গোলকীকৰণ বা বিশ্বায়ন (ইংৰাজী: globalization) বিংশ শতিকাৰ শেষভাগত উদ্ভূত এক আন্তঃৰাষ্ট্ৰীয় অৱস্থা য'ত পৃথিৱীৰ বিনিয়োগ, কৰ্মসংস্থান, উৎপাদন তথা বিপণন ব্যৱস্থা এখন দেশ বা অঞ্চলৰ চাৰিসীমা পাৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰিসৰত পৰিব্যাপ্তি লাভ কৰিছে। গোলকীকৰণ হৈছে বিশ্বব্যাপী চৰকাৰসমূহৰ, সংস্থাসমূহৰ, আৰু মানুহৰ মাজত যোগাযোগ আৰু একত্ৰীকৰণ প্ৰক্ৰিয়া। গোলকীকৰণ অভিধাটো হ'ল এটা বহুমাত্ৰিক ধাৰণাৰ সমষ্টি। বিশ্বজনীন দিশত ব্যৱসায়-বাণিজ্য, প্ৰযুক্তি, উদ্যোগ তথা অৰ্থনীতিৰ হোৱা ৰূপান্তৰকে গোলকীকৰণ বুলি কোৱা হয়। গোলকীকৰণক আন্তঃৰাষ্ট্ৰীয়কৰণ, ৰাজনৈতিক তথা অৰ্থনৈতিক উদাৰীকৰণ আৰু এক কাৰিকৰী বিপ্লৱৰ সংমিশ্ৰণ বুলি ক'ব পৰা যায়।[1] এক জটিল আৰু বহুমুখী ঘটনা হিচাপে, গোলকীকৰণক কিছুমানে পুঁজিবাদী সম্প্ৰসাৰণৰ ৰূপ হিচাপে বিবেচনা কৰে যি স্থানীয় তথা ৰাষ্ট্ৰীয় অৰ্থনীতিক বিশ্বজোৰা, অনিয়ন্ত্ৰিত বজাৰৰ অৰ্থনীতিৰ লগত একেলগ কৰে।[2] পৰিবহণ আৰু যোগাযোগ প্ৰযুক্তিৰ বিকাশৰ ফলত গোলকীকৰণো বৃদ্ধি পাইছে। ক্ৰমবৰ্ধমান বিশ্বজোৰা ভাব-বিনিময়ৰ ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, ধাৰণা আৰু সংস্কৃতিৰো বিকাশ ঘটিছে। গোলকীকৰণ হ'ল মূলতঃ সামাজিক আৰু সাংস্কৃতিক দিশবোৰৰ সৈতে সম্পৰ্কিত যোগাযোগ আৰু একত্ৰীকৰণৰ এক অৰ্থনৈতিক প্ৰক্ৰিয়া। দ্বন্দ্ব্ব-বিবাদ আৰু কূটনীতি গোলকীকৰণ আৰু আধুনিক গোলকীকৰণ ইতিহাসৰ এক এক বৃহৎ অংশ।
অৰ্থনৈতিকভাবে, গোলকীকৰণৰ সৈতে অৰ্থনৈতিক সম্পদসমূহ, যেনে: পণ্য, সেৱা, মূলধন, প্ৰযুক্তি আৰু তথ্য জড়িত।[3][4] ইয়াৰোপৰি, ই বিশ্বজোৰা বজাৰৰ বিস্তৃতিৰ ফলত পণ্য আৰু মূলধনৰ বিনিময়ৰ দৰে অৰ্থনৈতিক প্ৰক্ৰিয়াক শিথিল কৰে।[5] সীমান্ত বাণিজ্যৰ বাধাসমূহক আঁতৰ কৰি বিশ্বজোৰা বজাৰ গঠনক গোলকীকৰণে সম্ভাৱ কৰি তুলিছে। বাষ্প চালিত ইঞ্জিন, বাষ্প জাহাজ, জেট ইঞ্জিন আৰু মালবাহী বিশাল জাহাজসমূহ হৈছে পৰিবহণৰ ক্ষেত্ৰত হোৱা কিছু উন্নতিৰ উদাহৰণ, আনহাতে টেলিগ্ৰাফ, ইণ্টাৰনেট, ম’বাইল ফোনৰ উত্থান হৈছে দূৰসংযোগৰ আন্তঃগাঁথনিত হোৱা উন্নতিৰ উদাহৰণ। এই সকলোবোৰ প্ৰযুক্তিগত উন্নতি গোলকীকৰণৰ প্ৰধান কাৰণ আৰু ইয়াৰ ফলত বিশ্বজোৰা অৰ্থনৈতিক তথা সাংস্কৃতিক ক্ষেত্ৰত পৰস্পৰৰ নিৰ্ভশিলতাৰ সৃষ্টি হৈছে।[6][7][8]
যদিও অধিকাংশ পণ্ডিতেই গোলকীকৰণৰ উৎপত্তি আধুনিক সময়ত হৈছে বোলে উল্লেখ কৰিছে; আন কিছুমানে ইয়াক ইউৰোপীয়সকলৰ সামুদ্ৰিক অভিযানৰ যুগৰ, অৰ্থাৎ নতুন পৃথিৱীত অভিযানৰ বহুত আগেতেই ইয়াৰ উৎপত্তি ইতিহাসৰ সন্ধান কৰিছে, কিছুৱে আকৌ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাতে ইয়াৰ উৎপত্তিৰ কথা কৈছে।[9][10] ব্যাপক মাত্ৰাত গোলকীকৰণ আৰম্ভ হৈছিল ১৮২০-ৰ দশকত।[11] ১৯ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আৰম্ভণিত বিশ্বৰ অৰ্থনীতি আৰু সংস্কৃতিৰ যোগসূত্ৰ খুবেই দ্ৰুততাৰে বৃদ্ধি পায়। গোলকীকৰণ বা globalization পৰিভাষাটো সাম্প্ৰতিক, ১৯৭০-ৰ দশকৰ পৰা ইয়াক বৰ্তমানৰ অৰ্থত ব্যৱহাৰ আৰম্ভ কৰা হয়।[12]
২০০০ চনত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে গোলকীকৰণৰ চাৰিটা মৌলিক দিশ চিহ্নিত কৰেছে; এইসমূহ যথাক্ৰমে: (১) বাণিজ্য আৰু আৰ্থিক লেনদেন, (২) পুঁজি আৰু বিনিয়োগ সঞ্চালন, (৩) প্ৰব্ৰজন আৰু মানুহৰ বিচৰণ আৰু (৪) জ্ঞান বিতৰণ।[13] ইয়াৰোপৰি পৰিবেশগত পৰিবৰ্তন, যেনে- গোলকীয় উষ্ণতা বৃদ্ধি, জল আৰু বায়ু প্ৰদূষণৰ সীমা অতিক্ৰম তথা সাগৰত অত্যধিক মাছ ধৰা কাৰ্য গোলকীকৰণৰ সৈতে সম্পৰ্কিত।[14] গোলকীকৰণ প্ৰক্ৰিয়া অনুষ্ঠান-প্ৰতিষ্ঠান, অৰ্থনীতি, আৰ্থসামাজিক সম্পদ তথা প্ৰাকৃতিক পৰিবেশক প্ৰভাৱিত কৰে। বিদ্যায়তনিক অধ্যয়নত গোলকীকৰণক সাধাৰণতে তিনিটা প্ৰধান ক্ষেত্ৰত বিভক্ত কৰা হয়: অৰ্থনৈতিক গোলকীকৰণ, সাংস্কৃতিক গোলকীকৰণ আৰু ৰাজনৈতিক গোলকীকৰণ।[15]