চাইবেৰিয়া (ইংৰাজী: Siberia)(/saɪˈbɪəriə/ চাই-বিয়েৰ-ই-ə; ৰাছিয়ান: Сибирь ) হৈছে উত্তৰ এছিয়াৰ এক বিস্তৃত ভৌগোলিক অঞ্চল। চাইবেৰিয়া পশ্চিমৰ উৰাল পৰ্বতমালাৰ পৰা পূবে প্ৰশান্ত মহাসাগৰলৈকে বিস্তৃত হৈ আছে।[1]চাইবেৰিয়া হৈছে ৰাছিয়াৰ কেন্দ্ৰীয় আৰু পূব অংশ। ১৯৯১ চনলৈকে চাইবেৰিয়া ছোভিয়েট ইউনিয়নৰ অংশ আছিল। চাইবেৰিয়াৰ এলেকা ১৩১ নিযুত বৰ্গ কিলোমিটাৰ। ভাৰতৰ সমগ্ৰ এলেকা ৩.২৮ নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ চাইবেৰিয়া ভাৰতৰ তুলনাত প্ৰায় চাৰিগুণ। তথাপিও চাইবেৰিয়াৰ জলবায়ু আৰু ভূখণ্ড ইমানেই কঠোৰ যে ইয়াত মাত্ৰ ৪০ নিযুত লোকহে বাস কৰে। ইউৰেচিয়াৰ বেছিভাগ ষ্টেপ অঞ্চল চাইবেৰিয়াত আছে। চাইবেৰিয়া পশ্চিমৰ উৰাল পৰ্বতমালাৰ পৰা পূবে প্ৰশান্ত মহাসাগৰ আৰু উত্তৰে আৰ্কটিক মহাসাগৰলৈকে বিস্তৃত। দক্ষিণে কাজাখস্তান, মঙ্গোলিয়া আৰু চীনৰ দ্বাৰা সীমা আগুৰি আছে।
প্ৰায় ২৫০ ৰ পৰা ৫০০ নিযুত বছৰ আগতে (অৰ্থাৎ পৃথিৱীত মানুহৰ উদ্ভৱ হোৱাৰ বহু আগতে), চাইবেৰিয়াৰ বহুতো অঞ্চলত তীব্ৰ আগ্নেয়গিৰিৰ বিস্ফোৰণ হৈছিল যি প্ৰায় এক নিযুত বছৰ ধৰি চলিছিল। ইয়াৰ ফলত পৃথিৱীত থকা ৯০% বিভিন্ন প্ৰজাতিৰ প্ৰাণী মৃত্যুমুখত পৰিছিল।[2] চাইবেৰিয়ান মালভূমিৰ ভূমি এই বিস্ফোৰণবোৰত উলিওৱা লাভাৰে গঠিত।
চাইবেৰিয়াত মানুহৰ উপস্থিতিৰ চিহ্ন প্ৰায় ৪০,০০০ বছৰ পুৰণি। সময়ৰ লগে লগে, ইয়ানাত, নানাট, ইভেঙ্ক, হুন, চিথিয়ান আৰু উইগুৰকে ধৰি বহুতো জনজাতি ইয়াত বসতি স্থাপন কৰিছে বা উদ্ভৱ হৈছে। ১৩ শতিকাত মঙ্গোলসকলে চাইবেৰিয়া জয় কৰিছিল আৰু চতুৰ্দশ শতিকাত এখন স্বাধীন চাইবেৰিয়ান চুলতানাত প্ৰতিষ্ঠা কৰা হৈছিল। মঙ্গোলসকলৰ হেঁচাৰ বাবে ইয়াকুট লোকসকলে বৈকাল হ্ৰদৰ ওচৰত বসতি স্থাপন কৰে আৰু উত্তৰদিশে বসতি স্থাপন কৰে।[3] মঙ্গোলসকলে ৰাছিয়াক তেওঁলোকৰ ঘাটিৰ পৰা পশ্চিমদিশে আক্ৰমণ কৰিছিল। ষোড়শ শতিকাত ৰাছিয়াৰ শক্তি বৃদ্ধি হবলৈ ধৰিলে আৰু ৰাছিয়াৰ জনসংখ্যা পূব দিশত বিয়পিবলৈ আৰম্ভ কৰিলে। প্ৰথম ব্যৱসায়ী আৰু কেইজনমান সৈন্য চাইবেৰিয়াত উপস্থিত হৈছিল আৰু ৰাছিয়াৰ সৈন্যই তেওঁলোকক অনুসৰণ কৰিছিল আৰু ইয়াত সৈন্য ঘাটি আৰু কাঠৰ দুৰ্গ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। সপ্তদশ শতিকাৰ মাজভাগলৈ ৰাছিয়াৰ নিয়ন্ত্ৰণ প্ৰশান্ত মহাসাগৰলৈ বিয়পি পৰিছিল। ১৭০৯ চনত ছাইবেৰিয়াৰ মুঠ ৰাছিয়াৰ জনসংখ্যা আছিল ২,৩০,০০০।[4]
উনবিংশ শতিকাৰ শেষলৈকে চাইবেৰিয়া এক পিছপৰা আৰু কম জনবসতিপূৰ্ণ অঞ্চল হৈ আছিল। ইয়াত ৰাছিয়াৰ সাম্ৰাজ্যিক চৰকাৰে ইয়াৰ ৰাজনৈতিক বন্দীসকলক পঠিয়াইছিল, কিয়নো কোনো পলাতক বন্দীয়ে হাজাৰ হাজাৰ মাইল জুৰি বিয়পি থকা বৰফৰ সমভূমি অতিক্ৰম কৰিব নোৱাৰিলে। ১৮৯১-১৯১৬ চনৰ সময়ছোৱাত ট্ৰেন্স-চাইবেৰিয়ান ৰেলৱে অহাৰ পিছত চাইবেৰিয়াক ৰাছিয়াৰ ঔদ্যোগিক ভাৱে পশ্চিম অংশৰ সৈতে সংযোগ স্থাপন কৰিছিল।
সময়ৰ লগে লগে চাইবেৰিয়াৰ জনসংখ্যা বৃদ্ধি পাইছিল। ইয়াত আটাইতকৈ ডাঙৰ অৰ্থনৈতিক জীৱিকা আছিল প্ৰকৃতিৰ পৰা আহৰণ কৰা ধাতু, কয়লা আৰু অন্যান্য পদাৰ্থ আহৰণ কৰা। ছোভিয়েট যুগত ইয়াত বৃহৎ বন্দী ঘাটি নিৰ্মাণ কৰা হৈছিল, যাক "গুলাগ" বুলি কোৱা হৈছিল।[5]অনুমান কৰা হৈছে যে প্ৰায় ১৪ নিযুত লোকক এই গুলাগলৈ প্ৰেৰণ কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত খাদ্যৰ অভাৱত এই বন্দীসকলৰ ৫,০০,০০০ তকৈও অধিক বন্দীৰ মৃত্যু হৈছিল।[6]ছোভিয়েট নীতি অনুসৰি যদি ছোভিয়েট ইউনিয়নৰ যিকোনো অংশৰ এটাত ৰাষ্ট্ৰীয় সম্প্ৰদায়ক সন্দেহৰ দৃষ্টিৰে চোৱা হয়, কেতিয়াবা কেতিয়াবা গোটেই সম্প্ৰদায়ক চাইবেৰিয়ালৈ নিৰ্বাসিত কৰা হৈছিল।[7]
উত্তৰ চাইবেৰিয়া এটা অতি শীতল অঞ্চল আৰু গ্ৰীষ্মকাল মাত্ৰ এমাহ থাকে। চাইবেৰিয়াৰ প্ৰায় সমগ্ৰ জনসংখ্যা ইয়াৰ দক্ষিণ অংশত বাস কৰে আৰু ট্ৰেন্স-চাইবেৰিয়ান ৰেলপথৰ ওচৰত বাস কৰে। দক্ষিণ অংশত কঠোৰ শীত অনুভৱ হয় (জানুৱাৰীৰ গড় তাপমাত্ৰা −১৫° চে) কিন্তু লগতে কমেও ৪ মাহৰ গ্ৰীষ্মকাল থাকে য'ত ভাল শস্য খেতি কৰিব পাৰি। জুলাইত গড় তাপমাত্ৰা হৈছে ১৬° চেণ্টিগ্ৰেড আৰু দিনৰ তাপমাত্ৰা ২০° চেণ্টিগ্ৰেডৰ ওপৰত। ইয়াত থকা মাটিবোৰ অলপ বিশেষ ধৰণৰ। এনে মাটিক চেৰনোজেম বুলি কোৱা হয়। যাৰ অৰ্থ হৈছে ৰাছিয়াৰ ভাষাত "ক'লা মাটি" আৰু অতি উৰ্বৰ। চাইবেৰিয়াৰ এক প্ৰশাসনিক ঠাই অইমিয়াকন চহৰৰ নিম্নতম তাপমাত্ৰা −৭১.২ ° চেণ্টিগ্ৰেড লৈকে হয়, এই ঠাইক পৃথিৱীৰ আটাইতকৈ শীতল চহৰ বুলি পৰিগণিত হৈছে।
চাইবেৰিয়াৰ জনসংখ্যাৰ গড় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ ৪ জন। তুলনাৰ বাবে, ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ বিহাৰ ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত ১১০২ জন। ইয়াত থকা বেছিভাগ লোক ৰাছিয়াৰ, বা ইউক্ৰেইনীয় মূলৰ লোক যিসকলে ৰাছিয়াৰ পৰিচয় গ্ৰহণ কৰিছে। ছাইবেৰিয়াত জাৰ্মান মূলৰ প্ৰায় ৪০০,০০০ লোক আছে যিয়ে ৰাছিয়ান পৰিচয় গ্ৰহণ কৰিছে। ১৭ শতিকাৰ পিছতহে চাইবেৰিয়া ৰাছিয়াৰ অংশ হৈ পৰে আৰু ৰাছিয়ানসকলে তেতিয়াহে এই অঞ্চলত প্ৰৱেশ কৰে। ইয়াৰ আগতে, বহুতো জনজাতি ইয়াত বাস কৰিছিল, যাৰ বংশধৰসকলে এতিয়াও ইয়াত বাস কৰে। ইয়াৰ ভিতৰত আছে বুৰিয়াত, টুৱাই, য়াকুট আৰু চাইবেৰিয়ান তাতাৰ লোক। চাইবেৰিয়াত বুৰিয়াট আৰু য়াকুটৰ সংখ্যা চাৰি লাখতকৈও অধিক। কেট, ইভাংক, চুকচি, কোৰিয়াক, য়ুকাগিৰ আদিৰ দৰে আন কিছুমান জনজাতিৰ সংখ্যাও কম দেখা যায়।