চালচিত্ৰ | |
---|---|
চালচিত্ৰ, দুৰ্গা প্ৰতিমাৰ উপৰিভাগত অংকিত দেৱ-দেৱীৰ কাহিনীমূলক পটচিত্ৰ | |
অন্য নাম | পট লেখ, দুৰ্গা চালা, দেৱীচাল |
অৰ্থ | 'চালচিত্ৰ' শব্দত 'চাল' শব্দটোৰ অৰ্থ হৈছে 'আচ্ছাদন'। ইয়াক মূৰ্তিৰ "চালি"ৰ ওপৰত অংকন কৰা হয় |
মূল বিষয়বস্তু | শিৱদুৰ্গা, কৈলাস, শিৱ অনুচৰ নন্দীভৃঙ্গী, মহিষাসুৰ বধ, দশাৱতাৰ |
উৎপত্তি | আনুমানিক ১২০০ বছৰ |
উপকৰণ | বাঁহ, কাপোৰ, বোকা, ৰং |
সম্পৰ্কীয় উৎসৱ | নৱদ্বীপৰ শাক্তৰাস, দুৰ্গা পূজা |
চালচিত্ৰ (ইংৰাজী: Chalchitra) ভাৰতৰ পশ্চিম বংগত প্ৰচলিত পাৰম্পৰিক চিত্ৰশৈলী পটচিত্ৰৰ এটি ভাগ। পৰম্পৰাগতভাৱে ই দুৰ্গা প্ৰতিমাৰ উপৰিভাগত অংকিত অৰ্ধ গোলাকাৰ দেৱ-দেৱীৰ কাহিনীমূলক পটচিত্ৰ। চালচিত্ৰত পঞ্চানন শিৱ, মহিষাসুৰ বধ, নন্দীভৃঙ্গী, শুম্ভ-নিশুম্ভৰ যুদ্ধ আদি কাহিনী সমূহ প্ৰদৰ্শিত কৰা হয়। এই চিত্ৰকলাৰ এক নিজস্ব ৰূপৰেখা আৰু শৈলীগত দৃঢ় বুনিয়াদ আছে।[1] আচলতে ইযাক মূল গাঁথনিক সঠিক অনুপাতৰ বাবে তৈয়াৰ কৰা হৈছিল। পাৰম্পৰিক কলাবিধ এতিয়াও বৰ্তী আছে।[2]
চালচিত্ৰ শব্দত "চাল" শব্দৰ অৰ্থ হৈছে আৱৰণ বা আচ্ছাদন। ইয়াক মূৰ্তিৰ চালিৰ ওপৰত অংকন কৰা হয় বাবেই চালচিত্ৰ বোলা হয়। ইয়াক বীৰভূমৰ দুৰ্গা পটৰ ওপৰত আচ্ছাদন হিচাপে ব্যৱহাৰ কৰা হয়। শিল্পীসকলৰ ভাষাত, এই চালচিত্ৰ প্ৰকৃততে "পটলেখা।"[3] ইয়াক দুৰ্গা চালা বা দেৱীচাল বুলিও কোৱা হয়।
চালিৰ আকৃতি আৰু দুৰ্গা প্ৰতিমাৰ গাঁথনিতল অনুসৰি চালচিত্ৰ কিছুমান ভাগত বিভক্ত কৰা হৈছে। ইয়াৰ উল্লেখযোগ্য ভাগ কিছুমান হল: বংগ চালি, মঠচৌড়ি চালি, তনাচাউৰি চালি, সৰ্বসুন্দৰী চালি, খেপ চালি, মাৰ্কিনি চালি আদি। তাৰে ভিতৰত সাধাৰণতে দেখা চালি হৈছে মাৰ্কিনি চালি।[4] বংলা চালি মন্দিৰৰ স্থাপত্যৰ পৰম্পৰা অনুসৰণ কৰে। ই মূৰ্তিৰ দুয়োফালে স্থগিত আৰ্হিৰে অংকন কৰা হয় আৰু তাত থকা সকলো মূৰ্তিৰ সৈতে খাপ খোৱাৰ বাবে যথেষ্ট দীঘলকৈ নিৰ্মাণ কৰা হয়।[5] আকৌ ছবিখনৰ বিষয়বস্তু অনুসৰি ইয়াক কিছুমান ভাগত বিভক্ত কৰিব পাৰি। যেনে: কৈলাসী, দশাৱতাৰী, বৃন্দাৱনী, ৰামচন্দ্ৰী ইত্যাদি। অৱশ্যে বংগৰ দুৰ্গা মূৰ্তিত কৈলাসী আৰু দশাৱতাৰী চালচিত্ৰ অধিক প্ৰচলিত।
ছবিখনৰ মুখ্য বিষয়বস্তু হৈছে শিৱদুৰ্গা, কৈলাস, শিৱ অনুচৰ নন্দী ভৃংগী, মহিশসুৰ বধ, দশাৱতাৰ ইত্যাদি। দুৰ্গা পট নামৰ এনে এক বিশেষ চালচিত্ৰ বীৰভূম জিলাৰ হাৎচেৰাণ্ডীৰ সূত্ৰধাৰ সম্প্ৰদায়ত দেখা যায়। কিন্তু ইয়াত দুৰ্গা মূৰ্তিৰ ঠাইত দুৰ্গা পটৰ পূজা কৰা হয়। দুৰ্গা পটৰ ওপৰত অৰ্ধবৃত্তাকাৰ চালচিত্ৰ থাকে। এনে এখন চালচিত্ৰত ৰাম, সীতা, শিৱ, নন্দীভৃংগী, ব্ৰহ্মা, বিষ্ণু, শুম্ভ-নিশুম্ভ অংকিত কৰা হয়। কৃষ্ণনগৰ ৰাজবাৰীৰ ৰাজৰাজেশ্বৰী দুৰ্গা চালচিত্ৰৰ অতুলনীয়তা দেখিবলৈ পোৱা যায়। এই চিত্ৰৰ মাজত পঞ্চানন শিৱ আৰু পাৰ্বতী কাষত থাকে। ইয়াৰ এফালে দশমহাবিদ্যা আৰু আনফালে দশাৱতাৰ থাকে।[6]
বংগত মূৰ্তি নিৰ্মাণৰ দুটা বিখ্যাত ৰূপ হৈছে বিষ্ণুপুৰ শৈলী আৰু কংসনাৰায়ণ শৈলী। তাৰ ভিতৰত, কাংশ্বনাৰায়ণ শৈলী আটাইতকৈ জনপ্ৰিয়। নৱদ্বীপ শাক্ত ৰাসৰ ৩০০-৪০০ বছৰ পুৰণি মূৰ্তিয়ে চালচিত্ৰক প্ৰতিমাৰ অংশ হিচাপে ব্যৱহাৰ কৰিছিল। এসময়ত চালচিত্ৰৰ ব্যৱহাৰ হ্ৰাস হৈছিল, কিন্তু এতিয়া ইয়াৰ যথেষ্ট জনপ্ৰিয়তা বৃদ্ধি পাইছে।[7]
মূৰ্তিৰ চালিৰ ওপৰত এটা অৰ্ধবৃত্ত বাঁহৰ সাঁচ ৰখা হয় আৰু ইয়াৰ ওপৰত এটা বহল ডাঠ কাপোৰ টানি দিয়া হয়। কাপোৰৰ বাঢ়ি থকা অংশবোৰ বাঁহৰ সাঁচৰ পিছফালে মেৰিয়াই ৰখা হয়। তাৰপিছত ইয়াৰ ওপৰত বোকাৰ প্ৰলেপ সানি শুকুৱাই লোৱা হয়। শুকাই যোৱাৰ পিছত ইয়াৰ ওপৰত চকৰ গুৰিৰ কেইটামান স্তৰ লগোৱা হয়। তাৰপিছত ইয়াক পৰিকল্পিত কাহিনী অনুসৰি ৰং কৰা হয়।[1]
চিত্ৰকলাত সাধাৰণতে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হয়। এয়া বংগৰ পটচিত্ৰকলাৰ অন্যতম বৈশিষ্ট্য। চিত্ৰসমূহত সাধাৰণতে নীলা, হালধীয়া, সেউজীয়া, ৰঙা, মুগা, ক'লা আৰু বগা ৰং ব্যৱহাৰ কৰা হয়। ছবিখনত চকমাটিৰ বগা, হালধীয়াৰ বাবে পাউৰি, নীলাৰ বাবে নীল, ক'লা ৰঙৰ বাবে ভুচুকালি আৰু ৰঙাৰ বাবে সেন্দূৰ ব্যৱহাৰ কৰা হয়।[6]