নেপালী চাং | |
প্ৰকাৰ | নিচাযুক্ত পানীয় |
---|---|
উৎপত্তিৰ স্থান | নেপাল, তিব্বত |
উপকৰণ | চাউল |
চাং বা ছিয়াং (তিব্বতীয়:ཆང་་) হৈছে পূব হিমালয়ৰ কিছু অংশতো জনপ্ৰিয় নেপালী আৰু তিব্বতী সুৰাৰ এবিধ প্ৰকাৰ। এই পানীয়বিধ য়াকখা, লিম্বু, দুৰা, নেৱাৰ, সুনুৱাৰ, ৰায়, গুৰুং, মাগৰ, শ্বেৰপা, তামাং আৰু লেপচা সম্প্ৰদায়ৰ লোকৰ মাজত জনপ্ৰিয়। লেপচাসকলৰ মাজত ইয়াক চি নামেৰে পৰিচিত।[1] নেপালত ইয়াক জাৰ্হ বুলিও জনা যায়।[2]
চাং জাতিগতভাৱে তিব্বতী, লাডাখী আৰু নেপালীসকলে আৰু কম পৰিমাণে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু ভূটানৰ লোকে সেৱন কৰে। সাধাৰণতে গৰমৰ দিনত ইয়াক কোঠাৰ উষ্ণতাত সেৱন কৰা হয়। কিন্তু বতৰ ঠাণ্ডা হ’লে প্ৰায়ে কাঁহৰ বাটি বা কাঠৰ পাত্ৰত তপতে তপতে পৰিৱেশন কৰা হয়। পূব নেপালৰ লিম্বু লোকসকলে এই পানীয়বিধক টংবা বুলি কয়।[3][4]
চাং বিয়েৰৰ ওচৰ সম্পৰ্কীয় পানীয়। এই পানীয়বিধ প্ৰস্তুত কৰিবলৈ বাৰ্লি, বাজৰা (ফিংগাৰ-মিলেট) বা চাউল ব্যৱহাৰ কৰা হয়। বাজৰাৰ অৰ্ধ কিম্বন কৰা বীজ ধুংৰো নামৰ বাঁহৰ চুঙাত ভৰাই থোৱা হয়। তাৰ পিছত উতলি থকা পানী ঢালি পিপচিং নামৰ সংকীৰ্ণ নলীৰ বাঁহৰ মাজেৰে চুমুক দিয়া হয়।
সিজোৱা যৱ ঠাণ্ডা হ’লে কিছু ঈষ্ট বা শুকান বাৰ্ম (এল ঈষ্ট) দি কিম্বন আৰম্ভ হোৱাৰ পিছত দুদিন বা তিনিদিন থাকিবলৈ দিব লাগে। ইয়াক গ্লাম বোলা হয়। বাৰ্মত আটা থাকে। ঠাইভেদে (বাল্টি আদিত) ইয়াত প্ৰায়ে আদা আৰু একনাইট যোগ কৰা হয়।[5]:৩৪১ কিম্বন সম্পূৰ্ণ হোৱাৰ পিছত মিশ্ৰণটোত পানী যোগ কৰা হয় আৰু তাৰ পিছত ইয়াক খোৱাৰ বাবে সাজু কৰা হয়।[6]
হিমাচল প্ৰদেশৰ লাহাউলত ফিল্টাৰ কৰাৰ পৰিৱৰ্তে হাতেৰে চেপা হয়। শস্যৰ অৱশিষ্টখিনি পানী বা গাখীৰৰ সৈতে মিহলাই ৰুটি বা কেক বেকিং কৰাত ব্যৱহাৰ কৰিব পাৰি।[5]:১৫৪
নেপালৰ মাউণ্ট এভাৰেষ্টৰ ওচৰত কিম্বন কৰা যৱৰ মাজেৰে গৰম পানী পাৰ কৰি চাং তৈয়াৰ কৰা হয় আৰু তাৰ পিছত এটা ডাঙৰ পাত্ৰত পৰিৱেশন কৰি কাঠৰ নলীৰে পান কৰা হয়।[7]
এই পানীয় লিম্বাছৰ পৰম্পৰাগত পানীয় মেণ্ডোকপেনা থিৰ সৈতে মিল আছে।[8]
নেপালী জাণ্ড বুলিলে অস্বচ্ছ মদক বুজোৱা হয়। চাং বা টংবাৰ দৰে জাণ্ড ডাঙৰ পাত্ৰত পৰিৱেশন কৰা হয়। এই পানীয়সমূহ মুৰ্চা নামৰ পৰম্পৰাগত ষ্টাৰ্টাৰ (সাঁজৰ পিঠা) ব্যৱহাৰ কৰি উৎপাদন কৰা হয়। মুৰ্চাক শস্যৰ আটাত ঈষ্ট আৰু বনৌষধি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।[9]
পাহাৰীয়া অঞ্চলৰ প্ৰচণ্ড শীতৰ সৈতে মোকাবিলা কৰিবলৈ চাঙক সৰ্বোত্তম ঔষধ বুলি কোৱা হয়। সাধাৰণ চৰ্দি, জ্বৰ, এলাৰ্জিজনিত নাকৰ ৰোগ, আৰু মদ্য-আসক্তি আদি অৱস্থাৰ বাবে ইয়াৰ বহুতো নিৰাময় গুণ আছে বুলি কোৱা হয়।
কিংবদন্তি অনুসৰি চাং য়েটি বা হিমালয়ান স্নোমেনসকলৰ মাজতো জনপ্ৰিয় আৰু তেওঁলোকে প্ৰায়ে বিচ্ছিন্ন পাহাৰীয়া গাঁৱত আক্ৰমণ কৰি ইয়াক পান কৰে।[10]