ঘাগ্ৰা চোলি ভাৰতীয় উপমহাদেশৰ মহিলাসকলৰ এক প্ৰকাৰৰ জাতিগত পোছাক। এইবিধ পোছাক লেহেঙ্গা চোলি আৰু স্থানীয়ভাৱে চানিয়া চোলি বুলিও জনা যায়। এই পোছাক বিশেষকৈ ভাৰতৰ ৰাজ্য ৰাজস্থান,[1][2] গুজৰাট,[3] মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা, পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু আৰু কাশ্মীৰৰ লগতে পাকিস্তানৰ পঞ্জাৱ আৰু সিন্ধু প্ৰদেশত পিন্ধা দেখা যায়॥ পঞ্জাৱত, লেহেঙ্গা পৰম্পৰাগতভাৱে কুৰ্তিৰ (চোলা) সৈতে পিন্ধা হয়।[4][5] ই ঘাগ্ৰা বা লেহেঙ্গা (দীঘল স্কাৰ্ট) আৰু চোলি (ব্লাউজ)ৰ সংমিশ্ৰণ। অৱশ্যে সমসাময়িক আৰু আধুনিক ব্যৱহাৰত "লেহেঙ্গা চোলি" হৈছে দক্ষিণ এছিয়াৰ ফেশ্বন ডিজাইনাৰ আৰু বুটিকত অধিক জনপ্ৰিয় আৰু বহুলভাৱে স্বীকৃত শব্দ।
ঐতিহাসিকভাৱে, ঘাগ্ৰা চোলি প্ৰাচীন ভাৰতত মহিলাসকলে পিন্ধা তিনিটুকুৰা পোছাকৰ পৰা বিকশিত হৈছিল। অন্তৰ্মুখী বা ককালত পিন্ধা পোছাক (ঘাগ্ৰা), কান্ধ বা মূৰৰ ওপৰত পিন্ধা আৱৰণ (দুপট্টা) আৰু ষ্টেনাপট্টা এটা বুকু আৱৰি পিন্ধা বস্ত্ৰ (ব্লাউজ)। এই বিষয়ে খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ সময়ছোৱাত সংস্কৃত সাহিত্য আৰু বৌদ্ধ পালি সাহিত্যত উল্লেখ কৰা দেখা যায়।[6]
ছোলি হৈছে এক ধৰণৰ শাৰীৰ সৈতে পিন্ধা ব্লাউজ। ই ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, নেপাল আৰু ইয়াৰ চাৰিওফালৰ অন্যান্য দেশত পিন্ধা দেখা যায়। ই প্ৰাচীন ষ্টানাপট্টাৰ পৰা বিকশিত হৈছিল (কাঞ্চুকি বুলিও জনা যায়)। ই চুটি হাতৰ আৰু ডিঙিৰ পৰা দকৈ কটা পিঠি আৰু বুকু খাপ খাই থকা চোলা॥ ভাৰতীয় উপমহাদেশৰ গ্ৰীষ্মকালত পিন্ধাৰ বাবে এই চোলা বিশেষভাৱে উপযুক্ত।
লেহেঙ্গা, ঘাগ্ৰা (হিন্দী: घाघरा ghāghrā) বা চানিয়া [7] (তামিলত পাৱাদৈ বুলি জনা যায়) হৈছে এক প্ৰকাৰৰ স্কাৰ্ট যি দীঘল, এম্ব্ৰইডাৰী কৰা আৰু প্লিটেড হয়। ই কঁকালত সুৰক্ষিত আৰু তলপিঠি আৰু কঁকালৰ পৰা ভৰিৰ গেৰোৱালৈ দিঘল। [8]। এই বস্ত্ৰ অনাড়ম্বৰভাৱে চিলাই কৰা স্কাৰ্টৰ প্ৰাৰম্ভিক প্ৰকাৰবোৰৰ এটা। ইয়াক নাডা বা ৰছি ব্যৱহাৰ কৰি কঁকালত বন্ধা হয়।
বিংশ শতিকাৰ আৰম্ভণিলৈকে, শ্ৰেণী নিৰ্বিশেষে মহিলাসকলে মুখ্যতঃ ঘাগ্ৰা পিন্ধিছিল যি গোৰোহালৈ দিঘল। ইয়াৰ মুখ্য কাৰণ আছিল। ঘাগ্ৰা দুটাৰ পৰা তিনিটা স্তৰৰ মোটা খাদী কাপোৰৰ পৰা তৈয়াৰ কৰা হয় ইয়াক গোটা আৰু এম্ব্ৰইডাৰীৰে সজোৱা হয়। সচৰাচৰ ব্যৱহৃত ৰংবোৰ হʼল নীলা আৰু হালধীয়া। এই শৈলী এতিয়াও হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু মধ্য প্ৰদেশৰ গ্ৰাম্য অঞ্চলত বিশেষকৈ লোক উৎসৱৰ সময়ত দেখা যায়।
দুপাট্টা (হিন্দী: दुपट्टा, উৰ্দু: دوپٹا) বা চুনৰি (বঙালীত ওড়না বুলি জনা যায়) হৈছে এক স্কাৰ্ফ যি শ্বলৰ দৰে ঘাগ্ৰা আৰু চোলিৰ সৈতে পিন্ধা হয়। ইয়াক মহিলাৰ ছালৱাৰ কামিজ পোছাকৰ অংশ হিচাপেও ব্যৱহাৰ কৰা হয়। একবিংশ শতিকাৰ আৰম্ভণিলৈকে, দুপাট্টা ঘাগ্ৰা চোলিৰ আটাইতকৈ আলংকাৰিত অংশ আছিল, আনহাতে বাকী পোছাকবোৰ সৰল আছিল। বিশেষকৈ ঘাগ্ৰা এটা দৈনন্দিন পিন্ধা বস্ত্ৰ আছিল। দুপাট্টা সমগ্ৰ ভাৰতৰ বহুতো আঞ্চলিক শৈলীত পৰিধান কৰা হৈছিল। মধ্যযুগৰ আৰম্ভণিৰ পৰা পিন্ধাৰ শৈলীটো আছিল এনেধৰণৰ- দুপাট্টাটোৰ এটা মূৰত প্লিট কৰা হৈছিল, যাতে ইয়াক ঘাগ্ৰাৰ সন্মুখৰ কঁকালত খুছি দিব পাৰি। তাৰ পিছত ঢিলা মুৰটো কঁকালত মেৰিয়াই দিয়া হৈছিল আৰু/বা কান্ধৰ ওপৰেৰে বা মুৰটো ঢাকিবলৈ শৰীৰৰ ওপৰৰ অংশত তীৰ্যকভাৱে মেৰিয়াই দিয়া হৈছিল। এই দুপাট্টা পিন্ধাৰ নিয়ম সাধাৰণতে শাৰী পিন্ধাৰ দৰে একে।
দুপাট্টাক পৰম্পৰাগতভাৱে শালীনতাৰ প্ৰতীক হিচাপে দেখা যায়, কিয়নো ইয়াৰ মুখ্য উদ্দেশ্য হৈছে আৱৰণ হিচাপে ব্যৱহাৰ কৰা। সময় পাৰ হৈ যোৱাৰ লগে লগে আৰু ফেশ্বন সলনি হোৱাৰ লগে লগে দুপাট্টাৰ পিন্ধাৰ নিয়ম বিকশিত হয়।