগনাৰ আদিম স্বৰূপটো ১৮০০ খ্ৰীষ্টপূৰ্বৰো আগৰ।[3][4]
অসমত বিভিন্ন প্ৰকাৰৰ গগনাৰ অস্তিত্ব পোৱা যায়। যেনেঃ বৰ গগনা, চুঙা গগনা, লাহৰী বা ৰূপহী গগনা, ৰামধন গগনা, শালিকী ঠুঁটিয়া গগনা আদি। অৱশ্যে বৰ্তমান বহুল ব্যৱহৃত গগনা দুই প্ৰকাৰৰ- গাভৰুৱে বজোৱা গগনা বিধক কোৱা হয় লাহৰী বা ৰূপহী গগনা আৰু ডেকাই বজোৱা বিধক কোৱা হয় ৰামধন গগনা[5]।
ৰামধন গগনা সাধাৰণতে পুৰুষে বজাই। সাধাৰণ মানুহৰ হাতত সঠিকভাৱে সোমাব পৰাকৈ ই লাহৰী গগনাতকৈ চুটি, বহল আৰু অলপ গধুৰ। এই বাদ্যযন্ত্ৰটো প্ৰায়ে পৰিবেশকৰ কঁকালত বান্ধি থোৱা টঙালিত বা বাঁহী, সুতুলি আদি আন বাদ্যযন্ত্ৰৰ দৰে মূৰত বান্ধি থোৱা গামোচাত গুজি লোৱা হয়।
মহিলাৰ হাতৰ সৈতে খাপ খোৱাকৈ তৈয়াৰ কৰা হয়, গতিকে ই ৰামধন গগনাতকৈ অলপ চিকন আৰু দীঘল। সাধাৰণতে বিহু নৃত্য পৰিৱেশন কৰাৰ সময়ত ইয়াক নাচনীৰ খোপাত গুজি থোৱা থাকে।
গগনা তিনি/চাৰি বছৰীয়া পকা জাতি বাঁহৰ পৰা চাঁচি উলিওৱা হয়[6]। শব্দৰ ভিন্নতাৰ বাবে ইয়াৰ আকাৰ ডাঙৰ-সৰু কৰা হয়। বাঁহৰ মিহিকৈ চাঁচিলোৱা চেপেটা গগনাৰ মাজ অংশত কঁপিব পৰাকৈ মিহি নল এডাল বনোৱা হয়, ইয়াক জিভা বুলি কোৱা হয় আৰু হাতেৰে কোবোৱা অংশক মেখেলা বোলে৷
লোক বিশ্বাস মতে মুখচোকা তিৰোতাৰ তাঁতশালৰ পৰা ‘ব’ তোলা চুঙা চুৰ কৰি আনি গগনা সাজিলে তাৰ মাত ভাল হয়। যিমানে তিৰোতা গৰাকীয়ে গালি পাৰে সিমানে হেনো গগনাৰ মাত ওলায়।
চাইবেৰিয়াৰ ধাতুৰে নিৰ্মিত জৱ'চ হাৰ্প পৰিয়ালৰ ভিতৰত ভাৰতবৰ্ষত প্ৰচলিত নাম মৰচেং, ইয়াৰে অসমত গগনা বা অন্যান্য জনজাতিৰ নিজাকৈ থকা নামৰ উপৰি ফিলিপাইনত আছে 'কুবিং', ইণ্ডোনেচিয়াৰ 'কাৰিণ্ডিং', চীনৰ 'খউ চিয়াং' আৰু জাপানৰ 'মুক্কুৰি', ৰাছিয়াত 'ভাৰগান', হাংগেৰীত 'মুনহাৰপা', জাৰ্মানীত 'মউল্টট্ৰমেল', ফ্ৰান্সত 'গুইম বাৰদে' ইত্যাদি উল্লেখযোগ্য।
জৱ'চ হাৰ্প হৈছে এক লেমেলোফোন বাদ্য। এই বাদ্যবিধ এটা ফ্ৰেমত সংলগ্ন নমনীয় ধাতু বা বাঁহৰ জিভা বা নলৰে গঠিত। গগনাও একপ্ৰকাৰৰ বাঁহেৰে নিৰ্মিত জ হাৰ্প। কথিত নামৰ বিপৰীতে এই বাদ্যৰ উৎপত্তি সম্ভৱতঃ চাইবেৰিয়াত, বিশেষকৈ আলটাই পৰ্বতমালাত বা ইয়াৰ আশে-পাশে আৰু ইহুদী জনসাধাৰণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।[7]
কুবিং হৈছে ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াৰ মাগুইণ্ডানান আৰু অন্যান্য মুছলমান আৰু অমুছলমান জনগোষ্ঠীৰ মাজত প্ৰচলিত বাঁহৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ ফিলিপাইনছৰ জৱ'চ হাৰ্প। ইয়াক কোবিং, কলিবাউ [8] আৰোডিং,[9] কুলাইং ইত্যাদি বিভিন্ন নামেৰে জনা যায়। তাল পাতৰে তৈয়াৰীবোৰক কৰিণ্টা (মুনানিজ), অ'ৰে-অ'ৰে ম্বণ্ডো বা অ'ৰ অ'ৰে ঙকালে বোলা হয়।[10]
পৰম্পৰাগতভাৱে কুবিংক এক অন্তৰংগতা প্ৰকাশক বাদ্যযন্ত্ৰ বুলি গণ্য কৰা হয়, সাধাৰণতে পৰিয়াল বা আপোনজনৰ মাজত ঘনিষ্ঠভাৱে যোগাযোগ হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। পুৰুষ মহিলা উভয়েই এই বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে।[11]
কাৰিণ্ডিং হৈছে ইণ্ডোনেছিয়াৰ পশ্চিম জাভাৰ চুণ্ডানীজ পৰম্পৰাগত বাদ্যযন্ত্ৰ। ই জ হাৰ্পৰ সৈতে মিল থকা আৰু সাধাৰণতে বাঁহ আৰু তাল পাতৰ মধ্যশিৰাৰ পৰা তৈয়াৰ কৰা হয়। তাল পাতৰ মধ্যশিৰাৰ পৰা তৈয়াৰী কাৰিণ্ডিং পৰম্পৰাগতভাৱে পুৰুষে ব্যৱহাৰ কৰে আৰু বাঁহৰ বাদ্যবিধ মহিলাই ব্যৱহাৰ কৰে।
প্ৰথম অৱস্থাত পূৰ্বপুৰুষসকলে ধাননি পথাৰত কীট-পতংগৰ অনিষ্ট সাধিবলৈ এই বাদ্য ব্যৱহাৰ কৰিছিল, কাৰণ কাৰিণ্ডিঙৰ পৰা নিৰ্গত হোৱা কম ডেচিবেল যুক্ত শব্দই পোক-পৰুৱাৰ শ্ৰৱণ ক্ষমতাত ব্যাঘাত জন্মাব পাৰে।[12]
হমং জনগোষ্ঠীৰ জ হাৰ্পৰ পৰা উদ্ভৱ হোৱা[13] দন মই হৈছে ভিয়েটনামৰ সংখ্যালঘু জনগোষ্ঠীসমূহে বহুলভাৱে ব্যৱহাৰ কৰা পৰম্পৰাগত বাদ্যযন্ত্ৰ। ইয়াক ভিয়েটনামী ভাষাত "ৰং লেহ" বুলিও কোৱা হয়[14]। এই বাদ্যবিধ ভিতৰলৈ অভিমুখী।[15] দন মই, বজাই থকাৰ সময়ত দাঁতৰ ওপৰত ধৰি ৰখাতকৈ, গগনাৰ দৰে ওঁঠতহে ধৰি ৰখা হয়।
![]() |
ৱিকিমিডিয়া কমন্সত গগণা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |