গেৰী স্নাইডাৰ | |
---|---|
![]() ২০০৭ চনত গেৰী স্নাইডাৰ | |
জন্ম | ৮ মে', ১৯৩০ (৯৪ বছৰ) চান ফ্ৰান্সিছ্ক', কেলিফ'ৰ্নিয়া |
পেচা | কবি, প্ৰবন্ধকাৰ, ভ্ৰমণ কাহিনী লেখক, অনুবাদক, শিক্ষাবিদ |
ৰাষ্ট্ৰীয়তা | আমেৰিকান |
সময় | ১৯৫০-বৰ্তমানলৈ |
সাহিত্যিক বিপ্লৱ | চান ফ্ৰান্সিছ্ক' নৱজাগৰণ, বিট প্ৰজন্ম |
উল্লেখনীয় কৰ্মৰাজি | টাৰ্টল্ আইলেণ্ড, ১৯৭৫; দা ৰিয়েল ৱৰ্ক, ১৯৮০; এ প্লে'ছ ইন্ স্পে'ছ, ১৯৯৫; মাউন্ণ্টেইন্ছ এণ্ড ৰিভাৰ্ছ ৱিদাউট এ'ণ্ড, ১৯৯৬ |
উল্লেখযোগ্য বঁটা | কবিতাৰ বাবে পুলিৎজাৰ বঁটা, ১৯৭৫; কবিতাৰ বাবে বলিন্জেন বঁটা, ১৯৯৭; প্ৰকৃতি বিষয়ক ৰচনাৰ বাবেজন হে' বঁটা, ১৯৯৭; ৰুথ লিলী কবিতা বঁটা, ২০০৮[1] |
গেৰী স্নাইডাৰ (ইংৰাজী: Gary Snyder; জন্ম ৮ মে', ১৯৩০) এজন আমেৰিকান কবি, প্ৰবন্ধকাৰ, বক্তা, আৰু পৰিবেশ কৰ্মী। তেওঁ "বিট্ প্ৰজন্ম" আৰু "চান ফ্ৰান্সিছক' নৱজাগৰণ" লগত জড়িত আছিল। তেওঁক Deep ecologyৰ "পয়েট ল'ৰেট" বুলিও অভিহিত কৰা হয়।[2] স্নাইডাৰে কবিতাৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰিছিল। তেওঁৰ কৰ্মৰাজীত বৌদ্ধ ধৰ্ম আৰু প্ৰকৃতিৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। স্নাইডাৰে বহু সাহিত্য কৰ্ম পুৰণি চীনা ভাষা আৰু আধুনিক জাপানী ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছে। বহু বছৰ ধৰি তেওঁ কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়ত শিক্ষাদান কৰিছিল আৰু কিছুকাল কেলিফ'ৰ্নিয়া আৰ্ট্ছ কাউঞ্চিলৰ লগতো জড়িত আছিল।