|
---|
শিখ গুৰু |
নানক দেৱ • অঙ্গদ দেৱ • অমৰ দাস • ৰাম দাস • অৰ্জন দেৱ • হৰ গোবিন্দ • হৰ ৰাই • হৰ কিষান • টেগ বাহাদুৰ • গোবিন্দ সিংহ • গ্ৰন্থ চাহিব • |
দৰ্শন |
বিশ্বাস আৰু নীতিসমূহ • অন্তৰ্নিহিত মূল্যবোধ • নিষেধসমূহ • কাৰ্যপদ্ধতি |
প্ৰথাসমূহ |
অৰ্দাচ • অমৃত সংস্কাৰ • চৰদি কলা •
দশৱন্ত • পঞ্চ ক • কিৰত কৰো • |
ধৰ্ম গ্ৰন্থ |
গুৰু গ্ৰন্থ চাহিব • আদি গ্ৰন্থ •
দশম গ্ৰন্থ • সৰ্বলোহ গ্ৰন্থ • বাণী • চৌপাই • জাপ চাহিব • জপজি চাহিব • মূল মন্তৰ • ৰেহৰাচ • সুখমনি • তব-প্ৰসাদ চবইয়ে |
সাধাৰণ বিষয়বস্তু |
ইতিহাস • এক ওঙ্কাৰ • গুৰুদ্বাৰ •
হৰমন্দিৰ চাহিব • খালসা • খণ্ড •
সাহিত্য • সংগীত • নাম • স্থান •
সৎগুৰু • শিখ • ৱাহেগুৰু • দস্তৰ |
গুৰু গ্ৰন্থ চাহিব বা সাম্মাণিক উপাধি সহ শ্ৰী গুৰু গ্ৰন্থ চাহিব জি (পঞ্জাবী: ਸ਼੍ਰੀ ਗੁਰੂ ਗ੍ਰੰਥ ਸਾਹਿਬ ਜੀ, শ্ৰী গুৰু গ্ৰান্থ্ চাহিব্ জি ) বা আদি গ্ৰন্থ শিখ ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ। প্ৰতিষ্ঠানিকভাবে এই গ্ৰন্থখন শিখসকলৰ সৰ্বশেষ গুৰু।[1] গুৰু গ্ৰন্থ চাহিব ১৪৩০টা অংগত বিভক্ত, যিবোৰ ১৪৬৯ চনৰ পৰা ১৭০৮ চনৰ মধ্যবৰ্তী সময়ত বিভিন্ন শিখ গুৰু কৰ্তৃক ৰচিত আৰু সংকলিত হয়।[1] ই এক শবদ বা স্তোত্ৰ সংকলন। ইয়াৰ মূল উপজীৱ্য ঈশ্বৰৰ গুণাণুকীৰ্তন[2] আৰু ঈশ্বৰৰ নাম জপ কৰাৰ কাৰণ ব্যাখ্যা।
দশম শিখ গুৰু গোবিন্দ সিংহয়ে (১৬৬৬-১৭০৮) পৱিত্ৰ ধৰ্মগ্ৰন্থ আদি গ্ৰন্থ-ক তেওঁৰ উত্তৰসূৰি ঘোষণা কৰে আৰু ইয়াক গুৰু গ্ৰন্থ চাহিব সম্মানেৰে ভূষিত কৰে।[3] সেই তেতিয়াৰ পৰা এই গ্ৰন্থই দহ গুৰুৰ শিক্ষাৰ প্ৰতিনিধিৰূপে শিখসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থৰ মৰ্যাদা পাই আহিছে।[4] শিখধৰ্মৰ উপাসনাৰ ক্ষেত্ৰত প্ৰাৰ্থনাত সহায়ক বা সূ্ত্ৰ হিচাপে এই গ্ৰন্থৰ স্থান সৰ্বোচ্চ।[5]
পঞ্চম শিখ গুৰু অৰ্জুন দাসে(১৫৬৩-১৬০৬) প্ৰথম পাচ শিখ গুৰু আৰু হিন্দু, মুছলমান সন্ত সহ বিভিন্ন মহান সন্তৰ ৰচিত স্তোত্ৰাৱলীৰ পৰা ৰচনা চয়ন কৰি প্ৰথম আদি গ্ৰন্থ সংকলন কৰিছিল।[2] দশম শিখ গুৰুৰ মহাপ্ৰয়াণৰ পিছত বাবা দীপ সিংহয়ে বিতৰণৰ বাবে এই গ্ৰন্থৰ একাধিক সম্পাদিত নকল প্ৰস্তুত কৰিছিল।
গ্ৰন্থখন গুৰুমুখী হৰফত লিখিত। প্ৰধানত প্ৰাচীন পঞ্জাবী ভাষা ব্যৱহৃত হলেও কোনো কোনো স্থলত ব্ৰজাৱলী, পঞ্জাবী, খড়িবোলি (হিন্দী), সংস্কৃত, বিভিন্ন স্থানীয় উপভাষা আৰু ফাৰ্চী ভাষা ব্যৱহৃত হৈছে। এই গ্ৰন্থৰ ভাষাক সন্ত ভাষা বোলা হয়।
ৱিকিউদ্ধৃতিত গুৰু গ্ৰন্থ চাহিব বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |