চন্দ্ৰঘণ্টা | |
---|---|
অসুৰৰ সৈতে যুঁজ দিয়া দেৱী | |
দেৱনাগৰী | चंद्रघंटा |
সম্পৰ্ক | পাৰ্বতীৰ অৱতাৰ |
গ্ৰহ | চন্দ্ৰ |
মন্ত্ৰ | पिण्डजप्रवरारुढा चण्डकोपास्त्रकैर्युता। प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता॥ |
অস্ত্ৰ | ত্ৰিশূল, পদ্ম, গদা, কমণ্ডলু, তৰোৱাল, ধনু, কাঁড়, জপমালা, অভয়মুদ্ৰা, জ্ঞান মুদ্ৰা |
সঙ্গী | শিৱ |
বাহন | বাঘ |
চন্দ্ৰঘণ্টা (সংস্কৃত: चंद्रघंटा) হৈছে দেৱী পাৰ্বতীৰ (দুৰ্গা) তৃতীয় ৰূপ। চন্দ্ৰঘণ্টাৰ অৰ্থ হৈছে "যাৰ অৰ্ধ চন্দ্ৰ আকৃতিৰ ঘণ্টা আছে।" দেৱীৰ তৃতীয় নয়ন সদায় মুক্ত অৱস্থাত থাকে আৰু তেওঁ সদায় ৰাক্ষসৰ বিৰুদ্ধে যুদ্ধৰ বাবে সাজু থাকে। তেওঁক চন্দ্ৰখণ্ড, চণ্ডিকা বা ৰণচণ্ডী বুলিও জনা যায়। তেওঁৰ উপাসনা নৱৰাত্ৰিৰ তৃতীয় দিনা (নৱদুৰ্গাৰ প্ৰতি উচৰ্গিত ছটা নিশা) অনুষ্ঠিত হয়।[1][2][3] তেওঁ ভক্তসকলক নিজৰ অনুগ্ৰহ, সাহসেৰে পুৰস্কৃত কৰে বুলি বিশ্বাস কৰা হয়। তেওঁ অনুগ্ৰহ লাভৰ দ্বাৰা ভক্তসকলৰ সকলো পাপ, দুখ, শাৰীৰিক কষ্ট, মানসিক ক্লেশ আৰু ভৌতিক বাধাসমূহ নিৰ্মূল হয়। ই দেৱীৰ বিবাহিত ৰূপটোকো প্ৰতিনিধিত্ব কৰে।
শিৱ মহা পুৰাণৰ মতে, চন্দ্ৰঘণ্টা হৈছে চন্দ্ৰশেখৰৰ ৰূপত ভগৱান শিৱৰ শক্তি। শিৱৰ প্ৰতিটো ৰূপ শক্তিৰ সৈতে জড়িত। সেয়েহে তেওঁলোক হৈছে অৰ্ধনাৰীশ্বৰ।
চন্দ্ৰঘণ্টাক দশভূজা ৰূপত চিত্ৰায়িত কৰা হয়। তেওঁ হাতত ত্ৰিশূল, গদা, ধনু-কাঁড়, খড়্গ (তৰোৱাল), পদুম ফুল, ঘণ্টা আৰু কমণ্ডলু ধাৰণ কৰে। তেওঁৰ এখন হাত বৰদা মুদ্ৰা অৰ্থাৎ আশীৰ্বাদৰ ভঙ্গী বা অভয়মুদ্ৰাত থাকে। তেওঁ বাঘ বা সিংহৰ ওপৰত আৰোহণ কৰে। তেওঁৰ বাহনে সাহসিকতাক প্ৰতিনিধিত্ব কৰে। তেওঁ কপালত ঘণ্টাৰ ৰূপত অৰ্ধচন্দ্ৰ পৰিধাণ কৰে আৰু তেওঁ ত্ৰিনেত্ৰ ধাৰণ কৰে।
দুৰ্গাৰ এই ৰূপটো আগৰ ৰূপবোৰতকৈ সম্পূৰ্ণ ভিন্ন নহয়। দেৱীৰ এই ৰূপটোৱে সূচায় যে প্ৰৰোচিত কৰিলে তেওঁ উন্মত্ত বা অশুভ হৈ উঠিব পাৰে। তেওঁৰ অশুভ ৰূপটোক চণ্ডী বা চামুণ্ডা দেৱী বুলি কোৱা হয়। অন্য সময়ত তেওঁ শান্তিৰ প্ৰতিমূৰ্তি। চন্দ্ৰঘণ্টাক আদৰ আৰু উপাসনা কৰা ভক্তসকলে সহজে জীৱনত সফলতা অৰ্জন কৰে বুলি বিশ্বাস কৰা হয়। চন্দ্ৰঘণ্টা দুষ্টক নাশ কৰিবলৈ সদায়েই সাজু, কিন্তু তেওঁৰ ভক্তসকলৰ বাবে তেওঁ এগৰাকী দয়ালু আৰু সহানুভূতিশীল মাতৃ যি শান্তি আৰু সমৃদ্ধিৰ বৰ্ষণ কৰে। ৰাক্ষসৰ সৈতে হোৱা যুদ্ধৰ সময়ত দেৱীৰ ঘণ্টাৰ পৰা উৎপন্ন হোৱা ভয়ংকৰ শব্দই হাজাৰ হাজাৰ দুষ্ট ৰাক্ষসক মৃত্যুলোকলৈ প্ৰেৰণ কৰিছিল। তেওঁ কেতিয়াবা যুদ্ধংদেহি ৰূপত ভক্তসকলৰ শত্ৰুক নাশ কৰিবলৈ উদ্যত হৈ থাকে যাতে তেওঁলোকে শান্তি আৰু সমৃদ্ধিত জীয়াই থাকিব পাৰে। তেওঁৰ অনুগ্ৰহত ভক্তই দৈৱদৃষ্টি লাভ কৰে। যদি এজন ভক্তই দৈৱিক সুগন্ধি লাভ কৰে আৰু বিভিন্ন ধ্বনি শুনিবলৈ পায় তেন্তে তেওঁক দেৱী মাতৃয়ে আশীৰ্বাদ কৰে বুলি কোৱা হয়।[4] দেৱীৰ বসতি মণিপুৰ চক্ৰত।
ॐ देवी चंद्रघण्टायै नम:
ওঁ দেৱী চন্দ্ৰঘণ্টায়ে নমঃ
पिण्डज प्रवरारूढ़ा चण्डकोपास्त्रकैर्युता। प्रसीदम तनुते महयं चन्द्रघण्टेति विश्रुता॥[5]
"পিণ্ডজ প্ৰবৰাৰুঢ়া চণ্ডকোপাস্ত্ৰকৈৰ্যুতা। প্ৰসীদম তনুতে মহয়ং চন্দ্ৰঘণ্টেতি বিশ্ৰুতা॥"