চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী | |
---|---|
লোকসভাৰ সাংসদ | |
সমষ্টি | কোকৰাঝাৰ লোকসভা সমষ্টি |
ব্যক্তিগত তথ্য | |
জন্ম | ১ জানুৱাৰী, ১৯৬০ (৬৫ বছৰ) কোকৰাঝাৰ, অসম |
ৰাজনৈতিক দল | বড়োলেণ্ড পিপুলছ ফ্ৰন্ট |
দাম্পত্যসঙ্গী | উত্তৰা বিচমূতিয়াৰী |
সন্তান | ৪ পুত্ৰ |
বাসস্থান | কোকৰাঝাৰ |
September 25, 2006-ৰ তথ্য উৎস: [2] |
চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী (বড়ো: संसुमा खंगर बासुमतारी জন্ম ১ জানুৱাৰী ১৯৬০) চতুৰ্দশ ভাৰতৰ লোকসভাৰ সাংসদ। তেওঁ অসমৰ কোকৰাঝাৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। [1] তেওঁ বড়োলেণ্ড পিপুলছ ফ্ৰন্ট দলৰ সদস্য।
বিচমূতিয়াৰী কোকৰাঝাৰ সমষ্টিৰ পৰা ১৯৯৮, ১৯৯৯ আৰু ২০০৪ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল। বিচমূতিয়াৰী এজন বড়ো জাতীয়তাবাদী আৰু সুকীয়া বড়োলেণ্ড ৰাজ্য গঠনৰ সমৰ্থক। তেওঁক সদৌ বড়ো ছাত্ৰ সন্থা আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই সমৰ্থন জনায়।
সংসদত বিচমূতিয়াৰীয়ে ভাৰত-আমেৰিকা নিউক্লীয় চুক্তি (ইংৰাজী: Indo-US nuclear deal) সমৰ্থন কৰিছিল। [2][সংযোগবিহীন উৎস]