গৰ্ভধাৰণ | |
---|---|
![]() এগৰাকী গৰ্ভৱতী মহিলা | |
শ্ৰেণীবিভাজন আৰু বাহ্যিক উৎস | |
বিশেষ বৃত্তি (চিকিৎসাসেৱা) | Obstetrics |
ICD-10 | Z33 |
ICD-9-CM | 650 |
ৰোগৰ আধাৰতথ্য | 10545 |
মেড্লাইন প্লাছ | 002398 |
eমেডিচিন | article/259724 |
MeSH | D011247 |
গৰ্ভধাৰণ (ইংৰাজী: Pregnancy, gravidity বা gestation বুলিও কোৱা হয়) হৈছে কোনো মহিলাৰ দেহত এটা বা একাধিক অপত্য বিকশিত হোৱা সময়খিনি।[1] বহু গৰ্ভধাৰণত একাধিক অপত্যৰ বিকাশ হয়, যেনে- যমজ সন্তান।[2] যৌন ক্ৰিয়া অথবা সহকাৰী প্ৰজনন প্ৰযুক্তিৰ দ্বাৰা গৰ্ভধাৰণ হয়। অন্তিম ঋতুকালৰ পাছৰ পৰা প্ৰায় ৪০ সপ্তাহলৈকে গৰ্ভধাৰণ হয় আৰু সন্তান প্ৰসৱেৰে ইয়াৰ অন্ত পৰে।[1][3] ই হৈছে ৯ টা চন্দ্ৰ মাহ, প্ৰতিটো মাহত ২৯ দিনকৈ থাকে।[1][3] নিষেচনৰ পৰা হিচাপ কৰিলে ইয়াৰ দৈৰ্ঘ্যতা হ’ব ৩৮ সপ্তাহ। প্ৰথম ৮ সপ্তাহলৈকে বিকাশশীল অপত্যক ভ্ৰূণ বুলি কোৱা হয় আৰু তাৰ পিছৰে পৰা জন্ম হোৱালৈকে ইয়াক সন্তান বোলে।[3] গৰ্ভধাৰণৰ লক্ষণবোৰ হৈছে ঋতুচক্ৰত যতি পৰা, স্তনৰ বিষ, অৰুচি আৰু বমি, ভোক লগা, সঘনাই প্ৰস্ৰাৱ কৰিব লগা আদি।[4] গৰ্ভধাৰণ পৰীক্ষাৰ দ্বাৰাও গৰ্ভধাৰণ নিশ্চিত কৰিব পৰা যায়।[5]