পূৰ্ণবয়স্ক চাতক চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৭-১৯ ছে:মি: আৰু ওজন প্ৰায় ১৬-২২ গ্ৰাম হয়। ইয়াৰ দেহৰ ওপৰ অংশ নীলা বৰণীয়া আৰু কপাল আৰু ডিঙি মাখনবৰণীয়া। ইয়াৰ বুকুত বহল আৰু গাঢ় নীলা আঁচ এডাল থাকে। চাতক চৰাইৰ নেজ দীঘলীয়া আৰু খাঁজকটা হয়। নেজৰ ওপৰৰ ফালে বগা দাগেৰে এডাল দীঘলীয়া আঁচ থকা দেখা যায়। [3]
মাইকী চাতক চৰাই দেখাত মতাটোৰ সৈতে একে হয়, কিন্তু ইয়াৰ নেজ কিছু চুটি আৰু বুকুৰ আঁচডাল সিমান উজ্জ্বল নহয়। পোৱালি চাতক চৰাইৰ গাৰ বৰণ মুগা হয় আৰু মুখখন কিছু ৰঙচুৱা হয়। ইয়াৰ দেহৰ তলৰ অংশ বগা চানেকীয়া হোৱা দেখা যায়। ইয়াৰো পূৰ্ণবয়স্ক চৰাইতকৈ নেজৰ দৈৰ্ঘ্য কম হোৱা দেখা যায়। [2]
Hirundo rustica rustica- ইউৰোপ আৰু এছিয়াত বিস্তৃত হৈ আছে। [2] The Barn Swallows wintering in southern Africa are from across Eurasia to at least 91°E,[7]
↑ 2.02.12.22.32.4Turner, Angela K; Rose, Chris (1989). Swallows & martins: an identification guide and handbook. প্ৰকাশক Boston: Houghton Mifflin. ISBN0-395-51174-7. p164–169
↑Snow, David; Perrins, Christopher M (editors) (1998). The Birds of the Western Palearctic concise edition (2 volumes). প্ৰকাশক Oxford: Oxford University Press. ISBN0-19-854099-X. p1061–1064