গণেশ গগৈ | |
---|---|
জন্ম | ডিচেম্বৰ ২৮, ১৯০৭ অসম, ভাৰত |
মৃত্যু | আগষ্ট ২১, ১৯৩৮ |
পেচা | লেখক, কবি আৰু অভিনেতা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ধৰণ | অসমীয়া কাব্য সাহিত্য |
গণেশ গগৈ (ইংৰাজী: Ganesh Gogoi; ১৯০৭- ১৯৩৮) অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি হিচাপে খ্যাত হোৱাৰ উপৰিও[1], তেখেতক এজন সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ হিচাপেও জনা যায়। তেখেতৰ ১৯৩৪ চনত প্ৰকাশ পোৱা ‘পাপৰি’ নামৰ তেখেতৰ কবিতাৰ কিতাপখনে অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰা আৰম্ভ কৰিছিল। এই কিতাপখনৰ পৰিপ্ৰেক্ষিততেই তেখেতক পাপৰি কবি উপাধি প্ৰদান কৰা হৈছিল।
গণেশ গগৈৰ ১৯০৭ চনৰ ২৮ ডিচেম্বৰত যোৰহাটত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম কনক চন্দ্ৰ গগৈ আছিল[2]। গণেশ গগৈয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা মেট্ৰিকুলেচনত ঊত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত নাম লগায়। অবিভক্ত লখিমপুৰ জিলাৰ প্ৰথম গ্ৰেজুৱেট আছিল। ১৯২৭ চনত কলিকতালৈ গৈ ৰিপন কলেজত নাম লগোৱাৰ পিছত বন্ধু আনন্দ চন্দ্ৰ বৰুৱাৰ অনুৰোধত বেনাৰচ হিন্দু কলেজলৈ যায়। কিন্তু পঢ়া সাং নকৰি ঘৰলৈ আহি সাহিত্য চৰ্চাত মনপুতি লাগে। ১৯৩৮ চনৰ ২১ আগষ্টত মাথোঁ ৩০ বছৰ বয়সতে তেখেতৰ মৃত্যু ঘটে।
বিংশ শতিকাৰ প্ৰথম ভাগত কলিকতাত হোৱা সাংস্কৃতিক জাগৰণে তেখেতক অসমতো এক নাট্য আন্দোলন কৰিবলৈ অনুপ্ৰেৰণা যোগায়। তেখেতে আনন্দ চন্দ্ৰ বৰুৱাৰ লগ লাগি যোৰহাটত "বাণী সন্মিলন" প্ৰতিষ্ঠা কৰে। তাৰ উপৰিও তেখেতে কেইবাখনো চুটি নাট লিখি গ্ৰামফোন ৰেকৰ্ড উলিয়াইছিল।
১৯২৯ চনত তেখেতে "যোৰহাট থিয়েটাৰ"ত যোগ দি অভিনয় কৰা আৰম্ভ কৰে। এই সময়ছোৱাতে তেখেতে কেইবাখনো নাটক আৰু চুটি নাট লিখি উলিয়ায়। "যোৰহাট থিয়েটাৰ"ত মঞ্চস্থ কৰা গণেশ গগৈৰ কেইখনমান নাটক হ’ল:
সংগীতৰ জগততো খোজ পেলোৱা গণেশ গগৈৰ যুগজয়ী গীতবোৰ বিভিন্ন আলোচনী যেন বাঁহী, আৱাহন, ঘৰ-জেউতি, দৈনিক বাতৰি ন-জোন আদিত প্ৰকাশ পাইছিল আৰু পিছলৈ ‘ৰূপজ্যোতি’ নামৰ কিতাপ আকাৰে প্ৰকাশ পায়। তেখেতৰ গীতিমালা নামৰ গ্ৰন্থখনত এই গানবোৰ লিপিবদ্ধ কৰা হৈছিল।
ৱিকিউৎসত গণেশ গগৈৰ দ্বাৰা লিখা মূল পাঠ্য আছে। |