চিত্ৰাঙ্কন বা চিত্ৰকলা (ইংৰাজী: Painting) হৈছে কোনো কঠিন পৃষ্ঠত চিত্ৰ, ৰং, ৰঞ্জক বা অন্য মাধ্যম[1]ৰ প্ৰলেপ দিয়া কাৰ্য। এই মাধ্যমবোৰ সাধাৰণতে এডাল ব্ৰাছৰ সহায়ত অংকন কৰা হয়, যদিও কেতিয়াবা কটাৰী, স্পঞ্জ, আদিও ব্যৱহাৰ কৰা হয়। চিত্ৰাঙ্কন প্ৰক্ৰিয়াৰ শেষত যি শিল্পকৰ্মৰ সৃষ্টি হয়, তাকে চিত্ৰকলা বোলে। চিত্ৰাঙ্কন কৰা শিল্পীজনক চিত্ৰকৰ বা চিত্ৰশিল্পী বোলা হয়।
চিত্ৰকলা হৈছে অন্যতম সুকুমাৰ কলা। ই এক প্ৰকাৰৰ গুৰুত্বপূৰ্ণ দৃশ্যকলা, ইয়াৰ দ্বাৰা অঙ্কন, ভঙ্গিমা (ভঙ্গিমা চিত্ৰকৰ্ম হিচাবে), গঠন, বৰ্ণনা (বৰ্ণনাত্মক কলা হিচাপে), বা কোনো বিষয় বিমূৰ্ত কৰি তোলে।[2] চিত্ৰকলাৰ প্ৰকৃতি স্বতঃস্ফূৰ্ত আৰু প্ৰতিনিধিত্বমূলক (যেনে স্থিৰচিত্ৰ বা প্ৰাকৃতিক চিত্ৰকৰ্ম), বিমূৰ্ত, বৰ্ণনামূলক, প্ৰতীকধৰ্মী, আবেগপুৰ্ণ, অনুভূতিশীল, নাইবা ৰাজনৈতিক হ’ব পাৰে।
প্ৰাচ্য আৰু পাশ্চাত্য উভয়ৰে চিত্ৰাঙ্কনৰ ইতিহাসৰ এক বৃহৎ অংশ ধৰ্মীয় চিত্ৰকলাৰ দ্বাৰা প্ৰভাৱিত। মৃৎশিল্পৰ ওপৰত অঁকা পৌৰাণিক চৰিত্ৰ, বাইবেলত উল্লিখিত চৰিত্ৰ, বুদ্ধৰ জীৱন সম্পৰ্কে অঁকা দৃশ্যপট বা পূৰ্বাঞ্চলৰ দেশসমূহৰ অন্যান্য ধৰ্মীয় চিত্ৰকলাসমূহ হৈছে এই ধৰণৰ চিত্ৰকৰ্মৰ অপূৰ্ব নিদৰ্শন। মধ্যযুগত অসমৰ ৰজাঘৰ আৰু সত্ৰসমূহত চিত্ৰবিদ্যাৰ অনুশীলন চলাৰ তথ্য পোৱা হৈছে।[3]
যি বস্তুৰ ওপৰত চিত্ৰাঙ্কন কৰা হয়, তাক অৱলম্বন বোলে। অৱলম্বনসমূহৰ ভিতৰত আছে প্ৰাচীৰ, কাগজ, কেনভাছ, কাঠ, কাঁচ, বাৰ্নিছ, মৃৎশিল্প, পাত, তাম আৰু কংক্ৰিট আদি, আৰু বালি, বোকা, কাগজ, চুন, শুকান পাত লগতে আৰু অনেক বস্তু ব্যৱহাৰ কৰি চিত্ৰকৰ্ম কৰা হয়।