চাংলাং জিলা | |
---|---|
![]() অৰুণাচল প্ৰদেশত চাংলাংৰ অৱস্থান | |
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ১৪ নৱেম্বৰ ১৯৮৭ |
সদৰ | চাংলাং |
মহকুমা | চাংলাং, মানমাও, জয়ৰামপুৰ, বৰডুমচা, মিআও |
চৰকাৰ | |
• লোকসভা সমষ্টি | অৰুণাচল পূব |
• বিধানসভা সমষ্টি | ৫ টা (বৰডুমচা, মিআও, নামপং, দক্ষিণ চাংলাং, উত্তৰ চাংলাং) |
কালি | |
• মুঠ |
4,662 km2 (1,800 sq mi) |
জনসংখ্যা (2011)[1] | |
• মুঠ |
1,47,951 |
• ঘনত্ব | 32/km2 (82/sq mi) |
চাংলাং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ উত্তৰে টিৰাপ জিলা আৰু দক্ষিণে লোহিত জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি পাপুমপাৰে জিলাৰ পিছতে এই জিলা অৰুণাচল প্ৰদেশৰ ভিতৰত সৰ্বাধিক জনবসতিপূৰ্ণ জিলা৷[1]
এই জিলাখন ১৯৮৭ চনৰ ১৪ নৱেম্বৰত টিৰাপ জিলাৰ একাংশ লৈ সৃস্টি কৰা হৈছিল৷[2]
চাংলাং জিলাৰ মুঠ মাটিকালি ৪৬৬২ বৰ্গ কিলোমিটাৰL[3]
এই জিলা ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা জিলাসমূহৰ ভিতৰত অন্যতম৷ জিলাখনৰ প্ৰধান উপত্যকা অঞ্চল হৈছে দিহিং উপত্যকা৷
জিলাখনৰ অৰ্থনীতি বহুলাংশে নিৰ্ভৰ কৰে দিহিং নৈৰ জলসম্পদৰ ওপৰত৷ এই নৈৰ মাছ তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আৰু ডিব্ৰুগড়লৈ চালান দিয়া হয়৷
চাংলাং জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ পাঁচটা সমষ্টি আছে- বৰডুমচা (Bordumsa), মিআও (Miao), নামপং (Nampong), দক্ষিণ চাংলাং (Changlang South) আৰু উত্তৰ চাংলাং (Changlang North)৷ এই সকলোবোৰ অঞ্চল পূব অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷[4] চাংলাং জিলাত পাঁচাটা মহকুমা, পাঁচটা ব্লক আৰু পোন্ধৰটা চাৰ্কোল আছে৷
চাংলাং জিলাৰ পাঁচটা মহকুমা হৈছে- চাংলাং (Changlang), মানমাও (Manmao), জয়ৰামপুৰ (Jairampur), বৰডুমচা (Bordumsa) আৰু মিআও (Miao)৷
চাংলাং মহকুমা (চাংলাং ব্লক) চাৰিটা চাৰ্কোলত বিভক্ত- চাংলাং (Changlang; জনসংখ্যা: ১৪,৭১৮), খিমিয়াং (Khimiyang; জনসংখ্যা: ৩,৫০৬), নামট’ক (Namtok; জনসংখ্যা: ৩,০৮৫) আৰু য়াটডাম (Yatdam)।
মানমাও (Manmao) মহকুমা (মানমাও ব্লক)-ৰ অন্তৰ্গত চাৰ্কোল তিনিটা হৈছে- মানমাও (Manmao; জনসংখ্যা: ৩,৮১৪ ), ৰেণুক (Renuk) আৰু লিংগ’ক-লংটয় (Lyngok-Longtoi)৷
জয়ৰামপুৰ মহকুমা (নামপং ব্লক)-ৰ অন্তৰ্গত চাৰ্কোল তিনিটা হ’ল- নামপং (Nampong; জনসংখ্যা: ৪,৪২৪), জয়ৰামপুৰ (Jairampur; জনসংখ্যা: ৭,৮৩৬) আৰু ৰিমা-পুতক (Rima-Putak)।
বৰডুমচা মহকুমা (বৰডুমচা-দিয়োং ব্লক)-ৰ মাত্ৰ দুটা চাৰ্কোল আছে- বৰডুমচা (জনসংখ্যা: ২৫,৩৬৯) আৰু দিয়োং (জনসংখ্যা: ২৮,৯০৭ জন)৷
মিআও মহকুমা (খগম-মিআও ব্লক)-ৰ অন্তৰ্গত চাৰ্কোল তিনিটা হৈছে- মিআও (জনসংখ্যা: ২০,২৬৬), খাৰচাং (Kharsang; জনসংখ্যা: ৯,৫০৯) আৰু বিজয়নগৰ (Vijoynagar; জনসংখ্যা: ৩,৯৮৮)৷
২০১১ চনৰ লোকপিয়ল অনুসৰি চাংলাং জিলাৰ জনসংখ্যা ১,৪৭,৯৫১ জন৷[5] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত চাংলাং জিলাৰ স্থান ৫৯৮৷ এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩২ জন৷ ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১৭.৯৬%৷ এই জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১৪ জন৷ জিলাখনৰ সাক্ষৰতাৰ হাৰ ৬১.৯%।[5]
এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক টুট্চা (Tutsa), টাংছা (Tangsa), নকটে (Nocte), চাকমা (Chakma), চিংফৌ (Singpho) আৰু লিচু (Lisu) জনজাতিৰ৷ ইয়াত কিছুসংখ্যক তিব্বতীয়, হাজং আৰু বড়ো লোকেও বাস কৰে৷[6][7]
এই জিলাত ব্যৱহৃত ভাসাসমূহ চীন-তিব্বতীয় মূলৰ৷[8]
এই জিলাৰ মিআও নগৰত নামডফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত৷
![]() |
তিনিচুকীয়া জিলা, অসম | লোহিত জিলা | অনজৌ জিলা | ![]() |
টিৰাপ জিলা | ![]() |
![]() | ||
![]() ![]() | ||||
![]() | ||||
![]() |
|