গোলাঘাট জিলা | |
---|---|
— অসমৰ জিলা — | |
অসমত গোলাঘাটৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | উজনি অসম |
স্থাপিত | ১৫ আগষ্ট ১৯৮৭ |
সদৰ | গোলাঘাট |
মহকুমা | গোলাঘাট, বোকাখাত, ধনশিৰী, মেৰাপানী |
চৰকাৰ | |
- লোকসভা সমষ্টি | কলিয়াবৰ |
- বিধানসভা সমষ্টি | বোকাখাত (৯৩), সৰুপথাৰ (৯৪), গোলাঘাট (৯৫), খুমটাই (৯৬) |
মাটিকালি | |
- মুঠ | ৩,৫০২ কি.মি.২ (১,৩৫২.১ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ১০,৬৬,৮৮৮ জন |
- জনঘনত্ব | ৩০৪.৭ প্ৰতি বৰ্গ কি.মি. (৭৮৯ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৭৭.৪৩%[1] |
- লিংগ অনুপাত | ৯৬৪[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 26°00′N 93°00′E / 26.0°N 93.0°Eস্থানাংক: 26°00′N 93°00′E / 26.0°N 93.0°E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
গোলাঘাট জিলা অসমৰ ৩৫খন জিলাৰ ভিতৰত অন্যতম। জিলাৰ সদৰ ঠাই গোলাঘাট নগৰ। এই জিলাৰ চাৰিটা মহকুমা হ'ল গোলাঘাট, ধনশিৰী, বোকাখাত আৰু মেৰাপানী। জিলাখনৰ মাটিকালি ৩,৫০২ কিলোমিটাৰ। ১৯৮৭ চনত জিলা ঘোষিত হোৱা এই জিলাৰ জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ১০,৬৬,৮৮৮ জন। ইয়াৰে ৫,৪৩,১৬১ জন পুৰুষ আৰু ৫,২৩,৭২৭ গৰাকি মহিলা।[1]
গোলাঘাট নামৰ উৎপত্তিৰ এক কাহিনী আছে। ১৯ শতিকাৰ মাজভাগত মাৰোৱাৰী ব্যৱসায়ীসকলে ধনশিৰী নৈৰ ঘাটৰ কাষতে 'গোলা' অৰ্থাৎ সৰু দোকান পাতিছিল। এই ঠাইতে পাছলৈ গোলাঘাট নামেৰে নগৰ গঢ়লৈ উঠে। তদুপৰি আন এক প্ৰবাদ অনুসৰি ধনশিৰী নৈৰ ঘাটত আহোমসকলৰ গোলা-বাৰুদ থোৱা ঘৰ আছিল কাৰণে এই ঘাটটোৰ নাম গোলাঘাট হয়গৈ। পূৰ্বতে গোলাঘাটক টোপোলা ঘাট বা টোপোলা চাপৰি নামেৰেও জনা গৈছিল। ধনশিৰী নদীখন গোলাঘটীয়া ৰাইজৰ বোঁৱতী জীৱন ৰেখা স্বৰূপ। আহোমসকলৰ পূৰ্বে গোলাঘাট কছাৰী ৰাজ্যৰ অধীনত আছিল। অসমীয়া সমাজ জীৱনৰ কেইবাজনো খ্যাতিমান ব্যক্তিয়ে এই গোলাঘাটতে জন্ম লাভ কৰিছিল। গোলাঘাটত প্ৰধানকৈ চুতীয়া আৰু ঠেঙাল কছাৰীসকলৰ স্বকীয় সংস্কৃতি দেখিবলৈ পোৱা যায়।।[2]
সৰুপথাৰৰ নগাজৰী খনিকৰ গাঁৱত পোৱা ৫ম শতিকাৰ শিলালিপিৰ পৰা বুজা যায় যে সেই সময়ত দৈয়াং-ধনশিৰী উপত্যকাত এক স্বাধীন ৰাজ্য আছিল। আকৌ এই অংশত পোৱা নানান ইটাৰে নিৰ্মিত ভৱন, মঠ-মন্দিৰ আদিৰ ধংসাৱশেষ আদিয়ে ৯ম-১০ম শতিকাৰ এখন ৰাজ্যৰ উমান দিয়ে।
১৬ শতিকাত এই দৈয়াং-ধনশিৰী উপত্যকা আহোম ৰাজ্যত চামিল হয়। আহোমসকলে এই ঠাই কছাৰীসকলৰ পৰা দখল কৰে। আহোমৰ ৰাজত্বকালত এই ঠাইৰ শাসনৰ দায়িত্ব মৰঙীখোৱা গোহাঁইৰ আছিল।[2]
ইংৰাজ শাসনকালত এই দৈয়াং-ধনশিৰী উপত্যকা বৃহত্তৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত আছিল। ১৯৮৭ চনৰ ১৫ আগষ্টত গোলাঘাটক এখন জিলা ঘোষণা কৰা হয়।[2]
গোলাঘাট জিলাখন চাৰিটা অসম বিধানসভা সমষ্টিৰ অন্তৰ্গত: বোকাখাত (৯৩), সৰুপথাৰ (৯৪), গোলাঘাট (৯৫) আৰু খুমটাই (৯৬)।[3] এই চাৰিওটা সমষ্টি কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।[4]
বনজ সম্পদত গোলাঘাট জিলা চহকী। ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গৰমপানী অভয়াৰণ্য আৰু নামবৰ দৈগ্ৰুং অভয়াৰণ্য অৱস্থিত। এশিঙীয়া গঁড়ৰ বাসস্থান তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেনদ্ৰ। কাজিৰঙাৰ মুঠ মাটিকালি ৩৭৮ বৰ্গ কি.মি. আৰু অধিকাংশই গোলাঘাট জিলাৰ অন্তৰ্গত। ৯৭.১৫ বৰ্গ-কিলোমিটাৰ আগুৰা নামবৰ দৈগ্ৰুং অভয়াৰণ্য গৰমপানীৰ উঁহৰ বাবে বিখ্যাত।
শোণিতপুৰ জিলা | যোৰহাট জিলা | |||
কাৰ্বি আংলং জিলা | ৱখা জিলা, নাগালেণ্ড | |||
গোলাঘাট জিলা | ||||
ডিমাপুৰ জিলা, নাগালেণ্ড | ক’হিমা জিলা, নাগালেণ্ড |
|