Chakma Changmha Ajhapat 𑄌𑄋𑄴𑄟𑄳𑄦 𑄃𑄧𑄏𑄛𑄖𑄴 | |
---|---|
![]() The word 'Changmha Ajhapat' in Chakma script | |
প্ৰকাৰ | Abugida |
ভাষা | চাকমা ভাষা, পালি ভাষা[1] |
মাতৃ লিপি | |
ISO 15924 | Cakm, 349 |
দিশ | বাওঁৰ পৰা সোঁ |
ইউনিক'ড নাম | Chakma |
ইউনিক'ড ৰে'ঞ্জ | U+11100–U+1114F[6] |
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে। |
চাকমা লিপি ব্ৰাহ্মী লিপিৰ পৰা উদ্ভৱ হোৱা লিপি, এই লিপি চাকমা ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয় ৷ ইয়াক চাকমা ভাষাত ‘আঝাপাত’ বুলি কোৱা হয়। তঞ্চঙ্গ্যা ভাষা লিখাৰ ক্ষেত্ৰতো এই লিপি ব্যৱহাৰ কৰা হয়। এই লিপি বাৰ্মিজ ভাষাৰ লিপিৰ সৈতে মিল থকা লিপি।
বৰ্তমান সময়ত ইয়াৰ ব্যৱহাৰ কিছু কমি অহাত বহুতে বাংলা-অসমীয়া লিপিত চকমা লিখিবলৈ আৰম্ভ কৰিছে ৷ দেৱনাগৰীৰ দৰেই চাকমা লিপিও ব্ৰাহ্মী লিপিৰ বংশধৰ ৷ উত্তৰ থাইলেণ্ডত ব্যৱহৃত টাই থাম লিপি আৰু চীন, লাওছ, বাৰ্মা আৰু থাইলেণ্ডত ব্যৱহৃত টাই লুই লিপি চাকমা লিপিৰ সৈতে জড়িত। [7]
𑄇 | 𑄈 | 𑄉 | 𑄊 | 𑄋 | 𑄌 | 𑄍 | 𑄎 | 𑄏 | 𑄐 | 𑄑 |
---|---|---|---|---|---|---|---|---|---|---|
ক | খ | গ | ঘ | ঙ | চ | ছ | জ | ঝ | ঞ | ট |
𑄒 | 𑄓 | 𑄔 | 𑄕 | 𑄖 | 𑄗 | 𑄘 | 𑄙 | 𑄚 | 𑄛 | 𑄜 |
ঠ | ড | ঢ | ণ | ত | থ | দ | ধ | ন | প | ফ |
𑄝 | 𑄞 | 𑄟 | 𑄠 | 𑄡 | 𑄢 | 𑄥 | 𑄤 | 𑄥 | θ | |
ব | ভ | ম | য় | য | ৰ | ল | ৱ | স | হ |
দেৱনাগৰী ৰ দৰেই ব্যঞ্জনবৰ্ণৰ বাবে প্ৰতিটো বৰ্ণত স্বৰধ্বনি (অ) সংযুক্ত হৈ থাকে ৷ স্বৰবৰ্ণবিহীন ব্যঞ্জনবৰ্ণক সূচাবলৈ এটা বিশেষ ইউনিক'ড (হলন্ত) যোগ কৰা হয়, যাৰ ৰূপ - 𑄳 ।
𑄇 | 𑄇𑄧 | C𑄨 | C𑄩 | C𑄪 | C𑄫 | C𑄬 | C𑄮 | 𑄇𑄭 | C𑄯 |
---|---|---|---|---|---|---|---|---|---|
ক | কা | কি | কী | কু | কূ | কে | কো | কৈ | কৌ |
C | 𑄄 | 𑄅 | 𑄆 |
---|---|---|---|
অ | ই | উ | এ |
𑄶 | 𑄷 | 𑄸 | 𑄹 | 𑄺 | 𑄻 | 𑄼 | 𑄽 | 𑄾 | 𑄿 |
---|---|---|---|---|---|---|---|---|---|
০ | ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
২০১২ চনৰ জানুৱাৰী মাহত ইউনিক’ড সংস্কৰণ ৬.১ত চাকমা বৰ্ণমালা অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াক নিযুক্ত কৰা ইউনিক'ড ক'ডসমূহ হ'ল U+11100 ৰ পৰা U+1114Fলৈ।