গোদাৱৰী দত্ত | |
---|---|
জন্ম | বাহাদুৰপুৰ গাওঁ, দাৰভংগা জিলা, বিহাৰ |
শৈলী | মিথিলা বা মধুবানী চিত্ৰশিল্প |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী,
২০১৯ শিল্প গুৰু, ২০০৬ ৰাষ্ট্ৰীয় পুৰস্কাৰ, ১৯৮০ |
গোদাৱৰী দত্ত (ইংৰাজী: Godawari Dutta) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বিহাৰৰ মিথিলা অঞ্চলত প্ৰচলিত লোক চিত্ৰকলা মধুবানী চিত্ৰশিল্পৰ লগত জড়িত। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ভাবে তৈয়াৰী ৰং আৰু ৰঞ্জক এই ছবিসমূহত ব্যৱহাৰ কৰা হয়। দৃষ্টিনন্দন জ্যামিতিক শৈলীয়েই হৈছে ছবিসমূহৰ মূল বৈশিষ্ট্য। বৰ্তমান ইয়াক হস্তনিৰ্মিত কাগজ আৰু কেনভাচলৈ স্থানান্তৰ কৰা হৈছে।[1] তদুপৰি তেওঁ মিথিলা অঞ্চলৰ লোককলা বিকাশৰ বাবে 'মিথিলা কলা বিকাশ সমিতি' গঠন কৰিছিল। মধুবানী চিত্ৰশিল্পলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ২০১৯ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[2]
গোদাৱৰী প্ৰাচীন মিথিলা অঞ্চল অৰ্থাৎ বৰ্তমান বিহাৰ ৰাজ্যৰ দাৰভংগা জিলাৰ বাহাদুৰপুৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁ কোনো আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ সুযোগ পোৱা নাছিল। তেওঁৰ গাঁৱৰ প্ৰতিগৰাকী ছোৱালীয়ে মধুবানী চিত্ৰ শিকাটো বাধ্যতামূলক আছিল। গোদাৱৰীৰ মাতৃ সুভদ্ৰা দেৱী এগৰাকী প্ৰসিদ্ধ মধুবানী শিল্পী আছিল আৰু প্ৰায়ে তেওঁক ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীৰ চিত্ৰ, ফুল বা ভাটৌৰ দৰে প্ৰেমৰ চিহ্ন অংকন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁ মাকৰ পৰায়ে এই কলা শিকিছিল।[3] তেওঁ ১০ বছৰ বয়সত তেওঁৰ দেউতাকক হেৰুৱাইছিল। ১৯৪৭ চনত গোদাৱৰীৰ কম বয়সতে বিয়া হৈছিল আৰু তেওঁলোকৰ এজন পুত্ৰ সন্তান আছিল। তেওঁৰ স্বামী কামৰ সন্ধানত নেপাললৈ গৈছিল আৰু কেতিয়াও উভতি অহা নাছিল।[4] যৌৱন কালত গোদাৱৰীৰ মুখৰ ছাল বগা পৰা ৰোগত আক্ৰান্ত হৈছিল আৰু সময়ৰ সৈতে ই সমগ্ৰ শৰীৰত বিয়পি পৰিছিল।[5]
গোদাৱৰী দত্তয়ে ছয় বছৰ বয়সত বেৰত ছবি আঁকি মধুবনী চিত্ৰৰ অনুশীলন আৰম্ভ কৰিছিল আৰু ১৯৭১ চনতহে কাগজ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ মিথিলা চিত্ৰৰ কায়স্থ শৈলীত বিশেষ ভাবে পাৰদৰ্শিতা অৰ্জন কৰিছে। এই শৈলীত ক'লা আৰু বগা বৈসাদৃশ্যৰ অনুসৰণ কৰা হয়।[6] আন শিল্পীসকলৰ বিপৰীতে তেওঁ ৰং কৰিবলৈ বাঁহৰ কাঠি ব্যৱহাৰ কৰে। তেওঁৰ কলাৰ মুখ্য বিষয় সমূহ হৈছে ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী লগতে বিবাহ বা নৃত্যৰ দৰে দৈনন্দিন জীৱনৰ ঘটনা।
গোদাৱৰী দত্তয়ে শিক্ষক আৰু শিক্ষাৰ্থীসকলক চৰকাৰী আঁচনি "সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণকেন্দ্ৰ"ৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰিছে।
তেওঁ জাৰ্মানী আৰু জাপানলৈ ভ্ৰমণ কৰিছে। মুঠতে তেওঁ সাতবাৰ জাপান ভ্ৰমণ কৰিছে। তেওঁ এবাৰ জাপানত ছয় মাহ ধৰি আছিল।[7] সেই সময়ত তেওঁ সৃষ্টি কৰা শিল্পৰ এটা ছেট এতিয়া জাপানৰ টাকোমাচীৰ মিথিলা সংগ্ৰহালয়[8] আৰু জাপানৰ ফুকুওকা এছিয়ান কলা সংগ্ৰহালয়ত আছে।[9]
গোদাৱাৰী দত্তই ১৯৮৩ চনৰ ২১ ডিচেম্বৰ তাৰিখে মিথিলা কলা বিকাশ সমিতি প্ৰতিষ্ঠা কৰিছিল। ই এক বেচৰকাৰী সংস্থা। ইয়াৰ লক্ষ্য দৰিদ্ৰতাৰ সৈতে যুঁজ কৰা আৰু মধুবানী চিত্ৰশিল্পৰ প্ৰচাৰ কৰা আৰু মহিলাসকলক কলা বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰি এক সাধাৰণ শিক্ষা প্ৰদান কৰা। সংগঠনটোৱে পিছপৰা সম্প্ৰদায়ৰ বাবে কাৰ্যসূচী প্ৰস্তুত আৰু ৰূপায়ণত ব্যস্ত হৈ আছে।[10]
তেওঁ মিথিলা চিত্ৰকলাত গাঁৱৰ মহিলাসকলক অন্তৰ্ভুক্ত কৰিছে আৰু তেওঁলোকক আৰ্থিকভাৱে স্বতন্ত্ৰ হোৱাত সহায় কৰিছে। ছোৱালীৰ শিক্ষাৰ প্ৰচাৰৰ বাবে তেওঁ এখন গাঁও সমিতিও গঠন কৰিছিল।[11]