গেৰ্ট্ৰুড এডাৰলে | |||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() | |||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||
সম্পূৰ্ণ নাম | গেৰ্ট্ৰুড কেৰ'লিন এডাৰলে | ||||||||||||||||||
উপনাম | "ট্ৰুডি", "গাৰ্টী", "কুইন অৱ দ্য ৱেভছ"। | ||||||||||||||||||
জন্ম | ২৩ অক্টোবৰ, ১৯০৫ নিউয়ৰ্ক, নিউয়ৰ্ক, U.S. | ||||||||||||||||||
মৃত্যু | ৩০ নৱেম্বৰ, ২০০৩ (৯৮ বছৰ) উইকফ, নিউ জাৰ্চি, ইউ.এছ. | ||||||||||||||||||
উচ্চতা | 5 ft 5 in | ||||||||||||||||||
ওজন | 141 lb | ||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||
ক্ৰীড়া | Swimming | ||||||||||||||||||
Strokes | ফ্ৰীষ্টাইল | ||||||||||||||||||
Club | মহিলা সাঁতোৰ সংস্থা | ||||||||||||||||||
পদক অভিলেখ
|
গেৰ্ট্ৰুড কেৰ'লিন এডাৰলে (ইংৰাজী: : Gertrude Caroline Ederle /ˈɛdərli/;[1] ২৩ অক্টোবৰ, ১৯০৫[2] – ৩০ নৱেম্বৰ, ২০০৩) এগৰাকী আমেৰিকান প্ৰতিযোগিতামূলক সাঁতোৰবিদ, অলিম্পিক চেম্পিয়ন আৰু পাঁচটা ইভেণ্টত বিশ্ব অভিলেখধাৰী আছিল। ১৯২৬ চনৰ ৬ আগষ্টত তেওঁ ইংৰাজী চেনেল সাঁতুৰি পাৰ হৈ যোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।[3] অন্যান্য উপাধিৰ লগতে সংবাদ মাধ্যমত তেওঁক "ঢৌৰ ৰাণী" বুলিও অভিহিত কৰিছিল।[4]
এডাৰলে মানহাটানত ডাঙৰ-দীঘল হৈছিল আৰু নিউ জাৰ্চিৰ হাইলেণ্ডছত সাঁতুৰিবলৈ শিকিছিল।[5][পৃষ্ঠাৰ প্ৰয়োজন] পিছলৈ তেওঁ চাৰ্লট এপষ্টেইনে প্ৰতিষ্ঠা কৰা মহিলা সাঁতোৰ সংস্থা (WSA)ত প্ৰশিক্ষণ লয়। ডব্লিউ এছ এ আছিল এক ঐতিহাসিক সংস্থা যাৰ নেতৃত্ব আৰু সদস্যসকলে মহিলাৰ ভোটাধিকাৰৰ বাবে প্ৰচাৰ চলাইছিল, আৰু মহিলাসকলৰ বাবে মুকলি অধিক সাঁতোৰৰ অনুষ্ঠান সৃষ্টি কৰাৰ পোষকতা কৰিছিল। এডাৰলে মাত্ৰ বাৰ বছৰ বয়সতে ক্লাবত যোগদান কৰে আৰু লগে লগে মুখ্য প্ৰশিক্ষক লুই হেণ্ডলীয়ে ডব্লিউ এছ এত বিকশিত কৰা আমেৰিকান ক্ৰ’ল শিকিবলৈ আৰম্ভ কৰে। সেই বছৰতে তেওঁ ৮৮০ গজৰ ফ্ৰীষ্টাইলত প্ৰথম বিশ্ব অভিলেখ গঢ়িছিল আৰু সাঁতোৰৰ ক্ষেত্ৰত আটাইতকৈ কম বয়সীয়া বিশ্ব অভিলেখ গঢ়িছিল। ইয়াৰ পিছত তেওঁ আৰু আঠটা বিশ্ব অভিলেখ গঢ়িছিল, ইয়াৰে সাতটা ১৯২২ চনত ব্ৰাইটন বিচত।[6] মুঠতে এডাৰলে ১৯২১ চনৰ পৰা ১৯২৫ চনলৈকে ২৯টা আমেৰিকাৰ ৰাষ্ট্ৰীয় আৰু বিশ্ব অভিলেখ গঢ়িছিল।[7]
১৯২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত এডাৰলে ৪×১০০ মিটাৰ ফ্ৰীষ্টাইল ৰিলেত প্ৰথম স্থান লাভ কৰা আমেৰিকান দলৰ সদস্য হিচাপে সোণৰ পদক লাভ কৰে। আমেৰিকাৰ ৰিলে সতীৰ্থ ইউফ্ৰেছিয়া ডনেলি, এথেল লেকি আৰু মেৰিচেন ৱেহচেলাউৰ সৈতে মিলি ইভেণ্টৰ ফাইনেলত ৪:৫৮.৮ ছেকেণ্ডৰ নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। ব্যক্তিগতভাৱে তেওঁ মহিলাৰ ১০০ মিটাৰ ফ্ৰীষ্টাইল আৰু মহিলাৰ ৪০০ মিটাৰ ফ্ৰীষ্টাইল দৌৰত তৃতীয় স্থান দখল কৰাৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰে।[8][6] ১৯২৪ চনত আমেৰিকাৰ অলিম্পিক দলটোৱে নিজাকৈ টিকাৰ-টেপ পেৰেড কৰিছিল।[9]
১৯২৫ চনত এডাৰলে পেছাদাৰী ৰূপ লয়। একে বছৰতে তেওঁ বেটাৰী পাৰ্কৰ পৰা ছেণ্ডী হুকলৈকে ২২ মাইল (৩৫ কিলোমিটাৰ) ৭ ঘণ্টা ১১ মিনিটত সাঁতুৰিছিল, যিটো অভিলেখ সময় ৮১ বছৰ ধৰি অক্ষত আছিল আৰু তাৰ পিছত অষ্ট্ৰেলিয়াৰ সাঁতোৰবিদ টেমি ভান উইছে সেই অভিলেখ ভংগ কৰে।[10]
১৯২৫ চনত মহিলা সাঁতোৰ সংস্থাই হেলেন ৱেইনৰাইট আৰু এডাৰলেক ইংৰাজী চেনেল সাঁতোৰৰ প্ৰয়াসৰ বাবে পৃষ্ঠপোষকতা কৰে। আঘাতৰ বাবে হেলেন ৱেইনৰাইটে বাতিল কৰে, সেয়েহে এডাৰলে নিজাববীয়াকৈ ফ্ৰান্সলৈ গৈ ইংৰাজী চেনেলত ২২ বাৰ সাঁতুৰিবলৈ চেষ্টা কৰা সাঁতোৰবিদ জেবেজ উলফেৰ সৈতে তেওঁ প্ৰশিক্ষণ লৈছিল।[11] ১৯২৫ চনৰ ১৮ আগষ্টত এডাৰলে চেনেলত সাঁতুৰিবলৈ প্ৰথম প্ৰচেষ্টা চলায়।
প্ৰথম প্ৰচেষ্টাৰ প্ৰায় এবছৰৰ পিছত চেনেলটোত সাঁতুৰি সফল হয়। ১৯২৬ চনৰ ৬ আগষ্টৰ পুৱা ০৭:০৮ বজাত ফ্ৰান্সৰ কেপ গ্ৰীছ-নেজৰ পৰা আৰম্ভ কৰি ১৪ ঘণ্টা ৩৪ মিনিট পিছত কেণ্টৰ কিংছডাউনত পাৰলৈ আহিছিল। প্ৰথমে তাইক সম্ভাষণ জনোৱা ব্যক্তিজন আছিল এজন ব্ৰিটিছ ইমিগ্ৰেচন বিষয়া যিয়ে "মগ্ন চকুৰ, পানীৰে ভৰি থকা কিশোৰীগৰাকী"ৰ পৰা পাছপ'ৰ্ট বিচাৰিছিল।[12] ১৯৫০ চনত ফ্ল'ৰেন্স চেডউইকে ১৩ ঘণ্টা ২৩ মিনিটত চেনেল সাঁতুৰি পাৰ নোহোৱালৈকে তেওঁৰ অভিলেখ অক্ষত আছিল।[5]
এডাৰলিৰ আগতে কেৱল পাঁচজন পুৰুষেই ইংলিছ চেনেল পাৰ হবলৈ সক্ষম হৈছিল, যাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ সময় আছিল ১৬ ঘণ্টা ৩৩ মিনিট, যি এন্ৰিক টিৰাবোচ্চিয়ে কৰিছিল।
এডাৰলি ঘূৰি আহোঁতে, মেনহেটনত তেওঁক লগত লৈ সমদল উলিয়াই স্বাগতম জনোৱা হৈছিল, য'ত দুই মিলিয়নৰো অধিক মানুহ পৰেড পথত উপস্থিত আছিল।[5]