চাৰু মজুমদাৰ | |
---|---|
চি.পি.আই. (এম.এল.)ৰ সাধাৰণ সম্পাদক | |
কাৰ্যকাল ১৯৬৯ – ১৯৭২ | |
চি.পি.আই. (এম.এল.)ৰ দাৰ্জিলিং জিলা সম্পাদক | |
কাৰ্যকাল ১৯৬৪ – ১৯৬৭ | |
ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ পশ্চিম বংগ ৰাজ্যিক কমিটি | |
কাৰ্যকাল ১৯৪৩ – ১৯৬৪ | |
ব্যক্তিগত তথ্য | |
জন্ম | ১৫ মে', ১৯১৮ শিলিগুৰি, বেংগল প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৮ জুলাই, ১৯৭২ (৫৩ বছৰ) কলকাতা, পশ্চিম বংগ |
ৰাজনৈতিক দল | ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী) |
দাম্পত্যসঙ্গী | লীলা মজুমদাৰ সেনগুপ্তা |
সন্তান | অভিজিত মজুমদাৰ |
শিক্ষানুষ্ঠান | কলকাতা বিশ্ববিদ্যালয় উত্তৰ বংগ বিশ্ববিদ্যালয় শিলিগুৰি কলেজ পাবনা এডৱাৰ্ড কলেজ |
চাৰু মজুমদাৰ (ইংৰাজী: Charu Majumdar; ১৫ মে' ১৯১৮ – ২৮ জুলাই ১৯৭২) ভাৰতৰ এজন কমিউনিষ্ট নেতা, আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)ৰ প্ৰতিষ্ঠাপক আৰু সাধাৰণ সম্পাদক আছিল। জনপ্ৰিয়ভাৱে তেওঁ চি.এম. নামেৰে পৰিচিত।[1] ১৯১৮ চনত শিলিগুৰিৰ এটা প্ৰগতিশীল মাটিগিৰি পৰিয়ালত জন্মগ্ৰহণ কৰা মজুমদাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত কমিউনিজমৰ সৈতে জড়িত হৈ পৰিছিল আৰু পিছলৈ নক্সাল উগ্ৰবাদী গোট গঠন কৰিছিল। এই সময়ছোৱাত তেওঁ ১৯৬৭ চনৰ নক্সালবাৰী বিদ্ৰোহৰ ঐতিহাসিক বিৱৰণী ৰচনা কৰে। তেওঁৰ লেখাসমূহ, বিশেষকৈ ঐতিহাসিক আঠটা লেখা বিদ্ৰোহী কাৰ্যকলাপৰ পথ প্ৰদৰ্শক স্বৰূপ মতাদৰ্শৰ অংশ বুলি গণ্য কৰা হয়।[2]
মজুমদাৰৰ জন্ম হৈছিল শিলিগুৰিৰ এটা মাটিগিৰি পৰিয়ালত।[3][4] তেওঁৰ পিতৃ আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সংগ্ৰামী। ১৯৩৮ চনত মজুমদাৰে কলেজ এৰে।
পঢ়া বাদ দিয়াৰ পিছত মজুমদাৰে তেতিয়াৰ নিষিদ্ধ ভাৰতৰ কমিউনিষ্ট পাৰ্টিত যোগদান কৰি ইয়াৰ কৃষক গোটত সেৱা আগবঢ়ায়। গ্ৰেপ্তাৰী পৰোৱানা বাহিৰ হোৱাত তেওঁক প্ৰথমবাৰৰ বাবে এজন কমিউনিষ্ট কৰ্মী হিচাপে আত্মগোপন কৰিবলৈ বাধ্য হয়। দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিতে চি.পি.আই.ক নিষিদ্ধ কৰা হৈছিল যদিও তেওঁ কৃষকৰ মাজত দলীয় কাৰ্যকলাপ অব্যাহত ৰাখে আৰু ১৯৪২ চনত চি.পি.আই. জলপাইগুৰি জিলা সমিতিৰ সদস্য হিচাপে নিযুক্তি লাভ কৰে। এই পদোন্নতিয়ে তেওঁক ১৯৪৩ চনৰ মহা দুৰ্ভিক্ষৰ সময়ত শস্য জব্দ কৰা অভিযান সংগঠিত কৰিবলৈ উৎসাহিত কৰে। ১৯৪৬ চনত তেওঁ জলপাইগুৰি অঞ্চলত হোৱা তেভাগা আন্দোলনত যোগদান কৰে আৰু উত্তৰ বংগত সৰ্বহাৰা উগ্ৰবাদী সংগ্ৰামত নামি পৰে।[5] সেই আলোড়নে তেওঁৰ বিপ্লৱী সংগ্ৰামৰ দৃষ্টিভংগীক গঢ় দিছিল। পিছলৈ তেওঁ দাৰ্জিলিঙৰ চাহ বাগিচাৰ শ্ৰমিকৰ মাজত কাম কৰিছিল।
১৯৪৮ চনত চি.পি.আই.ক নিষিদ্ধ কৰা হয় আৰু তাৰ পিছৰ তিনি বছৰ কাৰাগাৰত কটায়। ১৯৫২ চনৰ জানুৱাৰী মাহত তেওঁ জলপাইগুৰিৰ সহযোগী চিপিআই সদস্যা লীলা মজুমদাৰ সেনগুপ্তাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পাছত দম্পতিহাল শিলিগুৰিলৈ স্থানান্তৰ হয়, যিখন ঠাই পৰৱৰ্তী কেইবছৰমানৰ বাবে মজুমদাৰৰ কাম-কাজৰ কেন্দ্ৰবিন্দু হৈ পৰে। ১৯৬২ চনত তেওঁক চমু সময়ৰ বাবে কাৰাৰুদ্ধ কৰা হয়।
১৯৬০ চনৰ মাজভাগত মজুমদাৰে উত্তৰ বংগৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ত বাওঁপন্থী ফৈদ সংগঠিত কৰে। ১৯৬৭ চনত নক্সালবাৰীত তেওঁৰ সতীৰ্থ কানু সান্যালৰ নেতৃত্বত এক উগ্ৰবাদী কৃষক বিদ্ৰোহ সংঘটিত হয়। এই গোটটো পিছলৈ নক্সালবাদী নামেৰে পৰিচিত হয়। এই সময়ত ‘ঐতিহাসিক আঠ নথি’ বুলি জনাজাত, চাৰু মজুমদাৰ ৰচিত আঠটা প্ৰবন্ধই তেওঁলোকৰ বৈপ্লৱিক আন্দোলনক মতাদৰ্শগত ভেটি প্ৰদান কৰা বুলি গণ্য কৰা হয়। মজুমদাৰৰ লেখাই যুক্তি আগবঢ়াইছিল যে চীন বিপ্লৱৰ আৰ্হিত বিপ্লৱে সশস্ত্ৰ সংগ্ৰামৰ পথ ল’বই লাগিব। ১৯৬৭ চনত যেতিয়া নক্সালবাৰী বিদ্ৰোহক মষিমূৰ কৰা হৈছিল তেতিয়া মজুমদাৰে কৈছিল: "...ভাৰতত শ শ নক্সালবাৰী উমিউমি জ্বলি আছে। নক্সালবাৰীৰ মৃত্যু হোৱা নাই আৰু মৃত্যু নহ'বও।"[6] সেই বছৰতে মজুমদাৰে চি.পি.আই.(এম)ৰ বিভাজন ঘটাই অল ইণ্ডিয়া কো-অৰ্ডিনেচন কমিটি অফ কমিউনিষ্ট ৰিভ’লুচ্যনেৰী গঠন কৰে; যিয়ে ১৯৬৯ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) প্ৰতিষ্ঠা কৰিছিল আৰু মজুমদাৰক সাধাৰণ সম্পাদক পাতিছিল।
১৯৭২ চনৰ ১৬ জুলাই তাৰিখে পুৱা ৩ বজাত কলিকতা আৰক্ষীৰ এজন বিষয়া ৰঞ্জিত গুহ নিয়োগী (ওৰফে ৰুণু গুহ নিয়োগী) আৰু তেওঁৰ দলে আত্মগোপন কৰি থকা ঠাইত, অসুস্থ অৱস্থাত চাৰু মজুমদাৰক কৰায়ত্ব কৰে। আৰক্ষীৰ মতে, ১৯৭২ চনৰ ২৮ জুলাইৰ পুৱা ৪ বজাত গুৰুতৰ হৃদৰোগত আক্ৰান্ত হৈ মজুমদাৰৰ মৃত্যু হয়।[7][8] কিন্তু নক্সালবাদীসকলৰ মতে এয়া পুলিচৰ জিম্মাত থকা অৱস্থাত সংঘটিত হোৱা এক হত্যাকাণ্ড। লকআপত আৱদ্ধ হৈ থাকোঁতে ঔষধ যোগান নিদিয়া বাবেই তেওঁৰ মৃত্যু হৈছিল।[9] সশস্ত্ৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ পহৰাৰ মাজত তেওঁৰ মৃতদেহ কেওৰাতোলা শ্মশানত দাহ কৰা হয়।[10] মজুমদাৰৰ মৃত্যুৰ পিছত ভাৰতৰ উগ্ৰ বাওঁপন্থী আন্দোলনত বহু মতাদৰ্শগত বিভাজন হোৱা দেখা গৈছে।[11] ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)লিবাৰেচননে মজুমদাৰৰ মৃত্যুৰ দিনটোক শ্বহীদ দিৱস হিচাপে পালন কৰে। ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাওবাদী)য়ে মজুমদাৰৰ মৃত্যুৰ স্মৃতিত জুলাই মাহৰ শেষৰ সপ্তাহটোত শ্বহীদ সপ্তাহ হিচাপে পালন কৰে, য'ত সদস্যসকলে তেওঁৰ মতাদৰ্শক ৰোমন্থন কৰে আৰু বাওঁপন্থী আন্দোলনত তেওঁৰ প্ৰভাৱক স্মৰণ কৰে।[12]