কবিতাৰ অৰ্থ প্ৰকাশৰ বাবে গ্ৰাফিক আৰু দৰ্শনীয় নমুনাৰ উপাদানসমূহ সন্নিৱিষ্ট কৰি সৃষ্টি কৰা কবিতাৰ এক শৈলীক চাক্ষুস কবিতা বা (ইংৰাজী: Visual poetry) বোলা হয়। এই শৈলীত দৃশ্য কলা আৰু লিখিত প্ৰকাশৰ সংমিশ্ৰণেৰে কবিতা উপস্থাপন আৰু ব্যাখ্যাৰ নতুন পদ্ধতি সৃষ্টি কৰা হৈছে।[1]
চাক্ষুস কবিতাই বিভিন্ন গঠনৰ সৈতে খেলা-ধূলা কৰাত গুৰুত্ব আৰোপ কৰে, অৰ্থাৎ ই প্ৰায়ে বিভিন্ন শিল্প শৈলী গ্ৰহণ কৰে। এই শৈলীসমূহে পৃষ্ঠাৰ শব্দৰ গঠন সলনি কৰাৰ পৰা আৰম্ভ কৰি কবিতাটোৱেই সলনি হৈ অন্য বিষয় যুক্ত কৰালৈকে কামবোৰ কৰিব পাৰে।[2]
চাক্ষুস কবিতাৰ কিছুমান ৰূপে বাখ্যেয় বিষয়ৰ গঠন ধৰি ৰাখিব পাৰে,[3] কিন্তু এইটো চাক্ষুস কবিতাৰ প্ৰয়োজনীয়তা নহয়। কিছুমান দৃশ্য কবিয়ে অধিক বিমূৰ্ত ৰচনা সৃষ্টি কৰে যিয়ে ভাষিক অৰ্থৰ পৰা আঁতৰি যায় আৰু তাৰ পৰিৱৰ্তে শব্দ আৰু আখৰৰ ৰচনাৰ ওপৰত অধিক গুৰুত্ব দি দৃশ্যগতভাৱে আনন্দদায়ক খণ্ড একোটাৰ সৃষ্টি কৰে।[2]
সাহিত্য তত্ত্ববিদসকলে চাক্ষুস কবিতাক সুনিৰ্দিষ্ট কবিতাৰ বিকাশ হিচাপে চিনাক্ত কৰিছে যদিও কবিতাৰ মধ্যৱৰ্তী বৈশিষ্ট্যৰে চিনাক্ত কৰিছে, য’ত অপ্ৰতিনিধিত্বমূলক ভাষা আৰু দৃশ্যগত উপাদানৰ প্ৰাধান্য আছে।
প্ৰথমতে প্ৰকৃত কবিতা হিচাপে শিথিলভাৱে গোট খোৱা ১৯৫০ চনৰ সাহিত্য আৰু কলাত্মক পৰীক্ষাসমূহে ১৯৬৫ চনত ডিক হিগিন্সে ‘ইণ্টাৰমিডিয়া’ বুলি বৰ্ণনা কৰা অস্পষ্ট ক্ষেত্ৰখনলৈ আৰু অধিক বিস্তৃত হোৱাৰ লগে লগে[4] এইটো স্পষ্ট হৈ পৰিল যে, এনে কবিতাৰ সৃষ্টিসমূহ এতিয়ালৈকে যি প্ৰতিনিধিত্বমূলক ভাষাৰ সৈতে জড়িত আছিল, তাৰ পৰা আৰু অধিক বিচ্ছিন্ন হৈ পৰিছে আৰু ইয়াক এক সুকীয়া পৰিঘটনা হিচাপে শ্ৰেণীভুক্ত কৰাটো প্ৰয়োজন।
মেৰী এলেন ছল্টে তেওঁৰ কংক্ৰিট পয়েট্ৰি: এ ৱৰ্ল্ড ভিউ (১৯৬৮) নামৰ সমীক্ষাত লক্ষ্য কৰিছিল যে, প্ৰকৃত কবিতাৰ লেবেলৰ অধীনত অন্তৰ্ভুক্ত কৰা কিছুমান ধাৰা "নতুন দৃশ্যগত কবিতা" বা চক্ষুস কবিতাৰ দিশত আগবাঢ়িছে। ইয়াৰ প্ৰধান বৈশিষ্ট্য হ’ল ই পুৰণি কাব্যিক কাৰ্যৰ মৌখিকতাৰ পৰা আঁতৰি যায় আৰু সেয়েহে প্ৰকৃত কবিতাৰ পৰা উৎপত্তি হোৱা বুলি দাবী কৰা প্ৰায়বোৰ কবিতাৰ প্ৰাচীন পৰম্পৰাৰ পৰা ই পৃথক। আনহাতে চাক্ষুস কবিতাক টাইপোগ্ৰাফী প্ৰয়োগেৰে পৃথক কৰিব লাগে।
ছল্টে তেওঁৰ প্ৰস্তাৱিত নতুন ধাৰাত ইয়ান হেমিল্টন ফিনলে,জন ফাৰ্নিভাল আৰু হান্সজৰ্গ মেয়াৰৰ কৃতি অন্তৰ্ভুক্ত কৰে। তেওঁৰ সংজ্ঞাটো মাৰ্ভিন এ চেকনাৰে অহাইঅ' ষ্টেট ইউনিভাৰ্চিটি ২০০৮ চনৰ চাক্ষুস কবিতা সংকলনৰ পৰিচয়ত সম্প্ৰসাৰিত কৰিছিল: "মই কংক্ৰিট কবিতাক এনেদৰে সংজ্ঞায়িত কৰিছোঁ য'ত কেৱল আখৰ আৰু/বা শব্দৰ ব্যৱহাৰ কৰি দৃশ্যমান প্ৰতিচ্ছবি গঠন কৰা হয়, আনহাতে চাক্ষুস কবিতাই সেইবোৰ গঠন কৰে য'ত কবিতাৰ পাঠ্যৰ সৈতে ছবি একত্ৰিত কৰা হয়।" [5] কেনেথ পেচেনৰ কৃতিৰ উদ্ধৃতি দি তেওঁ শিল্পীৰ দ্বাৰা সৃষ্টি হোৱা ছবি কবিতা আৰু শিল্পীৰ কিতাপকো একে শ্ৰেণী হিচাপে পৃথক কৰিছিল।
এই দাবীসমূহৰ পোহৰত চাক্ষুস কবিতাৰ আগশাৰীৰ এক নতুন বংশাৱলীৰ উন্মেষ ঘটে য'ত জোৱান মিৰোৰ কবিতা-চিত্ৰ লে কৰ্পছ ডি মা ব্ৰুনে (১৯২৫)[6] পিট মণ্ড্ৰিয়ানে কৰা মিচেল ছিউফৰৰ গ্ৰন্থখনৰ পাঠ-সমীক্ষা(১৯২৮),[7] আৰু টাইপোগ্ৰাফীৰ উপাদান ব্যৱহাৰ কৰা এইচ.এন.ৱেৰ্কমেনৰ প্ৰিণ্ট (ড্ৰুকচেলছ) অন্তৰ্ভুক্ত কৰা হৈছে। শেষৰজনে টাইপৰাইটাৰ ব্যৱহাৰ কৰি বিমূৰ্ত আৰ্হি তৈয়াৰ কৰিবলৈও ব্যৱহাৰ কৰিছিল (যাক তেওঁ টিকচেল বুলি কয়); কেৱল আখৰেই নহয়, বিশুদ্ধ ৰৈখিক উপাদানও ব্যৱহাৰ কৰিছিল।[8] ১৯২০ চনৰ ভিতৰত সৃষ্টি হোৱা এই কবিসকলে ১৯৬০ চনৰ সময়ছোৱাত কংক্ৰিট কবি ডম চিলভেষ্টাৰ হাউডাৰ্ডৰ মধ্যস্থতাকাৰী ‘টাইপষ্ট্ৰেক্ট’সমূহৰ আশা কৰিছিল[9] যিবোৰে দৃশ্যমান কবিতা হিচাপে সমানে যোগ্যতা অৰ্জন কৰিব।
ক্লাউছ পিটাৰ ডেনকাৰেও তেওঁৰ তাত্ত্বিক গৱেষণা পত্ৰ “ফ্ৰম কংক্ৰিট টু ভিজুৱেল পয়েট্ৰি’’ (২০০০)ত নতুন ধাৰাটোৰ ধাৰাবাহিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, ইয়াৰ “মধ্যৱৰ্তী আৰু আন্তঃশাখা’’ দুয়োটা প্ৰকৃতিৰ কথা আঙুলিয়াই দিছে। দুয়োটা পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল আৰু “কংক্ৰিট কবিতাৰ অবিহনে দৃশ্যগত কবিতাৰ বৰ্তমানৰ ৰূপসমূহ কল্পনাতীত হ'ব’’।[10] একাডেমিক উইলাৰ্ড ব’নে অৱশ্যে ১৯ শতিকাৰ শেষৰ ফালৰ পৰা এই ক্ষেত্ৰত সাহিত্য আৰু কলাত্মক পৰীক্ষা-নিৰীক্ষাৰ সমগ্ৰ খেলটোক চাক্ষুস কবিতাৰ লেবেলৰ অধীনত শ্ৰেণীভুক্ত কৰাটো পছন্দ কৰে আৰু ১৯৮৬ চনৰ পৰা কেইবাখনো কিতাপত এই কাম কৰি আহিছে। তেওঁৰ হ্ৰাসবাদী দৃষ্টিকোণৰ পৰা, “দৃশ্য কবিতাক এনে কবিতা হিচাপে সংজ্ঞায়িত কৰিব পাৰি, য’ত চাব লাগে – যি কবিতাই এজন দৰ্শকৰ লগতে এজন পাঠককো পূৰ্বধাৰণা দিব পাৰে’’।[11]