গল্ড-ডিগিং এণ্ট (ইংৰাজী: gold-digging ant) অৰ্থাৎ “সোণ খন্দা পৰুৱা” ধ্ৰুপদী আৰু মধ্যযুগীয় পশু-পক্ষী সম্পৰ্কীয় লেখাত বৰ্ণনা কৰা এবিধ কিংবদন্তিমূলক পতংগ। কুকুৰ বা শিয়ালৰ আকাৰৰ এই পৰুৱাবোৰে বালিচহীয়া ঠাইত সোণৰ খনন কৰিছিল। ফিজিঅ'লগাছৰ (Physiologus) কিছুমান সংস্কৰণত ইহঁত ইথিওপিয়াৰ পৰা অহা বুলি কোৱা হৈছে, আনহাতে হেৰ'ড'টাছে এইবোৰ ভাৰতত পোৱা গৈছিল বুলি দাবী কৰিছিল।[1]
হিৰ'ড'টাছৰ হিষ্ট্ৰীজ নামৰ গ্ৰন্থত লেখকে উল্লেখ কৰিছে যে পাৰ্চী সাম্ৰাজ্যৰ সুদূৰ পূবৰ এখন ভাৰতীয় প্ৰদেশত শিয়ালৰ সমান ডাঙৰ এবিধ নোমাল "পৰুৱা"ৰ প্ৰজাতি বাস কৰে। তেওঁ উল্লেখ কৰা মতে বালিচহীয়া মৰুভূমি সদৃশ এই অঞ্চলটোত থকা বালিত ধূলিৰ দৰে সোণৰ মিহি দানা আছিল। হিৰ'ড'টাছৰ মতে এই বিশাল পৰুৱাবোৰে নিজৰ হাঁফলু আৰু সুৰংগ খান্দোতে প্ৰায়ে এই সোণৰ ধূলিবোৰ উলিয়াইছিল আৰু তেতিয়া এই প্ৰদেশত বাস কৰা লোকসকলে সেই বহুমূলীয়া ধূলি সংগ্ৰহ কৰিছিল।
ফৰাচী নৃতাত্ত্বিক মিচেল পেইচেলৰ মতে পাকিস্তানৰ গিলগিট–বাল্টিস্তান প্ৰদেশৰ দেওছাই মালভূমিত পোৱা এন্দুৰজাতীয় এবিধ প্ৰাণীকে (Himalayan marmot) হয়তো হিৰ'ড'টাছে দৈত্যকায় "পৰুৱা" বুলি কৈছিল। হিৰ’ড’টাছে বৰ্ণনা কৰা প্ৰদেশখনৰ দৰেই দেওছাই মালভূমিৰ মাটিও সোণৰ ধূলিৰে চহকী। পেইচেলে দেওছাই মালভূমিত বাস কৰা মিনাৰো জনজাতীয় লোকসকলৰ সাক্ষাৎকাৰ লৈছিল আৰু তেওঁলোকে নিশ্চিত কৰিছে যে তেওঁলোকে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি, এন্দুৰবোৰে গাঁত খান্দিলে ওপৰত জমা কৰা মাটিৰ পৰা সোণৰ ধূলি সংগ্ৰহ কৰি আহিছিল। প্ৰাচীন বিশ্বত এই কাহিনীটো ব্যাপকভাৱে প্ৰচলিত আছিল আৰু পৰৱৰ্তী সময়ত প্লিনি দ্য এল্ডাৰৰ দৰে লেখকে তেওঁৰ নেচাৰেলিছ হিষ্ট’ৰিয়াৰ সোণ খনন শিতানত এই কাহিনীৰ কথা উল্লেখ কৰিছিল।
পেইচেলে তেওঁৰ গ্ৰন্থ “দ্য এণ্টছ গোল্ড: দ্য ডিস্কভাৰী অৱ দ্য গ্ৰীক এল ড’ৰাডো ইন দ্য হিমালয়”ত কৈছে যে হিৰ'ড'টাছে হয়তো পুৰণি পাৰ্চী শব্দ "মাৰ্মট" (marmot) শব্দটোক "পাহাৰীয়া পৰুৱা"ৰ শব্দটোৰ সৈতে বিভ্ৰান্ত কৰিছিল কাৰণ তেওঁ সম্ভৱতঃ কোনো পাৰ্চী ভাষা নাজানিছিল আৰু সেয়েহে পাৰ্চী সাম্ৰাজ্যত ভ্ৰমণ কৰাৰ সময়ত স্থানীয় অনুবাদকৰ ওপৰত নিৰ্ভৰ কৰিছিল। হিৰ'ড'টাছে সোণ খন্দা "পৰুৱা" নিজে দেখা বুলি দাবী কৰা নাছিল; তেওঁ কয় যে তেওঁ কেৱল আন ভ্ৰমণকাৰীসকলে তেওঁক কোৱা কথাখিনিহে উল্লেখ কৰিছিল।[2][3]