চন্দ্ৰ | |
---|---|
চন্দ্ৰ, নিশা, বনানি আৰু শাক-পাচলিৰ দেৱতা[1][2] | |
নৱগ্ৰহ-ৰ সদস্য | |
অষ্টাদশ শতিকাত অংকিত চন্দ্ৰৰ চিত্ৰ | |
অন্য নাম | সোম, চন্দ্ৰমা, শশী, নিশাকৰ |
দেৱনাগৰী | चन्द्र |
সম্পৰ্ক | দেৱতা, গ্ৰহ, দিগপাল |
নিবাস | চন্দ্ৰলোক |
গ্ৰহ | চন্দ্ৰ |
মন্ত্ৰ | ওঁম চন্দ্ৰমাসে নমঃ |
অস্ত্ৰ | পাশ |
বাৰ | সোমবাৰ |
বৰণ | শেঁতা শুভ্ৰ[3] |
সংখ্যা | ২, ১১, ২০, ২৯ |
সঙ্গী | ৰোহিনী (মুখ্য সংগিনী), ৰেৱতী আৰু ২৫ নক্ষত্ৰ দেৱী; তাৰা (অবৈধ) |
সহোদৰ | দুৰ্বাসা আৰু দত্তাত্ৰেয় |
সন্তান | বুধ, বৰ্ষচ, ভদ্ৰা, জ্যোৎস্নাকালী |
আসন/বাহন | শৰপহুৱে টনা ৰথ |
চন্দ্ৰ (সংস্কৃত: चन्द्र), বা সোম হৈছে হিন্দুধৰ্মৰ চন্দ্ৰ বা জোনৰ দেৱতা। তেওঁ নিশা বা ৰাতি, বনানি আৰু শাক-পাচলিৰ সৈতে জড়িত। তেওঁ নৱগ্ৰহ আৰু দিশসমূহৰ ৰক্ষক অৰ্থাৎ দিগপালসকলৰ অন্যতম।[4]
"চন্দ্ৰ" শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে "উজ্জ্বল বা জিলিকি থকা।" সংস্কৃত, হিন্দী আৰু অন্যান্য ভাৰতীয় ভাষাত জোনবাইক বুজাবৰ বাবে চন্দ্ৰ শব্দৰ ব্যৱহাৰ কৰা হয়। [5][6] হিন্দু পুৰাণৰ এক অসুৰ আৰু এজন সূৰ্যবংশী ৰজাৰ নামো চন্দ্ৰ। [7] ইয়াৰ লগতে ই এক সাধাৰণ ভাৰতীয় নাম আৰু উপাধি। সংস্কৃতৰ পৰা উদ্ভৱ হোৱা দক্ষিণ এছিয়াৰ বহুতো ভাষাত পুৰুষ আৰু স্ত্ৰী দুয়োৰে নামতে চন্দ্ৰৰ বিভিন্ন সমাৰ্থক নাম বিদ্যমান।
চন্দ্ৰৰ কিছু সমাৰ্থক শব্দৰ ভিতৰত সোম (নিৰ্মল), ইন্দু (উজ্জ্বল টোপাল), অত্ৰিসূত (অত্ৰিৰ পুত্ৰ), শশীন বা শচীন (শহাপহুৰ চিহ্নযুক্ত), তৰাধিপ (তৰাৰ অধিপতি) আৰু নিশাকৰ (নিশাৰ কাৰক), নক্ষত্ৰপতি (নক্ষত্ৰৰ অধিপতি), ঔষধিপতি (বনৌষধিৰ অধিপতি), উড়ুৰাজ বা উড়ুপতি (জলদেৱতা), কুমুদনাথ (পদুমৰ অধিপতি) আৰু উড়ুপা (নাও) আদি প্ৰধান। [4][2]
চন্দ্ৰক বুজাবলৈ সচৰাচৰ ব্যৱহৃত নামবোৰৰ ভিতৰত সোম হৈছে অন্যতম। কিন্তু চন্দ্ৰক বুজাবলৈ সোম শব্দটোৰ আটাইতকৈ প্ৰাচীনতম ব্যৱহাৰ সম্পৰ্কে বিদ্বানসকল একমত নহয়। কিছুমান পণ্ডিতে কয় যে বেদত চন্দ্ৰৰ বাবে সোম শব্দটো মাজে মাজে ব্যৱহাৰ কৰা হয়। আনহাতে কিছুসংখ্যকে ক'ব খোজে যে কেৱল বৈদিক যুগৰ পৰৱৰ্তী কালৰ সাহিত্যতহে ইয়াৰ ব্যৱহাৰ হৈছিল। [8]
প্ৰাথমিকভাৱে বেদসমূহত সোম শব্দটো এবিধ নিচাযুক্ত উদ্ভিদৰ পানীয় আৰু ইয়াক প্ৰতিনিধিত্ব কৰা দেৱতাৰ বাবে ব্যৱহাৰ কৰা হয়।[9] বৈদিক যুগৰ পিছৰ আখ্যানসমূহত জোন আৰু উদ্ভিদৰ সৈতে জড়িত চন্দ্ৰৰ বাবে সোম শব্দটোৰ ব্যৱহাৰ কৰা হয়। [8][10][11] হিন্দু গ্ৰন্থসমূহৰ মতে চন্দ্ৰ সূৰ্যৰ দ্বাৰা আলোকিত আৰু পুষ্টিপ্ৰাপ্ত আৰু চন্দ্ৰই হৈছে ঐশ্বৰিক অমৃতৰ প্ৰাপ্তিস্থান। [4] পুৰাণসমূহত সোমক কেতিয়াবা বিষ্ণু, শিৱ (সোমনাথ নামেৰে), যম আৰু কুবেৰক বুজাবলৈও ব্যৱহাৰ কৰা হয়।[12] কিছুমান ভাৰতীয় গ্ৰন্থৰ মতে সোম এগৰাকী অপ্সৰাৰ নাম। ইয়াৰোপৰি যিকোনো ঔষধি মিশ্ৰণ, বা চাউল আৰু পানীৰ মিশ্ৰণ, বা স্বৰ্গ আৰু আকাশ, তথা কিছুসংখ্যক তীৰ্থস্থানৰ নামো হৈছে সোম।[12]
সোমৰ উৎপত্তি সম্পৰ্কে হিন্দু বৈদিক গ্ৰন্থসমূহত বিভিন্ন বৰ্ণনা পোৱা যায়। এইসমূহৰ মতে সোম একে নামৰ উদ্ভিদৰ পৰা তৈয়াৰ কৰা পানীয়ৰ মূৰ্তমান স্বৰূপ। পণ্ডিতসকলৰ মতে বৈদিক সভ্যতাত উদ্ভিদৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল আৰু সেয়েহে চন্দ্ৰ এক অন্যতম গুৰুত্বপূৰ্ণ দেৱতা হিচাপে পৰিগণিত হৈছিল। এই বৈদিক গ্ৰন্থসমূহত সোমক উদ্ভিদ আৰু অৰণ্যৰ অধিপতি, নদী আৰু পৃথিৱীৰ ৰজা তথা দেৱতাৰ পিতৃ হিচাপে বৰ্ণনা কৰা হয়। ঋকবেদৰ নৱম মণ্ডলটো দেৱতা আৰু উদ্ভিদ ৰূপত সোমৰ প্ৰতি উৎসৰ্গিত। [13] বৈদিক গ্ৰন্থসমূহত সোমক চন্দ্ৰ দেৱতা হিচাপে চিহ্নিত কৰাটো পণ্ডিতসকলৰ মাজত এক বিতৰ্কিত বিষয়। [8] উইলিয়াম জে. ৱিলকিন্সৰ মতে, "পিছৰ বছৰবোৰত সোম নামটো [....] চন্দ্ৰক দিয়া হৈছে। এই পৰিৱৰ্তন কেনেকৈ আৰু কিয় হৈছিল জনা নাযায়; কিন্তু বৈদিক শ্লোকসমূহৰ পিছৰ ভাগত পৰিৱৰ্তনৰ কিছু প্ৰমাণ আছে।" [note 1][14]
ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ দৰে বৈদিক গ্ৰন্থত সোমক চন্দ্ৰ দেৱতা হিচাপে উল্লেখ কৰা হৈছে আৰু ইয়াত চন্দ্ৰৰ বহুতো বিষয়ে বহুবাৰ উল্লেখ আছে। [15][16] এই গ্ৰন্থসমূহৰ অধিকাংশৰ মতে দত্তাত্ৰেয় আৰু দুৰ্বাসাৰ লগতে চন্দ্ৰ হৈছে ঋষি অত্ৰি আৰু তেওঁৰ পত্নী অনসূয়াৰ পুত্ৰ। দেৱী ভাগৱত পুৰাণে চন্দ্ৰক সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাৰ অৱতাৰ বুলি উল্লেখ কৰিছে। [7] কিছুমান গ্ৰন্থত চন্দ্ৰৰ জন্ম সম্পৰ্কে বিভিন্ন বিৱৰণ আছে। ইয়াৰে এক বিৱৰণ অনুসৰি তেওঁ ধৰ্মৰ পুত্ৰ। আন এঠাইত প্ৰভাকৰক তেওঁৰ পিতৃ বুলি কোৱা হৈছে। [16] এই গ্ৰন্থসমূহত চন্দ্ৰৰ বিষয়ে বহুতো আখ্যান আছে।
এবাৰ চন্দ্ৰ আৰু দেৱগুৰু বৃহস্পতিৰ পত্নী তাৰা ইজনে সিজনৰ প্ৰেমত পৰে। তেওঁ তাৰাক অপহৰণ কৰি নিজৰ ৰাণী পাতে। বৃহস্পতিয়ে একাধিকবাৰ শান্তি প্ৰস্তাৱ আৰু ভাবুকিৰ দিও বিফল হোৱাৰ পিছত চন্দ্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। দেৱতাসকলে তেওঁলোকৰ গুৰুৰ পক্ষ লয়। ইয়াৰ বিপৰীতে বৃহস্পতিৰ শত্ৰু আৰু অসুৰৰ গুৰু শুক্ৰাচাৰ্যই চন্দ্ৰক সহায় কৰে। ব্ৰহ্মাৰ হস্তক্ষেপত এই যুদ্ধ সমাপ্ত হয় আৰু গৰ্ভৱতী তাৰাক তেওঁৰ স্বামীৰ ওচৰলৈ ঘূৰাই নিয়া হয়। পৰৱৰ্তী সময়ত তাৰাই বুধ নামৰ এটা পুত্ৰৰ জন্ম দিয়ে। কিন্তু সন্তানটোৰ পিতৃত্বক লৈ বিতৰ্কৰ সূচনা হয়। চন্দ্ৰ আৰু বৃহস্পতি উভয়ে নিজকে বুধৰ পিতৃ বুলি দাবী কৰে। ব্ৰহ্মাই আকৌ এবাৰ হস্তক্ষেপ কৰি তাৰাক এই বিষয়ে প্ৰশ্ন কৰাত তেওঁ অৱশেষত চন্দ্ৰক বুধৰ পিতৃ বুলি নিশ্চিত কৰে। বুধৰ পুত্ৰ আছিল পুৰুষৱ আৰু তেওঁ চন্দ্ৰবংশী ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। [7][8]
চন্দ্ৰই প্ৰজাপতি দক্ষৰ ২৭ গৰাকী কন্যাক বিয়া কৰাইছিল। তেওঁলোক আছিল অশ্বিনী, ভৰনী, কৃত্তিকা, ৰোহিণী, মৃগশিৰা, আৰ্দ্ৰা, পুনৰভাসু, পুষ্প্য, আশ্লেষা, জনকাম, ফাল্গুনী, উত্তৰফাল্গুনী, হস্তা, চিত্ৰা, স্বাতী, বিশাখা, অনুৰাধা, যশথা, মূলা, পূৰ্বশাধা, উত্তৰাশাধা, শ্ৰীধ, শ্ৰোণা (বা শ্ৰৱণ), শ্ৰোণা (বা শতভিস্পত), পূৰ্ণাস্পদ, উত্তৰাপদাপদ আৰু ৰেৱতী। [7] এওঁলোকে চন্দ্ৰৰ ওচৰৰ ২৭টা নক্ষত্ৰ বা নক্ষত্ৰমণ্ডলৰ একোটাক প্ৰতিনিধিত্ব কৰে। তেওঁৰ ২৭ গৰাকী পত্নীৰ ভিতৰত চন্দ্ৰই ৰোহিণীক আটাইতকৈ বেছি ভাল পাইছিল আৰু বেছিভাগ সময় ৰোহিণীৰ সৈতে অতিবাহিত কৰিছিল। এই কথাত আন ২৬ গৰাকী পত্নী বিচলিত হয় আৰু দক্ষৰ ওচৰত অভিযোগ কৰে। ফলস্বৰূপে দক্ষই চন্দ্ৰক অভিশাপ দিয়ে। [17]
আন এক আখ্যান অনুসৰি গণেশে কুবেৰে আয়োজন কৰা এক ভোজৰ পিছত পূৰ্ণিমা নিশা তেওঁৰ বাহন ক্ৰৌঞ্চৰ (এক এন্দুৰ) পিঠিত আৰোহণ কৰি ঘৰলৈ উভতি আহিছিল। এই যাত্ৰাপথত এটা সাপে তেওঁলোকৰ পথ অতিক্ৰম কৰে আৰু ক্ৰৌঞ্চই ভয় খাই গণেশক পেলাই থৈ পলাই যায়। অত্যধিক ভক্ষণ কৰা গণেশ মাটিত বাগৰি পৰি তেওঁ খোৱা সকলোবোৰ মোদক নিৰ্গত কৰে। এই ঘটনা দেখি চন্দ্ৰই গণেশক হঁহাত গণেশে ক্ৰোধান্বিত হৈ তেওঁৰ এটা দাঁত ভাঙি পেলায় আৰু চন্দ্ৰৰ ফালে দলিয়াই দি আঘাত কৰে। লগতে তেওঁ চন্দ্ৰক অভিশাপ দিয়ে যে তেওঁ কেতিয়াও পূৰ্ণাংগ হ'ব নোৱাৰে। সেয়েহে গণেশ চতুৰ্থীৰ দিনা চন্দ্ৰ দৰ্শন কৰাটো নিষিদ্ধ বুলি বিশ্বাস কৰা হয়। এই আখ্যানটোৰ মতে এই অভিশাপৰ ফলতেই চন্দ্ৰৰ কলা হ্ৰাস পায় আৰু চন্দ্ৰত এটা ডাঙৰ গৰ্তৰ সৃষ্টি হয়।[18]
হিন্দু গ্ৰন্থত সোম বা চন্দ্ৰক বিভিন্নধৰণে উপস্থাপন কৰা হয়। সচৰাচৰ তেওঁ শুকুলা ৰঙৰ এজন দেৱতা যি হাতত গদা ধাৰণ কৰি তিনিটা চকা আৰু তিনি বা ততোধিক (দহটালৈকে) বগা ঘোঁৰা ৰথত উঠি ভ্ৰমণ কৰে।[4]
চন্দ্ৰ-দেৱতা হিচাপে বৌদ্ধ ধৰ্ম[19] আৰু জৈন ধৰ্মতো সোমৰ উপস্থিতি পোৱা যায়।[20]
সোম হৈছে হিন্দু বৰ্ষপঞ্জীৰ সোমবাৰৰ মূল।[21] গ্ৰীক-ৰোমান আৰু অন্যান্য ইণ্ডো-ইউৰোপীয় বৰ্ষপঞ্জীত "Monday" অৰ্থাৎ সোমবাৰ বুজোৱা শব্দটোও চন্দ্ৰলৈ উৎসৰ্গিত।[22] সোম হিন্দু ৰাশিচক্ৰৰ নৱগ্ৰহৰ অংশ। সময়ৰ লগে লগে নৱগ্ৰহৰ ভূমিকা আৰু গুৰুত্ব বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হৈ বিকশিত হৈছিল। জ্যোতিষশাস্ত্ৰত চন্দ্ৰৰ তাৎপৰ্যৰ বিষয়টো বৈদিক যুগৰ আৰম্ভণিতে উদ্ভৱ হৈছিল আৰু এই কথা বেদত লিপিবদ্ধ কৰা হৈছিল। ভাৰতত লিপিবদ্ধ হোৱা জ্যোতিষশাস্ত্ৰৰ আটাইতকৈ পুৰণি নিদৰ্শন হৈছে বেদাঙ্গ জ্যোতিষ। খ্ৰীষ্টপূৰ্ব চতুৰ্দশ শতিকাতে ই ক্ৰমাৎ সংকলিত হ'বলৈ আৰম্ভ কৰিছিল। চন্দ্ৰকে আদি কৰি বিভিন্ন ধ্ৰুপদী গ্ৰহবোৰৰ বিষয়ে প্ৰায় ১০০০ খ্ৰীষ্টপূৰ্বতে অথৰ্ববেদত উল্লেখ কৰা হৈছিল।
যৰ'এষ্ট্ৰিয়ান আৰু হেলেনিষ্টিক প্ৰভাৱকে ধৰি পশ্চিম এছিয়াৰ পৰা আমদানিকৃত অতিৰিক্ত অৱদানসমূহে নৱগ্ৰহৰ ধাৰণাটোত সাৰ-পানী যোগাইছিল। পশ্চিমীয়া ক্ষত্ৰপ ৰজা ১ম ৰুদ্ৰকৰ্মনৰ শাসনকালত ইণ্ডো-গ্ৰীক যৱনেশ্বৰৰ দ্বাৰা যৱনজাতক বা 'যৱনসকলৰ বিজ্ঞান' লিখা হৈছিল। ১২০ চনত লিখা যৱনজাতক সততে ভাৰতীয় জ্যোতিষশাস্ত্ৰক এক মানদণ্ড প্ৰদান কৰাৰ বাবে কৃতিত্ব দিয়া হয়। শক বা চিথিয়ানসকলৰ সময়ত নৱগ্ৰহৰ অধিক বিকাশ হয়। ইয়াৰ উপৰিও শক লোকসকলৰ অৱদান ভাৰতৰ ৰাষ্ট্ৰীয় বৰ্ষপঞ্জীৰ আধাৰ আৰু ইয়াক শক বৰ্ষপঞ্জী বুলিও কোৱা হয়।
হিন্দু বৰ্ষপঞ্জী হৈছে এক চন্দ্ৰ-সৌৰ বৰ্ষপঞ্জী আৰু ই চন্দ্ৰ আৰু সৌৰ চক্ৰ দুয়োটাকেই লিপিৱদ্ধ কৰে। নৱগ্ৰহৰ দৰেই ইয়াকো বিভিন্নধৰণৰ কালানুক্ৰমিক অৱদানেৰে বিকশিত কৰা হৈছিল।
চন্দ্ৰক হিন্দু জ্যোতিৰ্বৈজ্ঞানিক গ্ৰন্থসমূহত এটা গ্ৰহ বুলি ধাৰণা কৰা হৈছিল।[23] ইয়াৰ বিষয়ে প্ৰায়ে বিভিন্ন সংস্কৃত জ্যোতিৰ্বৈজ্ঞানিক গ্ৰন্থত আলোচনা কৰা হৈছে। উদাহৰণস্বৰূপে পঞ্চম শতিকাত ৰচিত আৰ্যভট্টৰ আৰ্যভট্টিয়, ষষ্ঠ শতিকাৰ লতদেৱৰ ৰোমকা আৰু বৰাহমিহিৰৰ পংক সিদ্ধান্তিকা, ব্ৰহ্মগুপ্তৰ দ্বাৰা সপ্তম শতিকাত ৰচিত খণ্ডখাদ্যক আৰু লাল্লাৰ দ্বাৰা অষ্টম শতিকাত ৰচিত শিশ্যধিৱৰ্দ্দিদাৰ নাম ল'ব পাৰি।[24] সূৰ্য সিদ্ধান্তৰ দৰে অন্যান্য গ্ৰন্থসমূহে পঞ্চম শতিকাৰ পৰা দশম শতিকাৰ মাজৰ কোনো সময়ত পৰিপূৰ্ণ ৰূপ পোৱা বুলি কোৱা হয় আৰু এইসমূহত দেৱতাৰ সৈতে জড়িত আখ্যান বিভিন্ন গ্ৰহৰ সৈতে ৰিজাই উপস্থাপন কৰা হৈছে।[24] এই গ্ৰন্থসমূহৰ মতে হিন্দু পণ্ডিতসকল উপবৃত্তাকাৰ কক্ষপথৰ বিষয়ে অৱগত আছিল আৰু এই গ্ৰন্থসমূহত ইয়াৰ অতীত আৰু ভৱিষ্যতৰ স্থিতি গণনা কৰাৰ বাবে অত্যাধুনিক সূত্ৰ অন্তৰ্ভুক্ত কৰা হৈছিল।[25]
|