চালিম আলি | |
---|---|
![]() | |
জন্ম | ১২ নৱেম্বৰ, ১৮৯৬ বোম্বে, বোম্বে প্ৰেচিডেন্সী, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২০ জুন, ১৯৮৭ (৯০ বছৰ) বোম্বে, মহাৰাষ্ট্ৰ, ভাৰত |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ | পক্ষীবিজ্ঞান প্ৰাকৃতিক ইতিহাস |
উল্লেখনীয় বঁটা | পদ্মভূষণ (১৯৫৮) সংৰক্ষণ নেতৃত্বৰ জে. পল গেটি বঁটা (১৯৭৫) পদ্মবিভূষণ (১৯৭৬) |
দাম্পত্যসঙ্গী | তেহমিনা আলি |
চালিম মৈজুদ্দিন আব্দুল আলি (১২ নৱেম্বৰ ১৮৯৬ – ২০ জুন ১৯৮৭)[1] এগৰাকী ভাৰতীয় পক্ষীবিদ আৰু প্ৰকৃতিবিদ। তেওঁক "ভাৰতৰ পক্ষীমানৱ" হিচাপে অভিহিত কৰা হয়। তেওঁ ভাৰতত পোন প্ৰথমবাৰৰ বাবে পক্ষীকুলৰ সংঘবদ্ধ সমীক্ষা কৰিছিল আৰু চৰাই সম্বন্ধীয় বহুতো গ্ৰন্থ প্ৰণয়ন কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ ভাৰতত পক্ষীবিজ্ঞান বিষয়টো জনপ্ৰিয়কৰণত আগ-ভাগ লৈছিল। তেওঁ বোম্বে প্ৰাকৃতিক ইতিহাস ছচাইটিৰ উল্লেখযোগ্য সদস্য আছিল। ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁ বিভিন্ন সন্থা আৰু প্ৰতিষ্ঠানক নিজৰ ব্যক্তিগত প্ৰচেষ্টাৰে চৰকাৰী সাহায্য প্ৰদান কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। তেওঁৰ প্ৰচেষ্টাৰ ফলতেই ৰাজস্থানত ভৰতপুৰ পক্ষী উদ্যান প্ৰতিষ্ঠা হৈছিল আৰু বৰ্তমান নীৰৱ উপত্যকা ৰাষ্ট্ৰীয় উদ্যানৰ ধ্বংস ৰোধ হৈছিল। তেওঁ ছিডনী ডিলন ৰিপলীৰ সৈতে দহটা খণ্ডৰ হেণ্ডবুক অফ দা বাৰ্ডছ অফ ইণ্ডিয়া এণ্ড পাকিস্তান অৰ্থাৎ ভাৰত আৰু পাকিস্তানৰ পক্ষীকুলৰ হাতপুথি প্ৰণয়ন কৰিছিল। ইয়াৰ দ্বিতীয় সংস্কৰণ তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশিত হয়। ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৫৮ চনত পদ্মভূষণ আৰু ১৯৭৬ চনত পদ্মবিভূষণ প্ৰদান কৰিছিল।[2] কেইবাটাও চৰাইৰ প্ৰজাতিৰ নাম, পক্ষীউদ্যান, এখন ৰাষ্ট্ৰীয় উদ্যান আৰু এখন প্ৰতিষ্ঠানৰ নাম তেওঁৰ নামত ৰখা হৈছে।