গঙাচিলনী | |
---|---|
![]() | |
In breeding plumage | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Charadriiformes |
পৰিয়াল: | Sternidae |
গণ: | Sterna |
প্ৰজাতি: | S. aurantia |
বৈজ্ঞানিক নাম | |
Sterna aurantia Gray,JE, 1831 |
গঙাচিলনী (ইংৰাজী: Indian River Tern, বৈজ্ঞানিক নাম-Sterna aurantia) এবিধ মজলীয়া আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি।
গঙাচিলনী দেহৰ দৈৰ্ঘ্য ৩৮-৪৩ ছে: মি:। এই চৰাইবিধৰ দেহৰ ওপৰৰ অংশ গাঢ় মুগা বৰণীয়া, পেট আৰু বুকু বগা আৰু নেজডাল খাঁজকটা (forked) হয়। ইয়াৰ পাখি দুখনৰ আগ দুটা জোঙা। গঙাচিলনীৰ ঠোঁট হালধীয়া আৰু ঠেং ৰঙা হয়। প্ৰজননৰ সময়ত ইয়াৰ মূৰত এটা ক'লা ৰঙৰ টুপীৰ দৰে অংশৰ সৃষ্টি হয়। অন্যসময়ত অৰ্থাৎ শীতকালি এই অংশৰ বৰণ মুগা হৈ থাকে। মতা আৰু মাইকী উভয়ে দেখাত প্ৰায় একে হয়।
এই চৰাইবিধ পূবে ইৰাণৰ পৰা ভাৰত উপমহাদেশ, ম্যানমাৰ, থাইলেণ্ড পৰ্যন্ত বিস্তৃত হৈ আছে।
গঙাচিলনী ঘাইকৈ নদ-নদীৰ আশে-পাশে দেখা পোৱা যায়।
![]() | এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
গঙাচিলনীয়ে মাছ, কেকোঁৰা, ভেঁকুলী আৰু জলজ পোক-পতংগ আদি খাই জীয়াই থাকে।
এই চৰাইবিধে মাৰ্চৰ পৰা মে মাহলৈ প্ৰজনন কৰে। ইহঁতে সাধাৰণতে জাকপাতি বাস কৰে আৰু ওচৰা-উচৰিকৈ বাহ সাজে। গঙাচিলনীয়ে নদীৰ পাৰৰ বালিচৰত লুকুৱাই বাহ সাজে। এবাৰত সাধাৰণতে তিনিটা সেউজীয়া-মুগা কণী পাৰে।
![]() |
ৱিকিমিডিয়া কমন্সত Sterna aurantia সম্পৰ্কীয় মিডিয়া ফাইল আছে। |