চামচুদ্দিন আহমদ শ্বাহ (শাসনকাল ১৪৩৩-১৪৩৬) আছিল বংগৰ এজন শাসক।। তেওঁ চুলতান জালালউদ্দিন মুহাম্মদ শ্বাহৰ পুত্ৰ। পিতৃৰ মৃত্যুৰ পিছত, তেওঁ চৈধ্য বছৰ বয়সত সিংহাসনত বহিল।[1]
আহমদ শ্বাহে কেৱল তিনি বছৰ শাসন কৰিলে। তেওঁৰ শাসনকালত অৰাজক অৱস্থাই বিৰাজ কৰিছিল। মুহাম্মদ কাচিম হিন্দু শ্বাহৰ কথা মতে তেওঁ দেউতাকৰ উদাৰ নীতি, ন্যায়বিচাৰ আৰু দানশীলতা আগবঢ়াই লৈ গ'ল।[2] তেওঁৰ শাসনকালত নাচিৰুদ্দিন মাহমুদ শ্বাহৰ আগ্ৰাসন হৈছিল। পিছলৈ আহমদ শ্বাহৰ শক্তিশালী অভিজাত চাদী খাঁ আৰু নাচিৰ খাঁৰ হাতত ১৪৩৬ত মৃত্যু হ'ল।[1] তেওঁৰ মৃত্যুৰ পিছত চাদী খাঁ আৰু নাচিৰ খাঁৰ মাজত বিবাদ হ'ল, আৰু কোনো সিংহাসনলৈ নাহিল। ইলিয়াচ শ্বাহীৰ বংশৰ এজন বংশধৰে ১৪৩৭ত নাচিৰউদ্দিন মাহমুদ শ্বাহৰ নাম ধাৰণ কৰি সিংহাসন দখল কৰিলে।[2]