চামকঁঠাল | |
---|---|
চামকঁঠালৰ পাত | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Artocarpus |
প্ৰজাতি: | A. chama |
দ্বৈৰাশিক নামকৰণ | |
Artocarpus chama Buch.-Ham. | |
সমাৰ্থক | |
|
চামকঁঠাল (ইংৰাজী: chaplash, বৈজ্ঞানিক নাম: Artocarpus chama)[1] Moraceae পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। ই কঁঠালজাতীয় এবিধ বনৰীয়া গছ। ভিয়েটনামত ইয়াক মিট নাই (অন্য কিছু বনৰীয়া প্ৰজাতিৰ সৈতে) বুলিও কোৱা হয়। ইয়াক য়ুনান চীন, বাংলাদেশ, ভূটান, ভাৰত, লাওচ, মালয়েচিয়া, ম্যানমাৰ আৰু থাইলেণ্ডত দেখা পোৱা যায়।[2]
চামকঁঠাল প্ৰায় ৩০-৪০ মিটাৰ উচ্চতা আৰু ৩-৫ মিটাৰ পৰিধিৰ এবিধ ডাঙৰ পৰ্ণপাতী গছ। পাতবোৰ ডাঙৰ আৰু আকাৰ পৰিৱৰ্তনশীল হয়। এইসমূহৰ দৈৰ্ঘ্য ১২-৩০ চে.মি. আৰু প্ৰস্থ ৬-১৬ চে.মি. হয়। পাতসমূহ উপবৃত্তাকাৰ-ডিম্বাকৃতিৰ বা অৰ্ধ-গোলাকাৰ, সম্পূৰ্ণ বা ক্ষুদ্ৰ ক্ষুদ্ৰ দন্তযুক্ত। পৃষ্ঠীয় আৰু উদৰৰ পৃষ্ঠ দুয়োটাতে সৰু সৰু শুঙ থাকে। ফলবোৰ প্ৰায় ৩-৪ ইঞ্চি ব্যাসৰ আৰু পকিলে হালধীয়া ৰং ধৰে। ভিতৰৰ অংশ গোলাপী ৰঙৰ। খাব পৰা মাংসল অংশই বীজবোৰ ঢাকি ৰাখে।[3]