![]() | |
সম্পূৰ্ণ নাম | গটফ্ৰিড উইলহেল্ম লেইবনিজ |
---|---|
জন্ম | ১ জুলাই (পুৰণা পদ্ধতিমতে ২১ জুন) ১৬৪৬ লিফজিগ, ছাক্সনিৰ, জাৰ্মানি |
মৃত্যু | ১৪ নৱেম্বৰ, ১৭১৬ হানোফাৰ, জাৰ্মানি |
যুগ | সপ্তদশ/অষ্টদশ শতাব্দীৰ দৰ্শন |
অঞ্চল | পাশ্চাত্য দৰ্শন |
আগ্ৰহ | অধিবিদ্যা, গণিত, |
উল্লেখযোগ্য কৰ্ম | Infinitesimal calculus, কেলকুলাছ, Monadology, Theodicy, Optimism |
প্ৰভাৱিত কৰে | |
স্বাক্ষৰ | ![]() |
গটফ্ৰিড উইলহেল্ম লেইবনিজ (ইংৰাজী: Gottfried Wilhelm (Von) Leibniz) এজন জাৰ্মান দাৰ্শনিক আৰু গণিতজ্ঞ।[1] কেলকুলাছৰ আৱিষ্কাৰক হিচাপে তেখেতক সন্মান জনোৱা হয়। তেওঁৰ ব্যৱহৃত কেলকুলাছৰ অংকপাতন পদ্ধতি বা নোটেশ্বনসমূহ বৰ্তমানেও ব্যৱহাৰ কৰা হয়। আধুনিক কম্পিউটাৰৰ মূল আধাৰ দ্বৈত পদ্ধতি তেওঁৰ উদ্ভাৱন। পদাৰ্থবিজ্ঞান, জীৱবিজ্ঞান, সম্ভাৱনা তত্ত্ব, তথ্য বিজ্ঞান আদিত তেওঁৰ ব্যাপক অৱদান আছে।
১৬৪৬ চনৰ ১ জুলাইত ছাক্সনিৰ লিফজিগত গটফ্ৰিড লেইবনিজৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল ফ্ৰেডৰিক লেইবনিজ আৰু মাকৰ নাম কেথেৰিণা স্কমুক। তেওঁৰ দেউতাক লিপজিগ বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক আছিল। [2] লেইবনিজক ৩ জুলাইত লাইপজিগৰ ছেণ্ট নিকলাচ গীৰ্জাত অভিসিঞ্চিত কৰা হয়। তেওঁৰ ধৰ্মপিতা আছিল লুথেৰান ধৰ্মতত্ত্ববিদ মাৰ্টিন গেইয়াৰ।[3] লেইবনিজৰ মাথোঁ ছবছৰ বয়সতে তেওঁৰ পিতৃৰ মৃত্যু হয় আৰু তাৰ পিছত তেওঁৰ মাতৃয়ে তেওঁক লালন-পালন কৰে৷[4]
হাইজিনছক গুৰু হিচাপে লৈ লেইবনিজে গণিত আৰু পদাৰ্থবিজ্ঞানৰ এই দুই শাখাত নিজে পঢ়িবলৈ ল'লে আৰু কলন গতিৰ আৱিষ্কাৰৰ দিশতো নিজা কাম-কাছ আৰম্ভ কৰিলে। ১৬৭৩ চনত তেওঁ ইংলেণ্ডলৈ আহে। তাত তেওঁ হেনৰী অল্ডনবাৰ্গ আৰুজন কলিন্সৰ সান্নিধল্যৈ আহ। লংণ্ডণৰ ৰয়েল ছ'চাইটিৰ সন্মুখত তেওঁ নিজেই ডিজাইন কৰি সজা এটি কেলকুলেটিং মেচিন প্ৰদৰ্শন কৰে। মেচিনটোৱে যাোগ, বিয়োগ, পূৰণ আৰু হৰণ - এই আটাইকেইটা প্ৰাথমিক ক্ৰিয়া কৰিবলৈ সক্ষম আছিল। লেইবনিজে কলণ গণিত সম্পৰ্কত গুৰুত্বপূৰ্ণ কাম-কাজ আৰম্ভ কৰিছিল ১৬৭৪ চনত। কল গণিতৰ 'লেইবনিজৰ সূত্ৰ', 'লেইবনিজৰ অনুকূলন সূত্ৰ' আদিও তেৱেঁই উলিয়াইছিল। পাস্কেলৰ কেলকুলেটৰক তেওঁ পূৰণ হৰণ প্ৰক্ৰিয়া কৰিব পৰাকৈ বিকাশ কৰিছিল। ১৬৯৫ চনত তেওঁ পিনহুইল কেলকুলেটৰ নামৰ এক নতুধ প্ৰকাৰৰ কেলকুলেটৰৰ বিষয়ে জানিবলৈ দিছিল আৰু লেইবনিজ হুইল আৱিষ্কাৰ কৰিছিল। [12]