গিৰিজা দেৱী | |
---|---|
ভূপালৰ ভাৰত ভৱনত গিৰিজা দেৱী | |
প্ৰাথমিক তথ্য | |
জন্ম | ৮ মে', ১৯২৯ বেনাৰছ, ইউনাইটেড প্ৰভিন্স, ব্ৰিটিছ ইণ্ডিয়া (বৰ্তমান বাৰাণসী, উত্তৰ প্ৰদেশ) |
মৃত্যু | ২৪ অক্টোবৰ ২০১৭ (৮৮ বছৰ) |
সংগীতৰ প্ৰকাৰ | থুমৰী,খেয়াল, তাপ্পা |
কাৰ্যকাল | ১৯৪৯-২০১৭ |
গিৰিজা দেৱী (৮ মে' ১৯২৯ – ২৪ অক্টোবৰ ২০১৭) এগৰাকী বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ চেনিয়া আৰু বেনাৰছ ঘৰণাৰ শিল্পী আছিল। তেওঁ শাস্ত্ৰীয় আৰু উপ-শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান কৰিছিল। শাস্ত্ৰীয় সংগীৰ এটি ভাগ থুমৰী সংগীতৰ লোকপ্ৰিয়কৰণত তেওঁৰ অপৰিসীম অৱদান আগবঢ়াইছিল। সেয়ে তেওঁক থুমৰীৰ ৰাণী উপমাৰে বিভূষিত কৰা হৈছে। শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ২০১৬ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ বঁটা প্ৰদান কৰে।
২০১৭ চনৰ ২৪ অক্টোবৰৰ নিশা কলকাতাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
১৯২৯ চনৰ ৮ মে তাৰিখে ব্ৰিটিছ ইণ্ডিয়াৰ অন্তৰ্গত ইউনাইটেড প্ৰভিন্সৰ বেনাৰছত তেওঁৰ জন্ম হৈছিল। বৰ্তমান এই ঠাই উত্তৰ প্ৰদেশৰ বাৰাণসী বুলি জনা যায়। তেওঁৰ পিতৃ ৰামদেও ৰায় এজন জমিনদাৰ আছিল।[1] তেওঁৰ পিতৃয়ে হাৰমনিয়াম বজাইছিল আৰু সংগীতৰ শিক্ষা প্ৰদান কৰিছিল। গিৰিজায়ে পাঁচ বছৰ বয়সৰে পৰা বিখ্যাত শাস্ত্ৰীয় সংগীত শিল্পী আৰু সাৰেংগী বাদক সৰজু প্ৰসাদ মিশ্ৰৰ ওচৰত খেয়াল আৰু তাপ্পা শিকিছিল।[2] মাত্ৰ ন বছৰ বয়সতে তেওঁ "য়াদ ৰহে" বোলছবিত অভিনয় কৰিব সুযোগ পাইছিল। তাৰ পিছত তেওঁ শ্ৰী চান্দ মিশ্ৰৰ ওচৰত বিভিন্ন শৈলীৰ সংগীতৰ শিক্ষা গ্ৰহণ কৰে।[2]
গিৰিজা দেৱীয়ে ১৯৪৯ চনত আকাশবাণী এলাহাবাদত অনুষ্ঠান পৰিবেশন কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল। ১৯৪৬ চনত এজন ব্যৱসায়ীৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত ৰাজহুৱা অনুষ্ঠানত পৰিবেশন নকৰিবলৈ তেওঁ মাক আৰু আইতাকৰ পৰা বাধাৰ সন্মুখীন হৈছিল। সেই সময়ত পাৰম্পৰিক নীতি মতে উচ্চ বৰ্ণৰ মহিলা সলকে ৰাজহুৱাকৈ অনুষ্ঠান পৰিবেশন কৰাত নিষেধ আছিল।[1][2][3] গিৰিজায়ে এই নীতি মানি ললে যদিও পিছলৈ ১৯৫১ চনত বিহাৰত প্ৰথম ৰাজহুৱা অনুষ্ঠানত পৰিবেশন কৰিলে।[2] তেওঁ ১৯৬০ৰ দশকলৈ শ্ৰী চান্দ মিশ্ৰৰ মৃত্যুৰ লৈকে গিৰিজায়ে তেওঁৰ ওচৰত শিক্ষা লাভ কৰি আছিল। তাৰ পিছত ১৯৮০ৰ দশকত তেওঁ কলকাতাৰ আইটিচি সংগীত গৱেষণা প্ৰতিষ্ঠানত অধ্যাপক হিচাপে যোগ দিয়ে। ১৯৯০ৰ দশকৰ আৰম্ভণিত তেওঁ বানাৰছ হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয়।[2] তেওঁ প্ৰায়ে দেশ বিদেশ ভ্ৰমণ কৰি নিজৰ কলা প্ৰদৰ্শন কৰে।[2][4]
গিৰিজা হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ বানাৰছ ঘৰণাৰ অন্তৰ্ভুক্ত। তেওঁ মূলতঃ পুৰৱী অংগ থুমৰী শৈলীৰ বাবে বিখ্যাত।[3][5] তেওঁ উপ শাস্ত্ৰীয় সংগীতৰ কাজৰী,চাইটি আৰু হোলীৰ লগতে খেয়াল, তাপ্পা আৰু ভাৰতীয় লোক সংগীতৰ পাৰদৰ্শী আছিল।[3][6] তেওঁ শাস্ত্ৰীয় সংগীতৰ লগতে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোক সংগীতৰ বিদগ্ধ পণ্ডিত আছিল।[2]
গিৰিজা দেৱীক থুমৰীৰ ৰাণী বুলি বিভূষিত কৰা হৈছে।
২০১৭ চনৰ ২৪ অক্টোবৰৰ নিশা কলকাতাৰ এখন চিকিৎসালয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ৮৮ বছৰ বয়সত গিৰিজা দেৱীয়ে শেষ নিশ্বাস ত্যাগ কৰে।