গুলমাৰ্গ | |
---|---|
![]() গুলমাৰ্গৰ দৃশ্য | |
![]() | |
জিলা | বাৰামুলা জিলা |
কেন্দ্ৰীয় শাসিত অঞ্চল | জম্মু আৰু কাশ্মীৰ |
দেশ | ![]() |
জনসংখ্যা (২০১১) | |
• মুঠ |
১৯৬৫ |
গুলমাৰ্গ (ইংৰাজী: Gulmarg) ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰত থকা এটা পাহাৰীয়া অঞ্চল। ইয়াৰ মূল নাম আছিল গৌৰীমাৰ্গ (Gaurimarg)। ১৬শ শতাব্দীত ইউচুফ শ্বাহে ইয়াৰ নাম সলাই গুলমাৰ্গ কৰে।[1][2][3] ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে এই অঞ্চলটোক ভূ-স্বৰ্গ বোলা হয়। ভাৰতৰ প্ৰমুখ্য পৰ্যটন স্থলীসমূহৰ ভিতৰত গুলমাৰ্গ অন্যতম। গুলমাৰ্গ ফুলৰ প্ৰদেশ নামেৰে জনাজাত, ই বাৰামুলা জিলাত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰপৰা ২,৭৩০ মিটাৰ উচ্চতাত অৱস্থিত গুলমাৰ্গলৈ শীতকালি পৃথিৱীৰ বিভিন্ন ঠাইৰপৰা বৃহৎ সংখ্যক পৰ্যটক আহে।[4][5][6][7]
ইংৰাজসকলে তেওঁলোকৰ শাসনকালত ১৯২৭ চনত গুলমাৰ্গ স্থাপন কৰিছিল। গুলমাৰ্গৰ পুৰণি নাম গৌৰীমাৰ্গ (দেৱী অহা-যোৱা পথ) আছিল। ১৬শ শতিকাত চুলতান ইউচুফ শ্বাহে ইয়াৰ নাম সলাই গুলমাৰ্গ ৰাখে। আজি গুলমাৰ্গ কেৱল এটা পাহাৰীয়া অঞ্চলেই নহয়, বৰঞ্চ পৃথিৱীৰ সকলোতকৈ ডাঙৰ গ'ল্ফ ক'ৰ্চ আৰু দেশৰ মুখ্য 'স্কী ৰিজ'ৰ্ট'খন গুলমাৰ্গত আছে।
পৃথিৱীৰ সকলোতকৈ ডাঙৰ আৰু সেউজীয়া গ'ল্ফ ক'ৰ্চটোৱেই হ'ল গুলমাৰ্গৰ গ'ল্ফ ক'ৰ্চ। ইংৰাজসকল ইয়াত অৱসৰৰ সময় উপভোগ কৰিবলৈ আহিছিল। তেওঁলোকেই গ'ল্ফ ভালপোৱা লোকসকলৰ বাবে ১৯০৪ চনত ইয়াত গ'ল্ফ কৰ্চ স্থাপন কৰে। বৰ্তামান জম্মু আৰু কাশ্মীৰ পৰ্যটন বিভাগে ইয়াৰ চোৱা-চিতা কৰে।
চিএনএনৰ মতে গুলমাৰ্গ হৈছে বিশ্বৰ সপ্তমটো শ্ৰেষ্ঠ স্কীইং ৰিজ'ৰ্ট।[8][9] ডিচেম্বৰ মাহত বৰফ পৰাৰ পাছত ইয়ালৈ বৃহৎ সংখ্যক পৰ্যটকৰ আগমণ ঘটে। ইয়াত স্কীইং কৰিবলৈ এঢলীয়া ঠাইত স্কীইং কৰাৰ অভিজ্ঞতা থাকিব লাগে। নতুনকৈ স্কী শিকা সকলৰ বাবেও ইয়াত সুবিধা আৰু অভিজ্ঞ প্ৰশিক্ষক আছে।
খিলন মাৰ্গ হ'ল গুলমাৰ্গত থকা এডোখৰ ধুনীয়া ঠাই। ইয়াত ২১ বিধতকৈও অধিক প্ৰজাতিৰ বনৰীয়া ফুল পোৱা যায়। খিলন মাৰ্গৰপৰা বৰফেৰে ঢাক খাই থকা হিমালয় আৰু কাশ্মীৰৰ সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰি।
চিৰ আৰু দেৱদাৰু গছেৰে ঘেৰা এই সৰোবৰটো অফৰবাত শিখৰৰ তলত অৱস্থিত। জুন মাহৰ মাজভাগলৈকে এই সৰোবৰৰ পানী বৰফ হৈ থাকে।
গুলমাৰ্গ, জম্মু আৰু কাশ্মীৰৰ নিকট বিমানবন্দৰটো হ'ল শ্ৰীনগৰ বিমানবন্দৰ। শ্ৰীনগৰ বিমানবন্দৰ দেশৰ সকলো মুখ্য নগৰৰ সৈতে সংযুক্ত। দিল্লীৰপৰা ইয়ালৈ নিয়মিত অহা-যোৱা চলে।
গুলমাৰ্গৰ নিকটতম ৰেলৱে ষ্টেচনটো হ'ল জম্মু, ইয়ালৈ দেশৰ বিভিন্ন প্ৰান্তৰপৰা ৰেল চলে। এতিয়া নিকটতম ৰেলৱে ষ্টেচনটো হৈছে শ্ৰীনগৰ; যিটো সোনকালেই জম্মুৰ সৈতে যোগ কৰা হ'ব আৰু তাৰ পিছতেই দেশৰ অন্য নগৰবোৰৰ সৈতে যোগাযোগ সুচল হ'ব।
গুলমাৰ্গলৈ শ্ৰীনগৰৰপৰা পথেৰে যাব পাৰি। দেশৰ অন্যান্য ঠাইৰপৰা শ্ৰীনগৰলৈ বাছ চলে।