গৃহ নিৰ্যাতন বা ঘৰুৱা নিৰ্যাতন হ'ল কোনো নাৰীক নিজৰ গৃহৰ ভিতৰতে পৰিয়ালৰেই অন্য কোনো ব্যক্তিৰ দ্বাৰা শাৰীৰিক বা মানসিকভাৱে নিপীড়ন বা নিৰ্যাতন কৰা কাৰ্য।
গৃহ নিৰ্যাতনৰ প্ৰধান ধৰণবোৰৰ ভিতৰত আছে:
- অপ্ৰীতিকৰ ফোনকল[1]
- শাৰীৰিকভাৱে আক্ৰমণৰ ভাবুকি[1]
গৃহ নিৰ্যাতনৰ প্ৰধান কাৰণবোৰৰ ভিতৰত আছে:
- দাৰিদ্ৰ্য[2]
- আৰ্থিক সমস্যা[2]
- মানসিকতাৰ পৰিবৰ্তন[2]
- যুদ্ধৰ প্ৰভাৱ[2]
- নৈতিকতাৰ অভাব
- সামাজিক মূল্যবোধৰ অভাব
- অদক্ষ গৃহকৰ্মী
- শিশু গৃহকৰ্মী
- নিৰ্যাতনৰ ফলত নাৰীয়ে কৰ্মস্থল ত্যাগ কৰিব লগা হয়, ফলত উৎপাদনশীলতা ব্যহত হৈছে[1];
- নিৰ্যাতিত মহিলাসকল প্ৰায়ে পলমকৈ কৰ্মস্থলিলৈ আহে বা ছুটিৰ পূৰ্বেই কৰ্মস্থল ত্যাগ কৰে[1], ফলত কৰ্মস্থলিৰ স্বাভাৱিক কাৰ্যক্ৰমত বিঘ্ন ঘটে;
- নিৰ্যাতিত মহিলাসকলৰ টোপনিত ব্যাঘাত ঘটে[1];
- নিৰ্যাতিতা সকলৰ নিজৰ কামৰ উৎসাহ-উদ্দীপনাৰ অভাব আৰু আত্মবিশ্বাসহীনতাত ভোগে[1];
- নিৰ্যাতনৰ ফলত নিৰ্যাতিতা সকলৰ মনত সৰ্বদা এক ধৰণৰ ভীতিয়ে প্ৰভাব পেলায়[1];
- নিৰ্যাতনৰ চিকাৰ হোৱা নাৰীসকল গৃহ ত্যাগৰ ফলত উৎপীড়ণৰ চিকাৰ হয়[3];
- গৃহ পৰিচালনাত ব্যাঘাত দেখা দিয়ে।
- পতিতা বৃত্তি বৃদ্ধি পায়।
- চুৰিৰ ঘটনা ঘটে।
- শিশু অপহৰণৰ ঘটনা ঘটে।
- অন্যান্য অপৰাধৰ ঘটনা ঘটে।
পৃথিবীৰ বিভিন্ন স্থানত এই ধৰণৰ নিৰ্যাতনৰ ঘটনা অহৰহ ঘটি থাকে; সাধাৰণতে তুলনামূলকভাৱে যুদ্ধ বিদ্ধস্থ অঞ্চল, নিম্ন−উন্নয়নশীল অঞ্চল আৰু শিক্ষাৰ হাৰ যিবোৰ অঞ্চলত কম সেইবোৰ অঞ্চলত এনে নিৰ্যাতনৰ প্ৰকোপ বেছি লক্ষণীয়।
ৰাছিয়াত প্ৰতিবছৰে ৬ লক্ষ নাৰী নিজৰ গৃহত নিৰ্যাতনৰ চিকাৰ হয়[4]। যুদ্ধ-বিদ্ধস্থ ছাৰ্বিয়াত প্ৰতি ৩ গৰাকী নাৰীৰ ভিতৰত এগৰাকী নাৰী এই ধৰণৰ নিৰ্যাতনৰ চিকাৰ হয়[2]। অন্য ফালে, জাৰ্মানিত প্ৰতিবছৰে প্ৰায় ৪০ হাজাৰ মহিলা নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ মহিলাসকলৰ সাহায্যাৰ্থে গঢ়ি উঠা বিভিন্ন আশ্ৰয় কেন্দ্ৰত আহি আশ্ৰয় লয়।[1]