চিঙৰা বা ’চিংৰা’ (ইংৰাজী: Chamosa) এবিধ জনপ্ৰিয় মুখৰোচক খাদ্য৷ ময়দাৰ ডাঠ প্ৰলেপেৰে ভিতৰত বিভিন্ন খাদ্যবস্তুৰ পূৰ দি তিনিকোণীয়াকৈ আকাৰ দি গৰম তেলত ডুবাই সোণালী ৰং হোৱাকৈ ভাজি এইবিধ খাদ্য তৈয়াৰ কৰা হয়৷ পৃথিৱীৰ বিভিন্ন দেশত চিঙৰাক এক জলপান হিচাপে ব্যৱহাৰ কৰা হয়৷ ভোক নিবৃত্তিৰ লগতে মুখৰোচক চিঙৰা এটা সময়ত মধ্যপ্ৰাচ্যৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল আৰু ৰাজ-আতিথ্য পাই সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰিছিল৷ এই জনপ্ৰিয়তালৈ লক্ষ্য কৰি প্ৰতি বছৰে ৫ ছেপ্তেম্বৰ থাৰিখটো বিশ্ব চিঙৰা দিৱস হিচাপে পালন কৰা হয়৷[1][2]
চিঙৰাৰ ইতিহাস যথেষ্ট পুৰণি৷ পাৰস্যৰ উপকূল অঞ্চলত সাম্ৰাজ্যবোৰ গঢ়ি উঠাৰ সময়তেই চিঙৰাৰ ইতিহাস আৰম্ভ হয় বুলিব পাৰি৷ দশম শতিকাৰ মধ্যপ্ৰাচ্যৰ ’পান’ আৰু ’ভোজন’ সম্পৰ্কীয় সাহিত্যত আৰু পাৰ্চী গ্ৰন্থসমূহত “ছানবোগাছ’’ আৰু “ছামছা’’ নামে বৰ্তমানৰ চিঙৰাৰ দৰে খাদ্যৰ উল্লেখ আছে৷ আন আন ঐতিহাসিক বিৱৰণবোৰতো ক্ষুদ্ৰ মাংসৰ টুকুৰা বা কীমাৰে পূৰ দিয়া ত্ৰিভূজাকৃতিৰ জলপান ’ছানবুছাক’ বা ’ছানবুছাজ’ৰ উল্লেখ পোৱা যায়৷ এইবিধ খাদ্য পৰিব্ৰাজকসকলে দীঘলীয়া ভ্ৰমণকালত লগত লৈ ফুৰিছিল আৰু সন্ধিয়া ’কেম্প ফায়াৰ’ৰ চাৰিওফালে বহি খাইছিল৷ পৰৱৰ্তীকালত ভাৰতলৈ কৰ্মসংস্থানৰ বাবে মধ্যপ্ৰাচ্যৰ পৰা প্ৰব্ৰজন কৰা ৰান্ধনিসকলে চুলতান আমোলত এই খাদ্য প্ৰস্তুত কৰিছিল৷ মহম্মদ বিন টোগলকৰ ৰাজদৰবাৰত অনুষ্ঠিত হোৱা ’বৰভোজ’ৰ বিষয়ে ইবন বটুতাই লিখা বৰ্ণনাত মুখৰোচক খাদ্য চিঙৰাৰ বিষয়ে উল্লেখ আছে৷ তেতিয়া এইবিধ তিনিকোণীয়া খাদ্যক “ছাম্বুছাক’’ নামে জনা গৈছিল আৰু ইয়াৰ ভিতৰত পূৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল, কীমা, মটৰগুটি, পেস্তা, আলমণ্ড আদি৷ চুফী পণ্ডিত আমিৰ খশ্ৰুৰ ৰচনাৰ এটি সাঁথৰত চামোচা বা চিঙৰাৰ উল্লেখ আছে৷ ইয়াৰ আগতে ইশাক ইবন-আল-মৌচিলি নামৰ নৱম শতিকাৰ এগৰাকী কবিয়ে তেওঁৰ কবিতাত ’ছানবুছাজ’ নামৰ এবিধ খাদ্যৰ উল্লেখ কৰিছিল৷ পণ্ডিত কূটনীতিবিদ আবুল ফজলৰ ৰচনাতো চামোচা বা চিঙৰাৰ বিষয়ে পোৱা যায়৷[3] [4]
ভাৰতত চিঙৰাই ৰজাঘৰীয়া সমাদৰ পাই সাধাৰণ মানুহৰ মাজত জনপ্ৰিয় মুখৰোচক খাদ্য হৈ পৰিল৷ আমি সাধাৰণতে দেখা আৰু খোৱা চিঙৰাবিধ অসম, পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ঝাৰখণ্ডত অতি জনপ্ৰিয়৷ হায়দৰাবাদত চিঙৰা কিছু চেপেটা আকৃতিৰ৷ ইয়াত কেৱল মাংসৰ পূৰ থাকে আৰু এইবিধ চিঙৰাক লুকমি নামে জনা যায়৷ কৰ্ণাটকত পিঁয়াজ ভৰোৱা চিঙৰা আৰু পাঞ্জাবত আলু-মটৰৰ পূৰ দিয়া চিঙৰাৰ প্ৰচলন বেছি৷ গুজৰাটত কবি ভৰোৱা [পট্টি চিঙৰা]] অধিক জনপ্ৰিয়৷ পৃথিৱীৰ অন্যান্য ঠাইতো চিঙৰা জনপ্ৰিয় মুখৰোচক খাদ্য, অৱশ্যে আকাৰ আৰু উপকৰণত বিভিন্ন ঠাইত কিছু পৰিৱৰ্তন দেখা যায়৷ মধ্য প্ৰাচ্যত চিঙৰাত পূৰ হিচাপে পনীৰ৷ পিঁয়াজ, বনৌষধি, মছলা আৰু মাংসৰ কীমা দিয়া থাকে৷ ইজৰাইলৰ চিঙৰাত সিজোৱা আৰু পিটিকা কৰা বুট আৰু পাইন বাদাম থাকে৷ ইজৰাইল আৰু ব্ৰাজিলত মাংসভৰ্তি ’ছামুছা’ আৰু ’পেষ্টেই’ পোৱা যায়৷ উজবেকিস্তান আৰু কাজাখস্তানত উইঘূঁৰ শৈলীৰ চিঙৰাৰ প্ৰচলন আছে৷ উইঘূঁৰ চিঙৰাত ময়দাৰ ডাঠ প্ৰলেপ দি ভিতৰত ভেড়াৰ মাংস দিয়া থাকে৷ আফ্ৰিকাৰ পূব অঞ্চলত ৰমজান, ঈদ আৰু আন উৎসৱত ’চাম্বুচা’ নামে চিঙৰা খোৱা হয়৷ [4]এইদৰে পৃথিৱীৰ বহু ঠাইত চিঙৰাৰ প্ৰচলন আছে৷