গিলগামেশৰ মহাকাব্য এখন মেছ’পটেমিয়াৰ মহাকাব্য। খ্ৰীষ্টপূৰ্ব ২১০০ চনৰ আশে-পাশে ইয়াৰ ৰচনা কৰা হৈছিল। ইয়াক প্ৰায়ে আটাইতকৈ পুৰণি সাহিত্যিক গ্ৰন্থ বুলি গণ্য কৰা হয়।
গিলগামেশৰ কাহিনী প্ৰথমে পাঁচটা চুমেৰিয়ান কবিতাৰে আৰম্ভ হয় যিবোৰ উৰুকৰ ৰজা বিলগামেশ (গিলগামেশৰ চুমেৰিয়ান নাম)ৰ ওপৰত আধাৰিত। পাছলৈ পাঁচটা পৃথক কবিতাৰ আধাৰত এখন মহাকাব্য ৰচনা কৰা হয়। "পুৰণি বেবিলনীয়" সংস্কৰণ নামেৰে জনাজাত এই মহাকাব্যৰ আটাইতকৈ প্ৰাচীন জীৱিত সংস্কৰণ খ্ৰীষ্টপূৰ্ব অষ্টাদশ শতিকাৰ। বৰ্তমান ইয়াৰ কেইখনমান ফলকহে জীয়াই আছে। পৰৱৰ্তী সংস্কৰণ খ্ৰীষ্টপূৰ্ব ত্ৰয়োদশ শতিকাৰ পৰা দশম শতিকাৰ। এই সংস্কৰণৰ ১২টা টেবলেটৰ দুই তৃতীয়াংশ উদ্ধাৰ কৰা হৈছে। খ্ৰীষ্টপূৰ্ব সপ্তম শতিকাত অচূৰ ৰজা আছুৰবানিপালৰ পুথিভঁৰালৰ ধ্বংসাৱশেষত কিছুমান উত্তম প্ৰতিলিপি পোৱা গৈছিল।
থিয়ডৰ জিলকোভস্কিয়ে তেওঁৰ গ্ৰন্থ “গিলগামেশ এমং আচ: মডাৰ্ণ এনকাউণ্টাৰচ উইথ দা এন্সিয়েণ্ট এপিক” (২০১১)ত উল্লেখ কৰা ধৰণে গিলগামেশৰ মহাকাব্যই বহু সাহিত্যিক, কলাত্মক আৰু সংগীত সৃষ্টিৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিছে।[1][2] প্ৰথম বিশ্বযুদ্ধৰ পিছত গিলগামেশৰ মহাকাব্যই উল্লেখযোগ্য পাঠক সংখ্যা লাভ কৰে আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা ইয়াক বিভিন্ন সংবাদ মাধ্যমত উপস্থাপন কৰা হয়।[2]