চম্পাৱতী | |
---|---|
![]() | |
চম্পাৱতীৰ কাল্পনিক চিত্ৰ | |
সাধু কথা | |
নাম: | চম্পাৱতী |
তথ্য | |
অঞ্চল: | অসম, ভাৰত |
প্ৰকাশ: | বুঢ়ী আইৰ সাধু (লক্ষ্মীনাথ বেজবৰুৱা) |
চম্পাৱতী অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সংকলিত কৰা লোকসাধুৰ সংকলন বুঢ়ী আইৰ সাধুত এই সাধুটো সন্নিৱিষ্ট কৰা হৈছে। এই সাধুটোত চম্পাৱতী নামৰ এগৰাকী ছোৱালীৰ বিবাহ এটা অজগৰৰ সৈতে সম্পন্ন হয়। পিছত চম্পাৱতীয়ে অজগৰৰ মাতৃৰ প্ৰৰোচনাত অজগৰৰ মোটটো জুইত পুৰি প্ৰকৃত ৰূপত গিৰিয়েকক লাভ কৰে।[1]
চহকী লোক এজনৰ জীয়ৰী চম্পাৱতী। চহকী লোকজনৰ লাগী আৰু এলাগী দুগৰাকী পত্নী আছিল। দুয়োগৰাকীৰে একোজনীকৈ জীয়ৰি আছিল। এলাগী তিৰোতাগৰাকীৰ জীয়েক আছিল চম্পাৱতী। চম্পাৱতী আৰু তাইৰ মাকক দেউতাক আৰু মাহীমাকে অৱহেলা আৰু লঘু-লাঞ্ছনা কৰিছিল। এদিন বাপেকে চম্পাৱতীক পকা ধান ৰখিবলৈ হুকুম দিয়াত ধান ৰখিবলৈ গৈ টঙিৰ ওপৰত উঠি বটা চৰাই খেদিবলৈ গীত জুৰোঁতে কোনোবাই হাবিৰ মাজৰ পৰা চম্পাৱতীক বিয়া কৰাই ঘৰলৈ নিব বুলি প্ৰত্যুত্তৰ দিলে। পিছদিনাও এই ঘটনাৰ পুনৰাবৃত্তি ঘটাত চম্পাৱতীৰ দেউতাকে গাঁৱৰ মানুহ লৈ হাবিলৈ গ'ল আৰু যি চম্পাৱতীক প্ৰত্যুত্তৰ দিছে তেওঁ দেখা দিলে নিজৰ জীক তেওঁলৈ বিয়া দিব বুলি কথা দিলে। তেতিয়া হাবিৰ পৰা এডাল অজগৰ ওলাই আহিল। মাকৰ অনিচ্ছা সত্ত্বেও দেউতাকৰ প্ৰতিজ্ঞা অনুসৰি চম্পাৱতীক ৰীতি-নীতিৰে অজগৰৰ সৈতে বিয়া দিয়া হ'ল। দৰা-কইনাক একেলগে থাকিবলৈ দিয়াৰ পিছদিনা দেখা গ'ল যে অজগৰ নাই আৰু চম্পাৱতীৰ দেহত সোণৰ অলঙ্কাৰেৰে উপচি আছে। এই দেখি লাগী পত্নীৰ ঈৰ্ষা উপজিল। তেওঁ নিজৰ জীয়েককো হাবিৰ পৰা অজগৰ এটা ধৰাই আনি ধন-সোণৰ আশাত চম্পাৱতীৰ দৰে বিয়া দিলে। কিন্তু এই অজগৰে ন-কইনাক উদৰস্থ কৰিলে।
জীয়েকৰ মৃত্যুত শোকত ম্ৰিয়মাণ হোৱা লাগী পত্নী আৰু দেউতাকে এদিন এলাগী আৰু চম্পাৱতীক কাটিবলৈ যাওঁতে চম্পাৱতীৰ অজগৰৰৰূপী গিৰিয়েক আহি দুয়োকে গিলি থয়। ইয়াৰ পিছত মাক-জীয়েক দুয়োকে অৰণ্যৰ মাজৰ পকী ঘৰ এটালৈ লৈ যায়। মাকৰ মৃত্যুৰ পিছত অজগৰৰ ৰাক্ষসী মাতৃয়ে মগনীয়াৰ ভেশেৰে আহি চম্পাৱতীক গিৰিয়েকৰ আচল দেৱৰূপ উন্মোচন কৰিবলৈ মন্ত্ৰণা দিয়ে। সেইমতে কাম কৰাৰ পিছত চম্পাৱতীৰ সৈতে গিৰিয়েকৰ বিচ্ছেদ হয়। শেষত ছবছৰৰ পিছত দুয়োৰে পুনৰ্মিলন ঘটে। অজগৰৰ ৰাক্ষসী মাতৃয়ে চম্পাৱতীক হত্যা কৰিবলৈ প্ৰচেষ্টা চলাওঁতে অজগৰৰূপী দেৱতাই তেওঁক বধ কৰে আৰু ইয়াৰ পিছত দুয়ো সুখেৰে বসবাস কৰিবলৈ লয়।[1]
পৃথিৱীৰ বিভিন্ন প্ৰান্তত প্ৰচলিত সাধুকথাৰ সৈতে চম্পাৱতীৰ কাহিনীৰ সাদৃশ্য দেখা যায়। অৰুণাচল প্ৰদেশৰ আপাতানি লোকসকলৰ মাজত প্ৰচলিত এক অনুৰূপ সাধুকথাতো এক সৰ্পৰ সৈতে এজনী ছোৱালীৰ বিয়া হয় আৰু সাপৰ মোট পুৰি তাই মানৱ ৰূপত গিৰিয়েকক লাভ কৰে। তাইৰ ভনীয়েকে ঈৰ্ষান্বিত হৈ আন এটা সাপৰ সৈতে বিবাহপাশত আৱদ্ধ হয় যদিও সৰ্প দংশনত তাইৰ মৃত্যু ঘটে।[2]
২০১৬ চনত মুক্তিলাভ কৰা ভাস্কৰ হাজৰিকা পৰিচালিত অসমীয়া ভাষাৰ হ'ৰৰ ফেণ্টাছী চলচ্চিত্ৰ কথানদীত চম্পাৱতীৰ সাধুৰ একাংশ সন্নিৱিষ্ট কৰা হৈছিল। ছবিখনত তেজীমলা, ঔ-কুঁৱৰী আৰু তাৱৈৰ সাধুকো সন্নিৱিষ্ট কৰা হৈছিল।[3][4]