গেংটক | |
---|---|
স্থানাংক: 27°20′N 88°37′E / 27.33°N 88.62°Eস্থানাংক: 27°20′N 88°37′E / 27.33°N 88.62°E | |
দেশ | ভাৰত |
ৰাজ্য | Sikkim |
জিলা | গেংটক |
চৰকাৰ | |
• ধৰণ | পৌৰনিগম |
• পৰিচালনা | গেংটক পৌৰ নিগম |
• মেয়ৰ | নেল বাহাদুৰ ছেত্ৰী[1] |
কালি | |
• মুঠ | ১৯.৩ km2 (7.5 sq mi) |
উচ্চতা | ১.৬৫০ মিটাৰ (৫.৪১৩ ফুট) |
জনসংখ্যা (২০১১) | |
• মুঠ | ১০০২৯০ |
• ঘনত্ব | 5,332/km2 (13,810/sq mi) |
গেংটক (ইংৰাজী: Gangtok) হৈছে এখন পৌৰসভা পৰিচালিত চহৰ,ৰাজধানী আৰু ভাৰতৰ ছিকিম ৰাজ্যৰ সৰ্ববৃহৎ জনবহুল স্থান। গেংটক উত্তৰ পূব ভাৰতৰ এখন ধুনীয়া চহৰ। গেংটক ছিকিম ৰাজ্যৰ পূব ছিকিম জিলাৰ মুখ্য কাৰ্যালয়ো। গেংটক চহৰ পূৱ হিমালয়ত অৱস্থিত। গেংটক চহৰপূৱ হিমালয়ত অৱস্থিত। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা হৈছে ১,৬৫০,মিটাৰ (৫,৪১০ ফুট)। চহৰখনৰ জনসংখ্যা প্ৰায় ১০০,০০০ জন। তাৰে ভিতৰত ভূটীয়া, লেপচা, কিৰাটি আৰু গোৰ্খাৰ দৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক আছে। হিমালয়ৰ উচ্চ শৃংগৰ মাজত অৱস্থিত হোৱাৰ লগতে গোটেই বছৰটোত মৃদু নাতিশীতোষ্ণ জলবায়ু থকাৰ বাবে, গেংটক ছিকিমৰ পৰ্যটন উদ্যোগৰ কেন্দ্ৰবিন্দু। ১৮৪০ চনত এনচে মঠ নিৰ্মাণৰ পিছত গেংটক এক জনপ্ৰিয় বৌদ্ধ তীৰ্থস্থান হিচাপে পৰিচিত হৈছিল। ১৮৯৪ চনত ছিকিমৰ তদানীন্তন শাসনাধিষ্ঠ চোগিয়াল থুটব নামগিয়ালে ছিকিম ৰাজ্যৰ ৰাজধানী গেংটকলৈ স্থানান্তৰিত কৰে। বিংশ শতিকাৰ আৰম্ভণিতে, গেংটকতিব্বতৰ ৰাজধানী লাছা আৰু ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলকাতাৰ দৰে চহৰৰ মাজত বাণিজ্য পথৰ এক মুখ্য বিৰতি স্থান হৈ পৰে। ১৯৪৭ চনত ভাৰতে ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত ছিকিমে ভাৰতত যোগদান নকৰি স্বাধীন ৰাজতন্ত্ৰবাদী দেশ হিচাপে থাকিবলৈ সিদ্ধান্ত লয়। গেংটক তেতিয়াও ছিকিমৰ এই স্বাধীন ৰাজ্যৰ ৰাজধানী আছিল। ১৯৭৫ চনত ভাৰতৰ সৈতে ছিকিমৰ একত্ৰীকৰণৰ পিছত, গেংটক ৰাজ্যৰ ৰাজধানী হিচাপে অব্যাহত থাকে।
ছিকিমৰ পুৰণি ইতিহাস যেনেদৰে ভালদৰে জনাৰ সমল নাই। ঠিক একেদৰে গেংটকৰো পুৰণি ইতিহাসৰ সমল নাই। ১৭১৬ চনত হাৰ্মিটিক গেংটক মঠ নিৰ্মাণৰ পৰাহে প্ৰাচীনতম অভিলেখসমূহ জনা যায়।[5]১৮৪০ চনত এনচে মঠ নিৰ্মাণৰ আগলৈকে গেংটক এটা সৰু জনপদ আছিল। এনচে মথ নিৰ্মাণ কৰাৰ পাছত ইয়ালৈ তীৰ্থযাত্ৰী আহিবলৈ ধৰে। উনবিংশ শতিকাৰ মাজভাগত ইংৰাজে বিজয় লাভ কৰাৰ পিছত গেংটক ছিকিমৰ বাকী থকা খিনিৰ ৰাজধানী হৈ পৰিছিল। ব্ৰিটিছে তিব্বত অধিকাৰ কৰাৰ পিছত, উনবিংশ শতিকাৰ শেষত তিব্বত আৰু ব্ৰিটিছ ভাৰতৰ মাজত হোৱা বাণিজ্যত গেংটক এক ডাঙৰ বিৰতি স্থান হৈ পৰে।[6] ফলত অঞ্চলটোৰ বুনিয়াদী সা-সুবিধা যেনে ৰাস্তা-ঘাট নিৰ্মাণ আৰু টেলিগ্ৰাফ সেৱা আদিৰ ব্যৱস্থা এই সময়ছোৱাত কৰা হৈছিল। ১৮৯৪ চনত ব্ৰিটিছ শাসনৰ অধীনত ছিকিমৰ চোগিয়াল বা ৰাজা থুটোব নামগিয়ালে ৰাজধানী টুমলঙৰ পৰা গেংটকলৈ স্থানান্তৰ কৰে। তেতিয়াই চহৰখনৰ গুৰুত্ব বৃদ্ধি হ'বলৈ ধৰে আৰু নতুন ৰাজধানীত অন্যান্য ৰাজ্যিক ভৱনৰ সৈতে এটা নতুন গ্ৰেণ্ড পেলেচ নিৰ্মাণ কৰা হৈছিল। ১৯৪৭ চনত ভাৰতবষই স্বাধীনতা লাভ কৰাৰ পিছত, ছিকিম গেংটকক ৰাজধানী হিচাপে লৈ এখন ৰাষ্ট্ৰ-ৰাজ্যত পৰিণত হয়। ছিকিমৰ চোগিয়াল আৰু তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মাজত স্বাক্ষৰিত এক চুক্তিৰ জৰিয়তে ভাৰতৰ স্বাধীনতা বজাই ৰখাৰ চৰ্তত ছিকিম ভাৰতৰ অধীনলৈ আহিছিল।[7]এই চুক্তিয়ে ছিকিমৰ হৈ ভাৰতীয়সকলক বৈদেশিক পৰিক্ৰমাৰ নিয়ন্ত্ৰণ দিছিল। নাথুলা আৰু জেলেপলা পাছৰ জৰিয়তে ভাৰত আৰু তিব্বতৰ মাজত বাণিজ্য বৃদ্ধি পাইছিল। গেংটক চহৰ ইয়াৰ ফলত লাভান্বিত হৈছিল। অৱশ্যে ১৯৫৯ চনত তিব্বতৰ ওপৰত চীনা অভিযানৰ ফলত বাণিজ্য হ্ৰাস পায়, আৰু ১৯৬২ চনত চীন-ভাৰত যুদ্ধৰ পিছত পাছবোৰ বন্ধ কৰি দিয়া হয়।[8]অৱশেষত ২০০৬ চনত সীমিত বাণিজ্যৰ বাবে নাথুলা পাছ মুকলি কৰা হয়, যাৰ ফলত ছিকিমৰ অৰ্থনৈতিক উত্থানৰ আশা বৃদ্ধি পায়।[9]১৯৭৫ চনত বহু বছৰৰ ৰাজনৈতিক অনিশ্চয়তা আৰু সংগ্ৰামৰ পিছত ছিকিমৰ ৰাজতন্ত্ৰ বিলুপ্ত কৰা হয় আৰু ভাৰতৰ দ্বাৰা আয়োজিত গণভোটৰ পিছত ছিকিম ভাৰতৰ ২২ তম ৰাজ্য হিচাপে পৰিগণিত হয়। গেংটকক তেতিয়া ভাৰতৰ এই অন্তৰ্ভুক্ত ৰাজ্যৰ ৰাজধানী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। পাহাৰীয়া ঠাই হিচাপে গেংটকত বাৰ্ষিক ভূমিস্খলনৰ বহু সাক্ষী আছ, যাৰ ফলত মানুহৰ প্ৰাণ হানি আৰু সম্পত্তিৰ ক্ষতি হৈছে। আটাইতকৈ ডাঙৰ দুৰ্যোগটো ১৯৯৭ চনৰ জুন মাহত সংঘটিত হৈছিল, যেতিয়া ৩৮জন লোক নিহত হৈছিল আৰু শ শ অট্টালিকা ধ্বংস হৈছিল।
গেংটক ২৭.৩৩২৫°উত্তৰ ৮৮.৬১৪০°পূব(গেংটক মুখ্য ডাকঘৰৰ স্থানাংক)ত অৱস্থিত। [10]এই চহৰখন নিম্ন হিমালয়ৰ ১,৬৫০ মিটাৰ (৫,৪১০ ফুট) উচ্চতাত অৱস্থিত।[11]
চহৰখন এটা পাহাৰৰ কাষত অৱস্থিত, এটা মূৰত ৰাজ্যপালৰ বাসগৃহ ৰাজ ভৱন আৰু আনটো মূৰত প্ৰায় ১,৮০০ মিটাৰ (৫,৯০০ ফুট) উচ্চতাত ৰাজ ভৱন আৰু প্ৰাসাদৰ সৈতে এটা প্ৰমোডেন আছে। চহৰখন পূব আৰু পশ্চিমে ৰোৰো চু আৰু ৰাণীখোলা নামৰ দুটা পানীৰ সোঁতে আৱৰি আছে।[12]
এই দুখন নদীয়ে প্ৰাকৃতিক ভাৱে বৈ আহি পূৱ আৰু পশ্চিমৰ দুটা ভাগত বিভক্ত কৰিছে। দুয়োটা ধাৰাই ৰাণীপুলক সংযোগ হৈ আৰু চিংটামত তিস্তাত যোগদান কৰাৰ আগতে ৰাণীখোলা হিচাপে দক্ষিণলৈ প্ৰবাহিত হৈছে। পাহাৰৰ কাষৰ পৰা কাটি পেলোৱাৰ বাবে গাংটক চহৰৰ ৰাস্তাবোৰ ঠেক। ৰাস্তাৰ কাষে কাষে কৃত্ৰিমভাৱে সংকুচিত মাটিত নিৰ্মাণ কৰা হৈছে নগৰখনৰ অট্টালিকাসমূহ। গেংটক চহৰৰ পূব দিশৰ পৰা বৰফেৰে আবৃত কাঞ্চনজংগা পৰ্বত দেখা যায়।[13]গেংটককে ধৰি ছিকিমৰ বেছিভাগ অংশ প্ৰেকেম্ব্ৰিয়ান শিলৰ দ্বাৰা অভ্যন্তৰত গঠিত হোৱা বাবে ইয়াত ফলিয়েটেড ফিলিট আৰু শ্বিষ্ট থাকে; সেয়েহে ঢালবোৰ সঘনাই ভূমিস্খলন হোৱাৰ সম্ভাৱনা থাকে। তদুপৰি প্ৰাকৃতিক সোঁত বা ঝৰ্ণা আৰু মানৱ-নিৰ্মিত নলাৰ দ্বাৰা পানীৰ পৃষ্ঠৰ প্ৰবাহে ভূমিস্খলনৰ আশংকা বৃদ্ধি কৰিছে। ভাৰতীয় মানদণ্ড ব্যুৰোৰ মতে, ভাৰতীয় আৰু ইউৰেচিয়ান টেকটনিক প্লেটৰ একত্ৰিত সীমাৰ ওচৰত আৰু সঘনাই ভূমিকম্প সাপেক্ষে, চহৰখন ভূমিকম্পৰ ক্ষেত্ৰ-৪-ৰ অন্তৰ্গত (ভূমিকম্পৰ কাৰ্যকলাপ বৃদ্ধিৰ বাবে ১ ৰ পৰা ৫ৰ স্কেলত ধৰা হয়)। পাহাৰবোৰ উচ্চ শৃংগৰ মাজত আছে আৰু বৰফৰে আবৃত হিমালয় পৰ্বতমালাবোৰ দূৰৰ পৰা চহৰখনৰ ওপৰেৰে টাৱাৰৰ দৰে দেখা যায়। কাঞ্চনজংঘা পৰ্বত হৈছে চহৰখনৰ পশ্চিমে দৃশ্যমান পৃথিৱীৰ ভিতৰতে তৃতীয় সৰ্বোচ্চ শৃংগ (৮,৫৯৮মিটাৰ বা ২৮,২০৮ ফুট)। চহৰখনৰ থিয় ঢাল, সঘনাই হোৱা ভূমিস্খলন, ঘণ অৰণ্য আৰু বেছিভাগ অঞ্চলত দুৰ্গমতাৰ অস্তিত্ব আদিয়ে চহৰখনৰ স্বাভাৱিক আৰু সন্তুলিত বিকাশত মুখ্য বাধা হৈ আহিছে।
গেংটক ঘন অৰণ্যৰে আগুৰি আছে। তিতা আলপাইন অঞ্চলত নাতিশীতোষ্ণ, পপলাৰ, বাৰ্চ, ওক আৰু এল্মৰ পৰ্ণপাতী অৰণ্য, লগতে চিৰসেউজীয়া, শঙ্কুগছ আছে। অৰ্কিডৰ বিভিন্ন প্ৰজাতি পোৱা যায়। চহৰখনৰ ফুলপ্ৰদৰ্শনীত বিৰল প্ৰজাতিৰ অৰ্কিড প্ৰদৰ্শন কৰা হয়। চহৰখনৰ তলৰ অংশত, গছ-গছনি ক্ৰমান্বয়ে আলপাইনৰ পৰা নাতিশীতোষ্ণ পৰ্ণপাতী আৰু উপ-ক্ৰান্তীয় লৈ পৰিৱৰ্তন হোৱা দেখা যায়।
Gangtok (১৯৮১–২০১০, extremes ১৯৬৬–present)ৰ জলবায়ুৰ তথ্য | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
সৰ্বাধিক উষ্ণতা °C (°F) | ১৯.৯ | ২২.০ | ২৭.৬ | ২৭.৩ | ২৮.৫ | ২৮.৪ | ২৮.৪ | ২৯.৯ | ২৮.৫ | ২৭.২ | ২৫.৫ | ২৪.০ | ২৯.৯ |
গড় উষ্ণতা - উচ্চ °C (°F) | ১২.৩ | ১৩.৮ | ১৭.৫ | ২০.৫.5 | ২১.৪ | ২২.0 | ২১.৬ | ২২.২ | ২১.৪ | ২০.৪ | ১৭.১ | ১৩.৯ | ১৮.৭ |
গড় উষ্ণতা - নিম্ন °C (°F) | ৪.৭ | ৬.১ | ৯.২ | ১১.৮ | ১৪.০ | ১৬.৪ | ১৭.০ | ১৬.৯ | ১৫.৯ | ১২.৮ | ৯.১ | ৬.২ | ১১.৭ |
সৰ্বনিম্ন উষ্ণতা °C (°F) | -২.২ | -১.১ | ১.৪ | ২.৯ | ৬.৬ | ১০.০ | ১১.৩ | ১০.৮ | ৭.৭ | 4.3 (39.7) |
২.৪ | -১.৭ | -২.২ |
বৰ্ষাপাত mm (ইঞ্চি) | ২৭.১ | ৭২.২ | ১২৬.৪ | ২৯৬.৯ | ৪৯৬.৪ | ৬০৯.৪ | ৬২৬.৩ | ৫৬৫.৯ | ৪৩৮.৭ | ১৭৩.৪ | ৩৭.৯ | ১৯.৫ | ৩৪৯০.৪ |
% আৰ্দ্ৰতা | ৭৭ | ৭৮ | ৭৬ | ৭৪ | ৮৫ | ৮৯ | ৯২ | ৯২ | ৯০ | ৮৩ | ৭৯ | ৭৭ | ৮৩ |
Avg. rainy days | ২.৪ | ৫.৪ | ৯.২ | ১৫.২ | ২০.১ | ২৩.৬ | ২৭.০ | ২৪.৭ | ২০.৮ | ৮.৪ | ২.৩ | ১.৭ | ১৬১.০ |
উৎস: India Meteorological Department[14][15][16] |
গেংটকৰ বাৰিষা প্ৰভাৱিত উপ-ক্ৰান্তীয় উচ্চভূমি জলবায়ু আছে (Köppen: চিডব্লিউবি)। ইয়াৰ উচ্চতা আৰু আশ্ৰয় প্ৰাপ্ত পৰিৱেশৰ বাবে, গেংটকৰ লোকসকলে গোটেই বছৰটোত এক মৃদু, নাতিশীতোষ্ণ জলবায়ু উপভোগ কৰে। হিমালয়ৰ বেছিভাগ চহৰৰ দৰে গেংটকৰো পাঁচটা ঋতু আছে: গ্ৰীষ্ম, মৌচুমী, শৰৎ, শীত আৰু বসন্ত। তাপমাত্ৰাৰ পৰিসৰ গ্ৰীষ্মকালত গড় উচ্চ ২২ °চে.(৭২ °এফ.) ৰ পৰা শীতকালত গড় নিম্নতম ৫ °চে.(৪১ °এফ.) হয়। গ্ৰীষ্মকাল (এপ্ৰিলৰ শেষৰ পৰা জুনলৈ) মৃদু হয়। এই ঋতুৰ সৰ্বাধিক তাপমাত্ৰা জুনৰ পৰা ছেপ্টেম্বৰ লৈ বাৰিষা ঋতুত খুব কমেই 25 °চে. (৭৭°এফ) অতিক্ৰম কৰে, ধাৰাসাৰ মুষলধাৰ বৰষুণৰ ফলত প্ৰায়ে ভূমিস্খলন হয় যি দেশৰ বাকী অংশলৈ গেংটকলৈ যোৱা পথছোৱা অৱৰুদ্ধ কৰে।
গেংটক হৈছে ছিকিমৰ পৰ্যটনৰ মূল কেন্দ্ৰ। গ্ৰীষ্ম আৰু বসন্ত ঋতুয়েই হৈছে পৰ্যটকৰ বাবে আটাইতকৈ জনপ্ৰিয় সময়। গেংটকৰ বহুতো বাসিন্দা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে পৰ্যটন উদ্যোগৰ লগত জড়িত হৈ আছে। বহুতো বাসিন্দাৰ হোটেল আৰু ৰেষ্টুৰেণ্ট আছে, আৰু বহুতো বাসিন্দাই এই হোটেল আৰু ৰেষ্টুৰেণ্টত কাম কৰে।[17] চহৰখনৰ মহাত্মা গান্ধী মাৰ্গ আৰু লাল বজাৰ হৈছে গেংটকৰ ভাল ব্যৱসায়িক ক্ষেত্ৰ আৰু পৰ্যটন স্থল।[18]মহাত্মা গান্ধী মাৰ্গ ৰূপ আৰু ব্ৰঞ্জৰে তৈয়াৰী অলংকাৰসমূহৰ বাবেও বিখ্যাত।
ইকোটুৰিজমে অঞ্চলটোত এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কাৰ্যকলাপ হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত আছে ট্ৰেকিং, পৰ্বতাৰোহণ, নদী ৰেফ্টিং আদি আৰু অন্যান্য প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি। ২০০৭ চনত আনুমানিক ৩,৫১,০০০ পৰ্যটক ছিকিম ভ্ৰমণ কৰিছিল। ইয়াৰ ফলত চহৰখনে প্ৰায় ₹৫০০ নিযুত (৬.১১নিযুত আমেৰিকান ডলাৰ) উপাৰ্জন কৰে।[19]
গেংটকৰ পৰা প্ৰায় ৫০ কিমি (৩১ মাইল) দূৰত্বত অৱস্থিত নাথুলা পাছ তিব্বতৰ সৈতে ঊণ আৰু মচলা বাণিজ্যৰ প্ৰাথমিক পথ আছিল আৰু বিংশ শতিকাৰ মাজভাগলৈকে গেংটকৰ বাবে অৰ্থনৈতিক বিকাশত সহায় হৈছিল। ১৯৬২ চনত চীন-ভাৰত যুদ্ধৰ সময়ত সীমান্ত বন্ধ হোৱাৰ পিছত গেংটক চহৰখনো মন্দাৱস্থাত পৰে। অৱশ্যে ২০০৬ চনত পুনৰ মুকলি কৰা হৈছিল আৰু পাছৰ জৰিয়তে গেংটকৰ ব্যৱসায় বাণিজ্য বৃদ্ধি কৰিব বুলি আশা কৰা হৈছিল। ছিকিম চৰকাৰে নাথুলা পাছৰ জৰিয়তে লাছা-গাংটক বাছ সেৱা আৰম্ভ কৰিবলৈ আগ্ৰহী। ছিকিমৰ পাহাৰীয়া অঞ্চলৰ ফলত ৰেল বা বিমান সংযোগৰ অভাৱ থকাৰ বাবে অঞ্চলটোৰ দ্ৰুত ঔদ্যোগিক বিকাশৰ সম্ভাৱনা সীমিত অৱস্থাত আছে। গেংটকৰ অৰ্থনীতিত অৰিহনা যোগোৱা এক বৃহৎ উৎপাদনৰ আধাৰ নাই, কিন্তু ঘড়ী নিৰ্মাণ, ঘৰুৱাভাৱে তৈয়াৰ কৰা সুৰা আৰু হস্তশিল্পৰ দৰে সমৃদ্ধ কুটিৰ উদ্যোগ আছে। হস্তশিল্পৰ ভিতৰত আছে বিভিন্ন আঁহ বা কপাহৰ টুকুৰাৰে নিৰ্মিত হস্তনিৰ্মিত কাগজৰ কলা দেখা যায়। গেংটকৰ মুখ্য বজাৰত ৰাজ্যখনৰ বহুতো গ্ৰাম্য বাসিন্দাই শস্য চপোৱাৰ বতৰত তেওঁলোকৰ উৎপাদিত সামগ্ৰী যোগান ধৰে। বেছিভাগ ব্যক্তিগত ব্যৱসায়ী সম্প্ৰদায় মাৰৱাৰী আৰু বিহাৰীসকলৰ দ্বাৰা গঠিত। ছিকিমৰ অংশ হিচাপে, গেংটকে ১৯৪৮ চনৰ আয়কৰ আইনৰ অধীনত আয়কৰ মুক্ত অঞ্চলৰ মৰ্যাদা লাভ কৰিছে।[20] কৃষিখণ্ডই ছিকিমৰ অৰ্থনীতিত এক মুখ্য স্থান অধিকাৰ কৰি আছে আৰু ২০০৩ চনত ছিকিম ৰাজ্য চৰকাৰে সমগ্ৰ খণ্ডটোক জৈৱিক উৎপাদনলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য ঘোষণা কৰিছিল। ২০১৬ চনত ১০০% জৈৱিক ৰ লক্ষ্য প্ৰাপ্ত কৰা হৈছিল।[21]
ছিকিম চৰকাৰৰ বিভিন্ন বিভাগবোৰ গেংটক পৌৰ নিগমৰ (জিএমচি) লগতে নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ বিভাগ (ইউডিএইচডি) আৰু জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ (পিএইচইডি) দ্বাৰা পৰিচালিত হয়।[22]গেংটক পূব ছিকিম জিলাৰ মুখ্য সদৰ হোৱা বাবে ইয়াত উপায়ুক্তৰ কাৰ্যালয় আছে গেংটকত ছিকিম উচ্চ ন্যায়ালয় অৱস্থিত। অঞ্চল আৰু জনসংখ্যাৰ ফালৰপৰা চাবলৈ গ'লে ভাৰতৰ ভিতৰতেই আটাইতকৈ সৰু উচ্চ ন্যায়ালয়। গেংটক জিলা সদৰ তথা ৰাজ্যৰ ৰাজধানী হ'লেও ভাৰতৰ অন্যান্য ডাঙৰ চহৰৰ দৰে ইয়াত নিজা আৰক্ষী আয়ুক্ত নাই। গেংটক চহৰখন আৰক্ষী মহাপৰিদৰ্শক এজনে চম্ভালে। কিয়নো ছিকিমত অপৰাধীৰ সংখ্যাৰ হাৰ কম। গেংটকৰ ৰঙ্গয়েক কাৰাগাৰ হ'ল ছিকিমৰ একমাত্ৰ কেন্দ্ৰীয় কাৰাগাৰ।[23]
গেংটকত লোকসভা আৰু বিধানসভাৰ এটাকৈ সমষ্টি আছে।
পথ পৰিবহণৰ ভিতৰত টেক্সিয়েই হৈছে গেংটকৰ ভিতৰত আটাইতকৈ বহুলভাৱে উপলব্ধ ৰাজহুৱা পৰিবহণৰ মাধ্যম। বেছিভাগ বাসিন্দা মহানগৰ কেন্দ্ৰৰ কেইকিলোমিটাৰ ভিতৰত বাস কৰে,আৰু বহুতৰে নিজা বাহন যেনে দুচকীয়া বাহন আৰু গাড়ীৰে অহা যোৱা কৰে।
ব্যক্তিগত বাহন আৰু টেক্সিৰ মুঠ ব্যৱহাৰ হিচাপে গেংটকৰ মুঠ বাহনৰ ৯৮%। এয়া অন্যান্য ভাৰতীয় চহৰৰ তুলনাত উচ্চ শতাংশ। চিটি বাছ পৰিবহণৰ বাহন হিচাপে এক শতাংশতকৈও কম। গেংটক ১০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰা ভাৰতৰ বাকী অংশৰ সৈতে সংযুক্ত হৈ আছে। ইয়াক পূৰ্বতে ৰাষ্ট্ৰীয় ঘাইপথ ৩১এ বুলি জনা গৈছিল আৰু এই ঘাইপথটোৱে গেংটকক ১১৪ কিমি (৭১ মাইল) দূৰত থকা পশ্চিম বংগৰ শিলিগুৰিৰ সৈতে সংযোগ কৰিছে। এই ঘাইপথটোৱে চুবুৰীয়া পাহাৰীয়া কেন্দ্ৰ চহৰ দাৰ্জিলিং আৰু কালিম্পঙৰ সৈতেও সংযোগ কৰিছে। আটাইবিলাক হ'ল ছিকিমৰ নিকটতম নগৰ অঞ্চল। নিয়মীয়া জীপ, ভান আৰু বাছ সেৱা চলাচলৰ ফলত চহৰবোৰলৈ গেংটকৰ পৰা সহজে অহা-যোৱা কৰিব পাৰি।[24]আকাশী পথৰ ভিতৰত পাকয়ং বিমানবন্দৰ হৈছে ছিকিম ৰাজ্যৰ একমাত্ৰ বিমানবন্দৰ।[25]
বিমানবন্দৰটো ৪০০হেক্টৰ জুৰি (৯৯০একৰ) বিয়পি আছে। ই গেংটকৰ দক্ষিণে প্ৰায় ৩৫ কিলোমিটাৰ (২২ মাইল) দূৰত্বত পাকয়ং চহৰত অৱস্থিত। ১,৪০০ মিটাৰ (৪,৫০০ ফুট) উচ্চতাত অৱস্থিত, পাকিয়ং বিমানবন্দৰ হৈছে ভাৰতৰ পাঁচটা সৰ্বোচ্চ বিমানবন্দৰৰ ভিতৰত এটা। ভাৰতৰ উত্তৰ-পূব অঞ্চলত নিৰ্মাণ হোৱা এইটো প্ৰথম গ্ৰীণফিল্ড বিমানবন্দৰ।[26]
ৰেলপথৰেও গেংটক সংযোজিত হৈছে। ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা নিকটতম ৰেল ষ্টেচনটো হৈছে সেৱক ৰেল ষ্টেচন। এই ৰেল ষ্টেচনটো গেংটকৰ দক্ষিণে ৯৩ কিমি (৩ মিটাৰ ১৫ মিটাৰ পথ সময়) চিংটাম, ৰংপো, তিস্তা বজাৰ হৈ ১০ নং ৰাষ্ট্ৰীয় ঘাইপথহৈ অৱস্থিত। পশ্চিম বংগৰ চিভোকৰ পৰা ছিকিমৰ ৰংপোলৈ ব্ৰডগজ ৰেল সংযোগৰ কাম আৰম্ভ হৈছে[27]যাক গেংটকলৈ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে।
নিউ জলপাইগুৰি (এনজিপি) ষ্টেচন, শিলিগুৰি, গেংটকৰ পৰা ১০ নং ৰাষ্ট্ৰীয় ঘাইপথহৈ ১২৪ কিলোমিটাৰ (৭৭মাইল) দূৰত্বৰ।
ঐতিহাসিক জনসংখ্যা | ||
---|---|---|
বছৰ | জনসংখ্যা | ±% |
1951 | 2,744 | — |
1961 | 6,848 | +149.6% |
1971 | 13,308 | +94.3% |
1981 | 36,747 | +176.1% |
1991 | 25,024 | −31.9% |
2001 | 29,354 | +17.3% |
2011 | 98,658 | +236.1% |
২০১১ চনৰ লোকপিয়ল অনুসৰি, গেংটক পৌৰ নিগমৰ আনুমানিক জনসংখ্যা ৯৮,৬৫৮। পুৰুষ জনসংখ্যাৰ ৫৩% আৰু মহিলা ৪৭%। পূব ছিকিম জিলাৰ গেংটক মহকুমাৰ জনসংখ্যা আছিল ২৮১,২৯৩, গড় সাক্ষৰতাৰ হাৰ ৮২.১৭%, ৰাষ্ট্ৰীয় গড় ৭৪% তকৈ অধিক: পুৰুষৰ সাক্ষৰতা ৮৫.৩৩%, আৰু মহিলা সাক্ষৰতা ৭৮.৬৮%।[29]ছিকিমৰ মুঠ নগৰীয়া জনসংখ্যাৰ ভিতৰত গেংটক পৌৰ নিগমৰ অংশ ৫৫.৫%। গেংটকৰ সৈতে, পূৱ জিলাৰ মুঠ নগৰীয়া জনসংখ্যাৰ ৮৮% অংশ আছে। জীৱনধাৰণৰ মানদণ্ড, বিকাশৰ গতি, আৰু মৌলিক আন্তঃগাঁথনি আৰু নিযুক্তিৰ সম্ভাৱনাৰ উপলব্ধতাই চহৰখনলৈ দ্ৰুত প্ৰব্ৰজনৰ মুখ্য কাৰণ হৈ পৰিছে। ব্ৰিটিছ শাসনকালত জাতিগত নেপালীসকলে অঞ্চলটোত বসতি স্থাপন কৰিবলৈ লৈছিল। তেওঁলোক বেছিভাগ গেংটকৰ বাসিন্দা। লেপচাসকল ভূমিৰ স্থানীয় আৰু ভুটীয়াসকল জনসংখ্যাৰ এটা বৃহৎ অংশ দখল কৰিছে। ইয়াৰ উপৰিও, বহু সংখ্যক তিব্বতীয়ে চহৰলৈ প্ৰব্ৰজন কৰিছে। অনুপ্ৰৱেশকাৰী আৱাসী সম্প্ৰদায়সমূহ অঞ্চলটোৰ স্থানীয় নহয়। তাৰে ভিতৰত মাৰোৱাৰী,বিহাৰী আৰু বাঙালী লোকসকল।
গেংটকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্ম হৈছে হিন্দু আৰু বৌদ্ধ ধৰ্ম। গেংটকৰ এক বৃহৎ সংখ্যক খ্ৰীষ্টান লোক আৰু কম সংখ্যক মুছলমান ধৰ্মৰ লোকো আছে। নৰ্থ ইষ্ট প্ৰেচবিটেৰিয়ান গীৰ্জা, ৰোমান কেথলিক গীৰ্জা আৰু গেংটকৰ অঞ্জুমান মছজিদ ধৰ্মীয় সংখ্যালঘুসকলৰ উপাসনাস্থলী। গেংটক চহৰখনত সাম্প্ৰদায়িক সংঘৰ্ষ, বা ইয়াৰ ইতিহাসত কেতিয়াও কোনো ধৰণৰ আন্তঃধৰ্মীয় সংঘাতদেখা পোৱা নগৈছিল। নেপালী হৈছে ছিকিমৰ লগতে গেংটকৰ আটাইতকৈ বহুল ভাৱে কথিত ভাষা। ইংৰাজী আৰু হিন্দী ক্ৰমে ছিকিম আৰু ভাৰতৰ চৰকাৰী ভাষা হোৱাৰ বাবে ছিকিমৰ বেছিভাগ অঞ্চলত, বিশেষকৈ গেংটকত বহুলভাৱে কোৱা আৰু বুজি পোৱা যায়। গেংটকত কোৱা অন্যান্য ভাষাৰ ভিতৰত আছে ভুটিয়া (ছিকিমিজ ভাষা), তিব্বতীয় আৰু লেপচা ভাষা।
উৎসৱ পাৰ্বনৰ ভিতৰত দশিন, তিহাৰ, খ্ৰীষ্টমাছ, হোলী আদিৰ দৰে মুখ্য ধৰ্মীয় উৎসৱৰ উপৰিও চহৰখনৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে কেইবাটাও স্থানীয় উৎসৱ উদযাপন কৰে। লেপচা আৰু ভুটীয়াসকলে জানুৱাৰীত নতুন বছৰ উদযাপন কৰে। আনহাতে, তিব্বতীসকলে জানুৱাৰী-ফেব্ৰুৱাৰীত "চাম নৃত্য"ৰ সৈতে নৱবৰ্ষ (লোছাৰ) উদযাপন কৰে। মাঘী সংক্ৰান্তি, ৰাম নৱমী হৈছে নেপালীসকলৰ কেইটামান গুৰুত্বপূৰ্ণ উৎসৱ। চোট্ৰুল ডুচেন, বুদ্ধ জয়ন্তী, দালাই লামাৰ জন্মদিন, লুচং, ভুমচু, চাগা দাৱা, লাবাব দুচেন আৰু দ্ৰুপকা তেশী হৈছে আন কিছুমান উৎসৱ, কিছুমান স্থানীয় সংস্কৃতিৰ পৰা পৃথক আৰু আনবোৰ ভাৰত, নেপাল, ভূটান আৰু তিব্বতৰ বাকী অংশৰ সৈতে মিল থকা দেখা যায়।
বৌদ্ধ শিক্ষা আৰু সংস্কৃতিৰ কেন্দ্ৰ হিচাপে জনাজাত, গেংটকৰ আটাইতকৈ উল্লেখযোগ্য বৌদ্ধ প্ৰতিষ্ঠানবোৰ হৈছে এনচে মঠ, দো-দ্ৰুল চোৰটেন ষ্টুপা কমপ্লেক্স আৰু ৰুমটেক মঠ, এনচে মঠ হৈছে চহৰখনৰ আটাইতকৈ পুৰণি মঠ আৰু ই নাইং-মা অৰ্ডাৰৰ আসন।
<ref>
টেগ;
FallinGrain
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই