চিকিৎসা-বিজ্ঞান ৰোগ উপশমৰ বিজ্ঞান আৰু কলা। মানৱ শৰীৰ আৰু মনৰ স্বাস্থ্য ভালে ৰখাৰ উদ্দেশ্যেৰে ৰোগ নিৰাময় আৰু ৰোগ প্ৰতিষেধৰ বিষয়ে চিকিৎসা-বিজ্ঞানত অধ্যয়ন কৰা হয় আৰু প্ৰয়োজন অনুসৰি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়।
সমসাময়িক চিকিৎসা-বিজ্ঞানে স্বাস্থ্য বিজ্ঞানৰ অধ্যয়ন, গৱেষণা, আৰু সংশ্লিষ্ট প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰেৰে লব্ধ জ্ঞানৰ আধাৰত ঔষধ বা শল্য চিকিৎসাৰ (ছাৰ্জাৰী) দ্বাৰা ৰোগ নিৰাময়ৰ কৰাৰ চেষ্টা কৰে। ঔষধ আৰু শল্য চিকিৎসাৰ উপৰিও মনোচিকিৎসা (psychotherapy), কৃত্ৰিম অংগ সংস্থাপন, আণৱিক ৰশ্মিৰ প্ৰয়োগ, বাহ্যিক উপায় (যেনে, স্প্লিণ্ট (Splint) আৰু ট্ৰেকছন), জৈৱিক সামগ্ৰী (তেজ, অণু জীৱ ইত্যাদি), শক্তিৰ অন্যান্য উৎস (বিদ্যুৎ, চুম্বক, অতি-শব্দ ইত্যাদি) ইত্যাদিৰো প্ৰয়োগ কৰা হয়।
চিকিৎসা-বিজ্ঞানক ইংৰাজীত 'মেডিচিন' (Medicine) বোলা হয়। মেডিচিন শব্দৰ উৎপত্তি হৈছে লেটিন ভাষাৰ ars medicina শব্দৰপৰা, যাৰ অৰ্থ হৈছে "the medical art" ('চিকিৎসাৰ কলা')[1][2]।
প্ৰাগঐতিহাসিক যুগৰ চিকিৎসা-বিজ্ঞানত ঔষধি-গছৰ প্ৰয়োগ, খনিজ পদাৰ্থ আৰু অইন প্ৰাণীৰ দেহাংশ প্ৰয়োগ ইত্যাদিয়েই মুখ্য আছিল। বেছি ভাগ সময়তে এনে সামগ্ৰীসমূহক পুৰোহিত, সন্ন্যাসী বা কবিৰাজে কোনো অনুষ্ঠানৰ মাধ্যমত প্ৰয়োগ কৰিছিল আৰু ইয়াৰ ক্ৰিয়াক যাদুকৰী বা ঐশ্বৰিক বুলি ভবা হৈছিল। কেবাটাও বিভাগত এনে চিকিৎসাৰ বিধানক ভাগ কৰা হৈছিল, যেনে, জড় পদাৰ্থত আত্মাৰ অস্তিত্ব (animism), আধ্যাত্মিকতা (ঈশ্বৰ অথবা পূৰ্বপুৰুষৰ প্ৰতি আহ্বান), যাদুকৰী শক্তি (একোজন ব্যক্তিৰ হাতত বিশেষ ক্ষমতা থকা বুলি ভবা) বা, সৌভাগ্যবশতঃ কোনোবা এজনে বিশেষ শক্তি লাভ কৰা। 'চিকিৎসা নৃতত্ত্ব বিজ্ঞান'ৰ (medical anthropology) আওতাত স্বাস্থ্য, স্বাস্থ্যৰ যতন আৰু সংশ্লিষ্ট বিষয়ৰ লগত সমাজ আৰু কৃষ্টিৰ প্ৰভাৱ আলোচনা কৰা হয়।
চিকিৎসা-বিজ্ঞান সম্বন্ধীয় প্ৰাচীন তথ্য মিছৰীয় সভ্যতা, বেবিলনৰ সভ্যতা, ভাৰতৰ আয়ুৰ্বেদ শাস্ত্ৰ, চীনা সভ্যতা, গ্ৰীক আৰু ৰোমান সকলো পুৰণি সভ্যতাৰ পৰাই পোৱা গৈছে। খ্ৰী.পূ. ৩০০০ চনৰ মিছৰীয়া সভ্যতাৰ পাঠত পোৱা 'ইমোটেপ' (Imhotep)-ক প্ৰথমগৰাকী নাম জানিব পৰা চিকিৎসক বুলি ঠাৱৰ কৰা হৈছে। চিকিৎসালয়ৰ ধাৰণা পোৱা গছৈ শ্ৰীলংকাৰ মিহিনতালে সভ্যতাত। .[5][6] প্ৰাচীন ভাৰতৰ ঋষি 'শুষ্ৰুত'-ই কেবাবিধো শল্য-চিকিৎসাৰ বিৱৰণী লিখি ৰাখিছে। তেখেতৰ বৰ্ণনাত পোৱা শল্য-চিকিৎসাৰ পদ্ধতিসমূহ বিৱৰণী আধুনিক প্লাষ্টিক ছাৰ্জাৰীৰ সৈতে সাদৃশ্য থকা পৰিলক্ষিত হয়[7][8]।
প্ৰাচীন গ্ৰীছৰ চিকিৎসক হিপ'ক্ৰেটিছ-ক চিকিৎসা-বিজ্ঞানক জনক বুলি অভিহিত কৰা হৈছে[4][9] । তেখেতেই চিকিৎসা-বিজ্ঞানত প্ৰণালীবদ্ধ অধ্যয়ন আৰু যুক্তিপূৰ্ণ ধাৰণাৰ অৱতাৰণা কৰে। হিপ'ক্ৰটিছে চিকিৎসকসকলৰ বাবে 'হিপ'ক্ৰেটিছৰ শপত' বাক্যৰ প্ৰনয়ন কৰে। এই শপত-বাক্যৰ প্ৰাসংগিকতা আজিও বিদ্যমান। এখেতেই প্ৰথমে ৰোগসমূহক একিউট (ক্ষণিক), ক্ৰ'নিক (দৈৰ্ঘ্যদিনীয়া), এণ্ডেমিক (বহল প্ৰাদুৰ্ভাৱ থকা) আৰু এপিডেমিক (মহামাৰী) এই কেইটা ভাগ কৰে। তেখেতে এক্সাচাৰবেছন (exacerbation), পুনৰাবৃত্তি (relapse), সংকটাৱস্থা (crisis), ক্ষণস্থায়ী (paroxysm), শীৰ্ষাৱস্থা (peak) আৰু কনভালেছেন্স (convalescence) আদি ৰোগৰ বিভিন্ন অৱস্থাৰ সংজ্ঞাও নিৰ্ধাৰণ কৰে।[10][11]
আন এজন গ্ৰীক চিকিৎসক গেলেন প্ৰাচীন জগতৰ এগৰাকী নাম-জ্বলা শল্য চিকিৎসক আছিল। তেখেতে কেইবা ধৰণৰ শল্য চিকিৎসা সমাপন কৰিছিল, যাৰ ভিতৰত মগজু আৰু চকুৰ অপাৰেছনো আছিল। ৰোমান সাম্ৰাজ্যৰ উত্থান আৰু ইউৰোপত মধ্য যুগৰ আৰম্ভণিৰ লগে লগে গ্ৰীছৰ চিকিৎসা বিদ্যাৰ প্ৰসাৰ কমি আহে। বিশেষকৈ পশ্চিম ইউৰোপত গ্ৰীক পদ্ধতিৰ ব্যৱহাৰ প্ৰায় নোহোৱা হৈ পৰে, অৱশ্যে পূবৰ ৰোমান সাম্ৰাজ্যত গ্ৰীক পদ্ধতিৰ অবিহত আছিল।
খ্ৰীষ্টাব্দ ৭৫০-ৰ পাছত মুছলিম ৰাষ্ট্ৰসমূহলৈ হিপ'ক্ৰটিছ, গেলেন আৰু শুশ্ৰুতৰ লেখনী সমূহৰ আৰৱী অনুবাদ বিয়পি পৰে আৰু ইছলামীয় চিকিৎসা-বিজ্ঞানৰ সূচনা হয়। এই কালচোৱাত চিকিৎসা-বিজ্ঞানৰ কিছূমান উল্লেখনীয় আৱিষ্কাৰ হয়। এই কালৰ এগৰাকী বিখ্যাত চিকিৎসক আছিল আভিচেনা। হিপ'ক্ৰেটিছ, ইমোটেপ আৰু আভিচেনাক একেলগেও চিকিৎসা-বিজ্ঞানৰ জনক আখ্যা দিয়া হয়।[12][13] আভিচেনাই ৰচনা কৰা 'দা কেনন অফ্ মেডিছিন' (The Canon of Medicine) চিকিৎসা-বিজ্ঞানৰ আটাইতকৈ বিখ্যাত পুথি।[14] অন্যান্য কেইজনমান উল্লেখযোগ্য অৱদানকাৰী হ'ল 'আবুল কাইছ' (আবু আল-কাছিম আল-জৱাহিৰি, Abu al-Qasim al-Zawahiri)[15], ইবন জুহৰ (Ibn Zuhr বা Avenzoar)[16], ইবন আল-নফিছ (Ibn al-Nafis)[17], আৰু এভেৰোএছ (Averroes)[18]
মহম্মদ ইবন জাকৰিয়া ৰাজি (ৰেজেছ, Muhammad ibn Zakarīya Rāzi (Rhazes))[19]-এ প্ৰথমবাৰৰ বাবে গ্ৰীক চিকিৎসা-বিজ্ঞানৰ 'প্ৰাণ-ৰস' (humor)-ৰ ধৰাণাৰ সত্যতাৰ ওপৰত প্ৰশ্ন তুলিছিল। গ্ৰীক চিকিৎসা-বিজ্ঞানৰ 'প্ৰাণ-ৰস তত্ত্ব'ই (humorism) মধ্য-যুগৰ পশ্চিম ইউৰোপ আৰু ইছলাম সাম্ৰাজ্যত চিকিৎসা-বিজ্ঞানৰ মূল তত্ত্ব হিচাপে পৰিগণিত হৈ আছিল।[20] মুছলিম ৰাষ্ট্ৰসমূহত থকা 'বিমাৰিস্তান' (Bimaristan) আছিল প্ৰথম কালৰ ৰাজহুৱা চিকিৎসালয়।[21][22]
চতুৰ্দশ আৰু পঞ্চদশ শতিকাত ইউৰোপ আৰু মধ্য-পূৰ্বত দেখা দিয়ে 'ক'লা মৃত্যু'-ৰ (Black Death) বিভীষিকা। মধ্য-পূৰ্বৰ তুলনামূলকভাৱে উন্নত চিকিৎসা-বিজ্ঞানেও এই ৰোগৰ কোনো নিৰমায় উলিয়াব পৰা নাছিল। বৰং মধ্য-পূৰ্বতকৈ পশ্চিম ইউৰোপেহে এই ৰোগৰ ক্ষতি সোনকালে লাঘৱ কৰিব পাৰিছিল।[23] আধুনিক যুগৰ প্ৰথমাংশত ইউৰোপৰ চিকিৎসা-বিজ্ঞানলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল গেব্ৰিয়েল ফেলোপিঅ' (Gabriele Falloppio) আৰু উইলিয়াম হাৰ্ভে-ই (William Harvey)।
চতুৰ্দশ আৰু পঞ্চদশ শতিকাতে প্ৰচলিত জ্ঞানক অমান্য কৰাৰ ধাৰা এটা গঢ় লৈ উঠে। মধ্য-যুগীয় সময়ৰ ধাৰণাত পৃথিৱীৰ সকলো জ্ঞান প্ৰাচীন পণ্ডিতসকলৰ লেখনীত পোৱা যায় বুলি ভবা হৈছিল। আৰু যিটো সেই লেখনীৰ লগত নিমিলে তাক অনিয়ম বুলি ধৰা হৈছিল। ইউৰোপত নৱ-জাগৰণৰ উন্মেষৰ লগে লগে সকলো ধাৰণাকে নতুনকৈ পৰীক্ষা-নিৰীক্ষাৰে প্ৰমাণ কৰা আৰু প্ৰয়োজনবোধে নতুন মতবাদ আগবঢ়োৱাৰ প্ৰথা গঢ়ি উঠে। প্ৰাচীন জ্ঞানৰ লগত ভেছেলিয়াছ আদিৰদৰে পণ্ডিতে নতুন কথা যোগ দিবলৈ আৰম্ভ কৰে।
মানৱ দেহৰ গঠন (এনাটমী) সম্বন্ধে এণ্ড্ৰেয়াছ ভেছেলিয়াছ-এ (Andreas Vesalius) এখন নতুন গ্ৰন্থ প্ৰনয়ন কৰে, 'De humani corporis fabrica' (১৫৪৩)। এই গ্নন্থখনত শৱদেহৰ ব্যৱচ্ছেদ কৰি পোৱা দেহৰ ভিতৰৰ অংগৰ বিষয়ে ছবি আৰু তথ্য সম্বলিত কৰা হৈছিল[24]। সমসাময়িক ফঁৰাছী দেশীয় শল্য-চিকিৎসক 'এমব্ৰয় পাৰী'-ক (Ambroise Paré) (১৫১০-১৫৯০) শল্য-চিকিৎসাৰ জনক আখ্যা দিয়া হয়। ১৬৭৬ চনত এণ্টন ভন্ লিউৱেনহক-এ (Antonie van Leeuwenhoek) নিজৰ আৱিষ্কৃত অণুবীক্ষণ যন্ত্ৰেৰে অণু-জীৱৰ উপস্থিতি ধৰা পেলাবলৈ সক্ষম হয়। তেখেতএই অণু-জীৱ অধ্যয়ন বিষয়-ৰ (microbiology)-ৰ সূচনা কৰে[25]। ইটালীৰ শল্য-চিকিৎসক আৰু এনাট'মি বিশাৰদ মেটিঅ' ৰিয়াল্ড' কল'ম্বো-ৰ (Matteo Realdo Colombo) মতাৱলীৰে অনুপ্ৰেৰিত হৈ ইংৰাজ উইলিয়াম হাৰ্ভে-ই (William Harvey) ৰক্ত-পৰিবহণ তন্ত্ৰৰ বৰ্ণনা দিয়ে[26]। হাৰমান বোয়েৰহাভে-য়ে লিডেনত কৰা শিক্ষাদান আৰু ৰচনা কৰা পাঠ্য-পুথি 'ইনষ্টিটিউছনিছ মেডিকা' (Institutiones medicae) (১৭০৮)-ৰ বাবে তেখেতক 'শৰীৰতত্ত্ব'-ৰ (physiology) পিতৃ বুলি ক'ব খোজা হয়। সপ্তদশ শতিকাতে ফৰাচী চিকিৎসক পিয়েৰ ফুঁছে-ই (Pierre Fauchard) দন্ত চিকিৎসা-বিজ্ঞানৰ পাতনি মেলিছিল বুলি কোৱা হয়। তেখেতক আধুনিক দন্ত চিকিৎসাৰ পিতৃ বোলা হয়[27]।
১৭৬১ চনত পশু চিকিৎসা-বিজ্ঞান মানৱ চিকিৎসা-বিজ্ঞানৰপৰা পৃথককৈ গঢ় লৈ উঠিবলৈ আৰম্ভ কৰে। ইয়াৰ আগলৈ পশুৰ চিকিৎসাও সাধাৰণ চিকিৎসক সকলেই কৰিছিল। ক্ল বুৰ্জোলে-ই (Claude Bourgelat) ১৭৬১ চনত ফ্ৰান্সৰ লিঅ'নত পশু চিকিৎসা-বিজ্ঞানৰ প্ৰথমটো প্ৰতিষ্ঠানৰ পট্টন কৰে।
আধুনিক জৈৱচিকিৎসা গৱেষণা-ৰ সূচনাই প্ৰাচীন মতাৱলীৰ পৰা আঁতৰি পৰীক্ষণীয় আৰু পুনৰাবৃত্তি কৰিব পৰা তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ধৰে। অষ্টাদশ শতিকাৰপৰা আধুনিক চিকিৎসা-বিজ্ঞানৰ সূচনা হোৱা বুলি কোৱা হয়। এড'ৱাৰ্ড জেনাৰৰ (Edward Jenner) বৰ আইৰ প্ৰতিষেধক ছিটা-ৰ আৱিষ্কাৰ, ১৮৮০ চনত ৰবাৰ্ট কক-ৰদ্বাৰা (Robert Koch) বেক্টেৰিয়াৰ দ্বাৰা ৰোগ হ'ব পাৰে বুলি প্ৰতিষ্ঠাপিত সত্য আৰু ১৯০০ চনৰ 'এণ্টিবায়'টিক'ৰ আৱিষ্কাৰ এই তিনিওটাক আধুনিক চিকিৎসা-বিজ্ঞানৰ বুনিয়াদী আৱিষ্কাৰ বুলি কোৱা হয়।
অষ্টাদশ শতিকাৰ পাছৰেপৰা নতুন নতুন গৱেষণাৰ ফছল দেখিবলৈ পোৱা যায়। ঘাইকৈ ইউৰোপতে এনে গৱেষণা সম্পন্ন হৈছিল। জাৰ্মানী আৰু অষ্ট্ৰিয়া-ৰ ৰুডল্ফ ভাৰ্চ' (Rudolf Virchow), উইলহেল্ম কন্ৰাড ৰ'ণ্টজেন (Wilhelm Conrad Röntgen), কাৰ্ল লেণ্ডষ্টেইনাৰ (Karl Landsteiner) আৰু অ'টো লেৱি (Otto Loewi) এই সকলে উল্লেখনীয় বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰপৰা আলেকজেণ্ডাৰ ফ্লেমিং (Alexander Fleming), জোছেফ লিষ্টাৰ (Joseph Lister), ফ্ৰান্সিছ ক্ৰিক (Francis Crick) আৰু ফ্লোৰেন্স নাইটিংগেল-এ বিশেষ বৰঙণি যোগায়। স্পেইনৰ ছাণ্টিয়াগো ৰেম'ন ৱাই কেজেল-ক (Santiago Ramón y Cajal) 'আধুনিক স্নায়ু বিজ্ঞান'ৰ জনক আখ্যা দিয়া হয়।
অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰপৰা বিশেষ বৰঙণি আগবঢ়াইছিল ম'ৰিছ ৱিলকিন্স (Maurice Wilkins), হাৱাৰ্ড ফ্ল'ৰে (Howard Florey) আৰু ফ্ৰেংক মেক্ফাৰলেন বাৰ্ণেট-এ (Frank Macfarlane Burnet).
আমেৰিকা যুক্তৰাষ্ট্ৰ-ৰ উইলিয়াম উইলিয়ামছ্ কীন (William Williams Keen), উইলিয়াম ক'লি (William Coley), জেম্ছ ডি. ৱাট্ছন (James D. Watson); ইটালীৰ ছালভাড'ৰ লুৰিয়া (Salvador Luria); ছুইজাৰলেণ্ড-ৰ আলেক্সাণ্ড্ৰে য়াৰ্ছিন (Alexandre Yersin); জাপান-ৰ কিটাটাছো শ্বিবাছাবুৰো (Kitasato Shibasaburō); ফ্ৰান্সৰ জঁ মাৰ্টিন চাৰ্ক'ট (Jean-Martin Charcot), ক্ল বাৰ্নাৰ্ড (Claude Bernard), পল ব্ৰোকা (Paul Broca) আদিয়ে প্ৰভুত বৰঙণি যোগাইছিল। একদৰেই ৰুছিয়াৰ নিকোলাই কোৰোটকভ্ (Nikolai Korotkov), আৰু ইংলেণ্ডৰ উইলিয়াম অছ্লাৰ (William Osler|Sir William Osler) আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৰ্ভে কুছিংৰ (Harvey Cushing) অৱদানো আছিল বিশেষভাৱে উল্লেখনীয়।
বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে চিকিৎসা-বিজ্ঞানত ঔষধ-ৰ প্ৰয়োগ বাঢ়ি আহিবলৈ ধৰে। ওঠৰশ শতিকালৈ চিকিৎসা-বিজ্ঞানত ঔষধ হিচাপে গছ-লতাৰ উপৰিও, জীৱৰ দেহৰ অংশ আৰু মানৱ দেহৰ অংশ ব্যৱহাৰ কৰা হৈছিল।[28] ঔষধ বিজ্ঞান (Pharmacology) এনেদৰে বনৌষধি-ৰ পৰাই বিকশিত হৈছে। এতিয়াও কেবাবিধৰ ঔষধ উদ্ভিদৰপৰাই পোৱা যায়। প্ৰতিষেধক ছিটাৰ আৱিষ্কাৰক আছিল ক্ৰমে এড'ৱাৰ্ড জেনাৰ (Edward Jenner) আৰু লুই পেষ্টুৰ (Louis Pasteur)। বৰ্তমান ঔৱধ প্ৰস্তুত কৰিবলৈ ৰাসায়নিক প্ৰক্ৰিয়াৰ সহায় লোৱা হয়. লগতে প্ৰয়োজন বোধে প্ৰয়োগশালাত ডিজাইন কৰা অণুৰ প্ৰয়োগো কৰা হয়। অতি সম্প্ৰতি জিনীয় প্ৰযুক্তিৰ যোগেদিও ঔষধ প্ৰস্তুত কৰা হৈছে।
পল এৰলিখ-এ (Paul Ehrlich) ১৯০৮ চনত প্ৰথমে আৰ্ছেফিনামিন (arsphenamine/Salvarsan) নামৰ এণ্টিবায়'টিক ঔষধ আৱিষ্কাৰ কৰে।[29] ছালফা যৌগ প্ৰথমে আৱিষ্কাৰ হোৱা এণ্টিবায়'টিকৰ শ্ৰেণী।
সাক্ষ্য ভিত্তিক চিকিৎসা-বিজ্ঞান (Evidence-based medicine) সমসাময়িক চিকিৎসাৰ এটা ধাৰা। এই ধাৰাত চিকিৎসা পদ্ধতিৰ সুষম আৰু সফলতম প্ৰয়োগৰ বাবে প্ৰমাণযোগ্য গৱেষণালব্ধ জ্ঞানৰ ওপৰত গুৰুত্ব দিয়া হয়। বৰ্তমান বিশ্বত গঢ়ি উঠা তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে এই ধাৰাক সহায় কৰিছে। এই ধাৰাক নেতৃত্ব প্ৰদান কৰিছে কক্ৰেন ক'লাবোৰেছন-এ (Cochrane Collaboration)।
চিকিৎসা-বিজ্ঞানৰ নিয়মৰ অধীনত চিকিৎসক এজনে নিজৰ চিকিৎসা বিষয়ক জ্ঞানৰ আধাৰত প্ৰথমে ৰোগবিধ নিৰ্ণয় কৰে, চিকিৎসা প্ৰদান কৰে আৰু আগলৈ ৰোগ প্ৰতিষোধ কৰাৰ যত্ন কৰে। চিকিৎসক ৰোগীৰ মাজৰ সম্পৰ্ক এটা আৰম্ভ হয় ৰোগী চিকিৎসকৰ ওচৰলৈ অহাৰ পাছত চিকিৎসকে ৰোগীৰ ৰোগৰ ইতিহাস আৰু নথীসমূহ চোৱাৰ পাছৰেপৰা। ইয়াৰ পাছত ৰোগীৰ লগত ৰোগসম্পৰ্কে জানিবলৈ এটা সাক্ষাৎকাৰ লোৱা হয়[30] আৰু ৰোগীৰ দেহ পৰীক্ষা কৰা হয়। দেহৰ পৰীক্ষা কৰাৰ সময়ত ষ্টেথ'স্কোপ আদিৰ দৰে সঁজুলিৰ সহায় লোৱা হয়। ৰোগৰ লক্ষণসমূহ জনাৰ পাছত প্ৰয়োজন অনুসৰি অন্যান্য পৰীক্ষা যেনে তেজৰ পৰীক্ষা, এক্স-ৰে, বায়'প্ছি আদিৰ বিধান দিয়া হয়। ইয়াৰ লগতে ৰোগ নীৰসনৰ বাবে ঔষধ বা প্ৰয়োজনীয় অন্যান্য চিকিৎসাৰ বিধান দিয়া হয়। জনা তথ্যৰ আধাৰত সাধাৰণতে সম্ভাৱনীয় ৰোগসমূহৰ এখন তালিকা কৰা হয় আৰু ৰোগীক প্ৰয়োজনীয় কথা আৰু লবলগীয়া সাৱধানতা আদিৰ বিষয়েও জনোৱা হয়। এই সম্পূৰ্ণ কাৰ্যাৱলী লিখিত ৰূপত সংৰক্ষণ কৰা হয়। ৰোগীৰ নথি প্ৰায় সকলো দেশতে ন্যায়িক নথি বুলি ধৰা হয়[31]। পাছৰ বাৰ ৰোগীয়ে দেখুৱাবলৈ অহাৰ সময়তো একেখিনি নিয়মকে মনা হয় যদিও সাধাৰণতে প্ৰথম বাৰতকৈ কম সময় লাগে, কাৰণ বেছিভাল তথ্য প্ৰথমেই নথিভুক্ত কৰা হয়।
ৰোগ পৰীক্ষাৰ অংশসমূহ হৈছে[30]:
ৰোগীৰ সাক্ষাৎকাৰৰ পাছত ৰোগৰ চিহ্ন (Signs) উলিয়াবলৈ ৰোগীৰ দেহ পৰীক্ষা কৰা হয়। দেহ পৰীক্ষাৰপৰা চিকিৎসকে পোৱা ৰোগৰ লক্ষণ সমূহক ৰোগ চিহ্ন (Signs) বোলা হয়। চিকিৎসকে ৰোগৰ চিহ্ন নিৰ্ণয় কৰিবলৈ দৰ্শন, শ্ৰৱণ, স্পৰ্শ, ঘ্ৰাণ সমূহ ইন্দ্ৰিয়ৰ প্ৰয়োগ কৰে, প্ৰয়োজন অনুসৰি যন্ত্ৰৰ ব্যৱহাৰ কৰা হয়। দৈহিক পৰীক্ষাৰ বাবে চাৰিটা নিয়মক ক্ৰমানুসাৰে ব্যৱহাৰ কৰিবলৈ শিক্ষা দিয়া হয়: চাক্ষুস পৰীক্ষণ (Inspection), স্পৰ্শ পৰীক্ষণ (Palpation), পাৰ্কাছন (Percussion) আৰু অ'ছকাল্টেছন (Auscultation)। চাক্ষুস পৰীক্ষণ চকুৰে দেখা লক্ষণসমূহ নিৰ্ণয় কৰা হয়। স্পৰ্শ পৰীক্ষণত ৰোগীৰ দেহৰ বিভিন্ন অংশ পিটিকি-মোহাৰি ঘাইকৈ স্পৰ্শৰ দ্বাৰা পৰীক্ষা কৰা হয়, পাৰ্কাছনত ৰোগীৰ দেহত আঙুলিৰে টুকুৰিয়াই উৎপন্ন কৰিব পৰা শব্দৰ পৰীক্ষা কৰা হয়, আৰু অ'ছকাল্টেছনত ষ্টেথোস্কোপ-এৰে ৰোগীৰ দেহৰ অংগই উৎপন্ন কৰা মৃদু শব্দৰ বুজ লোৱা হয়। দৈহিক পৰীক্ষা কৰোঁতে এই নিয়মৰ ক্ৰমানুৱৰ্তীতা মানি চলাত গুৰুত্বাৰোপণ কৰা হয়।
ক্লিনিকেল পৰীক্ষাৰ দ্বাৰা তলত উল্লিখিত বিষয়সমূহৰ বিষয়ে যথাসাধ্য জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰা হয়।
অৱশ্যে সাক্ষাৎকাৰত সময়ত ওলাই সম্মুখলৈ অহা তন্ত্ৰটোৰ বিষয়েহে বেছি ভালকৈ পৰীক্ষা কৰা হয়, সকলোখিনি পৰীক্ষা প্ৰায়েই কৰা নহয়।
প্ৰয়োজন বোধে প্ৰায়োগিক পৰীক্ষা (Laboratory Test) বা 'চিকিৎসা-বিজ্ঞানীয় প্ৰতিচ্ছবি বিজ্ঞান'ৰ (Medical Imaging) সহায় লোৱা হয়।
চিকিৎসাৰ সিদ্ধান্ত লওঁতে (Medical decision-making, MDM) ওপৰোক্ত সাক্ষাৎকাৰ আৰু পৰীক্ষাৰ পাছত ওলাই অহা তথ্যসমূহ বিশ্লেষণ কৰি প্ৰথমে সাম্ভাৱ্য ৰোগৰ তালিকা (differential diagnosis) এখন প্ৰস্তুত কৰা হয়, তাৰ পাছত ৰোগীৰ মূল ৰোগবিধ কি সেইটো নিৰ্ণয় কৰিবলৈ কি ব্যৱস্থা লোৱা হয়, তাৰো পৰিকল্পনা কৰা হয়।
ইয়াৰ পাছত প্ৰকৃত ৰোগ নিৰ্ণয় কৰা (নিদান) আৰু চিকিৎসাৰ বিষয়ে সিদ্ধান্ত লোৱা হয়। ৰোগীক আৰু পৰীক্ষাৰ বাবে পৰামৰ্শ দিয়া, ঔষধ বা অন্যান্য পদ্ধতি অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া, প্ৰয়োজন বোধে বিশেষজ্ঞৰ ওচৰলৈ প্ৰেৰণ কৰা, কেতিয়াবা ৰোগীক অকল সাৱধানে থাকিবলৈ দিয়া আদি বিভিন্ন সিদ্ধান্ত লোৱা হ'ব পাৰে, আৰু সকলোখিনিয়েই চিকিৎসাৰ অংশ। ৰোগীক পুনৰাই নিয়মিত পৰীক্ষাৰ বাবেও মতা হ'ব পাৰে।
সমগ্ৰ পদ্ধতিটোত লগা সময়, কেইটামান মিনিটৰপৰা এটা দুটা সপ্তাহলৈ হ'ব পাৰে। সেয়া নিৰ্ভৰ কৰি ৰোগীৰ লক্ষণৰ জটিলতা আৰু ব্যাপ্তিৰ ওপৰত। দুৰূহ ৰোগ নিৰ্ণয় কৰোঁতে সাধাৰণতে দীঘলীয়া সময় লাগে।
পুনৰ পৰীক্ষাৰ সময়তো প্ৰায় একেখিনি পদ্ধতি পালন কৰা হয়, কিন্তু প্ৰথম বাৰতকৈ কম সময় লাগে।
সাম্প্ৰতিক কালত চিকিৎসা-বিজ্ঞানক স্বাস্থ্য দপ্তৰৰ দ্বাৰা পৰিচালনা কৰা হয়। চিকিৎসা সম্বন্ধীয় ন্যায়িক বিধান, যোগ্যতা, বিনিয়োগ আদিৰ বিধান দেশৰ চৰকাৰে স্থাপন কৰে, আৰু কিছুমান ক্ষেত্ৰত আন্তৰ্জাতিক ভাৱে এই নিয়মাৱলী মানি চলা হয়। স্বাস্থ্য খণ্ডৰ নীতি-নিয়ম, বিধানে চিকিৎসা কেনেকৈ প্ৰদান কৰা হয়, তাৰ ওপৰত প্ৰমুখ প্ৰভাৱ পেলায়।
উন্নত দেশ সমূহত (আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰে)[32][33] আৰু প্ৰায় ভাগ উন্নয়নশীল দেশত চিকিৎসা প্ৰদানক সৰ্বজনীন স্বাস্থ্য সেৱা-ৰ (Universal Health Care) জৰিয়তে প্ৰদান কৰা হয়। এই সেৱাৰ জৰিয়তে সকলো দেশবাসীকে বাবে চিকিৎসা প্ৰদানৰ বাবে একেটা ব্যয় কোষৰপৰা বা বাধ্যতামূলক স্বাস্থ্য বীমাৰ জৰিয়তে চিকিৎসা প্ৰদান কৰা হয়। সমূহ দেশবাসীয়েই নিজৰ আৰ্জনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ যাতে স্বাস্থ্য সেৱা লাভ কৰিবলৈ সক্ষম হয়, তাৰ বাবে সৰ্বজনীন স্বাস্থ্য সেৱা প্ৰদান কৰা হয়। চৰকাৰী বা বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ যোগেদি চিকিৎসা প্ৰদানক ৰাইজৰ মাজলৈ লৈ যোৱা হয়।
চিকিৎসা প্ৰদানত তথ্যৰ স্বচ্ছতাৰ প্ৰতিও নজৰ দিয়া হয়। অৱশ্যে ইয়াৰ লগতে ৰোগীৰ ব্যক্তিগত তথ্যৰ গোপনশীলতা অটুট ৰখাৰ ওপৰতো গুৰুত্ব দিয়া হয়।
চিকিৎসা সেৱাৰ প্ৰদান ব্যৱস্থাক তিনিটা ভাগত ভগোৱা হয়: প্ৰাথমিক (primary), মাধ্যমিক (secondary) আৰু উচ্চ (tertiary) বিভাগ।
'প্ৰাথমিক সেৱা' ৰোগীয়ে চিকিৎসাৰ বাবে আগবাঢ়ি অহাৰ সময়ত অহা প্ৰথমটো সংযোগ। চিকিৎসকৰ উপৰিও নাৰ্ছ, সহায়কাৰী বা অন্যান্য স্বাস্থ্য-কৰ্মীৰ দ্বাৰা প্ৰাথমিক সেৱা প্ৰদান কৰা হয়। প্ৰায় ৯০% ৰোগীৰ সমস্যা এই প্ৰাথমিক সেৱাৰ যোগেদিয়েই সমাধান কৰাটো সম্ভৱ। প্ৰাথমিক সেৱাত চিকিৎসাৰ লগতে প্ৰতিৰোধ আৰু সাস্থ্যৰ নীতি-নিয়ম সম্পৰ্কে শিক্ষা দিয়া হয়।
মাধ্যমিক পৰ্যায়ৰ সেৱা বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয়। সাধাৰণতে চিকিৎসকৰ চেম্বাৰ বা ক্লিনিক বা হস্পিটেল সমূহত মাধ্যমিক সেৱা প্ৰদান কৰা হয়। মাধ্যমিক সেৱাৰ বাবে 'প্ৰাথমিক সেৱা'ৰপৰা ৰোগীক উচ্চ পৰ্যায়ৰ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। যিবোৰ সমস্যা সমাধানৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ প্ৰয়োজন হয়, তেনে সমস্যাবোৰ প্ৰেৰণ কৰা হয়। মাধ্যমিক সেৱাৰ বাবে ৰোগীক বহিঃ বা অন্তঃ দুয়োটা বিভাগতে চিকিৎসা প্ৰদান কৰা হ'ব পাৰে। শল্য চিকিৎসা, প্ৰাথমিক সেৱাৰ দ্বাৰা সমাধান কৰিব নোৱাৰা সমস্যা আদি মাধ্যমিক সেৱাত চোৱা হয়।
উচ্চ সেৱাৰ প্ৰদানৰ বাবে বিশেষ সুবিধা থকা চিকিৎসালয় বা আঞ্চলিক প্ৰতিষ্ঠানৰ প্ৰয়োজন হয়। প্ৰাথমিক আৰু মাধ্যমিক স্তৰত উপলব্ধ নোহোৱা বিভিন্ন পৰীক্ষা-নীৰিক্ষা আৰু চিকিৎসা ব্যৱস্থা আৰু বিশেষ অৰ্হতা থকা চিকিৎসা বিশেষজ্ঞৰ যোগেদি এই সেৱা প্ৰদান কৰা হয়। চিকিৎসা মহাবিদ্যালয় সমূহক উচ্চ পৰ্যায়ৰ চিকিৎসা প্ৰদান প্ৰতিষ্ঠান বুলি গণ্য কৰা হয়।
আধুনিক চিকিৎসা সেৱাৰ প্ৰদান এটা বহুজনীয় আৰু বহুশাখাৰ আন্তঃ গোট। প্ৰশিক্ষিত চিকিৎসা কৰ্মী, চিকিৎসক, পৰীক্ষা-কৰ্মী, ধাত্ৰী, জৰুৰী-অৱস্থাৰ বাবে প্ৰশিক্ষিত স্বাস্থ্য-কৰ্মী ইত্যাদিৰে এটা এই গোট গঠিত হয়।
মানৱ চিকিৎসা-বিজ্ঞানে অকল ৰোগ সম্বন্ধীয় কথাৰ বাহিৰেও আন সংশ্লিষ্ট বিষয় সাঙুৰি লয়। দন্ত চিকিৎসা-বিজ্ঞান বেলেগকৈ পঢ়া হয় যদিও মূলতঃ ইও চিকিৎসা-বিজ্ঞানৰ এটা অংশ।
চিকিৎসক সকলে নিম্নোক্ত গোট সমূহৰ ভিতৰত বিশেষজ্ঞৰ পাঠ্যক্ৰম পঢ়িব পাৰে।
চিকিৎসা-বিজ্ঞানৰ মূল শাখা সমূহ:
চিকিৎসা-বিজ্ঞানৰ অন্তৰ্গত কেবাটাও বিশেষজ্ঞ শাখা আছে। বিশেষজ্ঞ শাখাসমূহৰ বাবে বেলেগে উচ্চ শিক্ষা আহৰণ কৰিব লাগে। বিশেষজ্ঞ শাখাসমূহৰ গঠন মূলতঃ সেই শাখাত হোৱা প্ৰযুক্তিগত বিকাশে নিৰ্ণয় কৰে, য'ত বিশেষ জ্ঞানৰ প্ৰয়োজন হয় (যেনে সংজ্ঞানাশক ঔষধৰ ব্যৱহাৰ), বা কিছুমান কৰ্মৰ একেৰূ’পী ধাৰায়ো (যেনে জৰুৰীকালীন অৱস্থাৰ চিকিৎসা) বিশেষজ্ঞ বিভাগ একোটাৰ জন্ম দিয়ে।
চিকিৎসা-বিজ্ঞানৰ বিশেষজ্ঞ শাখাসমূহক মূলতঃ দুটা প্ৰধান ভাগত ভগোৱা হয়ঃ মেডিচিন আৰু ছাৰ্জাৰী (শল্য চিকিৎসা)। অস্ত্ৰোপচাৰৰ অবিহনে চিকিৎসা প্ৰদান কৰা সকলো শাখাকে মেডিচিনৰ ভিতৰত ৰখা হয়। বেছিভাগ এনে বিশেষজ্ঞ শাখাসমূহৰ বাবে 'আভ্যন্তৰিণ মেডিচিন' (Internal Medicine)-এ উচ্চ শিক্ষা গ্ৰহণ কৰাটো প্ৰয়োজনীয়। ভাৰতবৰ্ষত স্নাতকোত্তৰ পৰ্যায়ত বিশেষজ্ঞ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰা হয়। ছাৰ্জাৰী বিভাগত যিকোনো অস্ত্ৰোপচাৰ সম্বলিত চিকিৎসা প্ৰদান ব্যৱস্থাক ৰখা হৈছে। কিছুমান শাখাক এতিয়াও মেডিছিন আৰু ছাৰ্জাৰী বুলি শাখাভূক্ত কৰিব নোৱাৰি, যেনে, ৰেডিঅ'লজী, পেথ'লজী, এনাষ্ঠেছিঅ'লজী ইত্যাদি।
ছাৰ্জাৰীৰ অন্তৰ্গত শাখাসমূহত বিশেষজ্ঞই অস্ত্ৰোপচাৰ কৰাৰ উপৰিও, অস্ত্ৰোপচাৰ বিধান সম্বন্ধীয় সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয়। ইয়াৰ উপৰি অস্ত্ৰোপচাৰৰ আগৰ আৰু পাছৰ আনুষাংগিক সমস্যাবিলাকো সমাধান কৰিব লাগে।
'অভ্যন্তৰীণ মেডিচিন' জটিল আৰু দুৰহ ৰোগসমূহৰ নিদান, যত্ন আৰু অস্ত্ৰোপচাৰ অবিহনে কৰা চিকিৎসা সম্বন্ধীয় শাখা। এই শাখাত তন্ত্ৰ সাপেক্ষে বা সমগ্ৰ শৰীৰকে একেলগে অধ্যয়ন কৰা হ'ব পাৰে। কিছুমান উৎসৰ মতে, দেহৰ অভ্যন্তৰীণ অংগৰ বিষয়ে অধ্যয়ন কৰা হয়[34] ইয়াক অভ্যন্তৰীণ মেডিচিন বোলা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত এই বিভাগৰ চিকিৎসকক 'ইণ্টাৰনিষ্ট' (Internist) বুলি কোৱা হয়। আনহাতে কমনৱেল্থ ৰাষ্ট্ৰ সমূহত এই বিভাগৰ চিকিৎসকক 'ফিজিছিয়ান' (Physician) বুলি কোৱা হয়।[35] ফিজিছিয়ান আৰু ইণ্টাৰনিষ্ট দুয়োটা শব্দৰে আওতাত স্ত্ৰী-আৰু প্ৰসূতি ৰোগ, পেথ'লজী, চাইকিয়াট্ৰী আৰু সকলো শল্য চিকিৎসা সম্বিলত শাখাক ৰখা নহয়।
বৰ্তমান অভ্যন্তৰীণ মেডিচিনৰ ভিতৰতো কেবাটাও অতি-বিশেষ বিশেষজ্ঞ শাখা আছে। উদাহৰণ স্বৰূপে, কিডনী সম্বন্ধীয় নেফ্ৰ'লজী ইত্যাদি।[36]
অভ্যন্তৰীণ মেডিছিন শাখাৰ উপশাখা সমূহ:
অভ্যন্তৰীণ মেডিছিন বিভাগৰ শিক্ষা দেশ ভেদে বেলেগ বেলেগ হয়। ভাৰতত অভ্যন্তৰীণ মেডিছিনৰ ৩ বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম আছে। অতি বিশেষ বিশেষজ্ঞ শাখাসমূহৰ অধ্যয়নৰ বাবে মেডিছিন বিভাগৰ স্নাতকোত্তৰ উপাধি লোৱাৰ পাছত দুই বছৰৰ বিশেষ পাঠ্যক্ৰম আছে।