চিন্তামণি (সংস্কৃত: चिन्तामणि), হিন্দু আৰু বৌদ্ধ পৰম্পৰাত ইচ্ছা পূৰণ কৰে বুলি বিশ্বাস কৰা এক প্ৰকাৰৰ ৰত্ন বা মুকুতা। বৌদ্ধ শাস্ত্ৰত বৰ্ণনা কৰা বহু কেইটা আচৰ্যকৰ মণিৰ ভিতৰত ই অন্যতম।
হিন্দু ধৰ্মত বিষ্ণু আৰু গণেশ দেৱতাৰ সৈতে ইয়াৰ সম্পৰ্ক আছে। হিন্দু পৰম্পৰাত ইয়াক প্ৰায়ে বিষ্ণুৱে ধাৰণ কৰা কৌস্তুভ মণি বা নাগ ৰজাৰ কপালত বা মকৰৰ কপালত থকা কল্পনাতীত নাগ মণি হিচাপে চিত্ৰিত কৰা হয়৷ মূলতঃ খ্ৰীষ্টীয় দশম শতিকাত লিখা যোগ বশিষ্ঠত চিন্তমণিৰ কাহিনী আছে।[1] হিন্দু ধৰ্মৰ বিষ্ণু পুৰাণত "স্বত্বাধিকাৰীক সমৃদ্ধি প্ৰদান কৰা স্যমন্তক মণিয়ে যদু বংশ ব্যৱস্থাক সামৰি লৈছে" বুলি কোৱা হৈছে।[2] বিষ্ণু পুৰাণ খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দৰ মাজভাগৰ বুলি কোৱা হয়।
বৌদ্ধ ধৰ্মত ইয়াক বোধিসত্ত্ব (অতি কৰুণা, প্ৰজ্ঞা আৰু শক্তি থকা ঐশ্বৰিক সত্তা) অৱলোকিতেশ্বৰ আৰু ক্ষীতিগৰ্ভৰ দ্বাৰা ধাৰণ কৰা হয়। ইয়াক তিব্বতৰ প্ৰাৰ্থনাৰ পতাকাত অংকন কৰা লুং টা (বতাহৰ ঘোঁৰা)ৰ পিঠিত কঢ়িয়াই নিয়াও দেখা যায়। চিন্তামণিৰ ধৰণী (ক্ষুদ্ৰ গীত) পাঠ কৰি বৌদ্ধ পৰম্পৰাই বুদ্ধৰ প্ৰজ্ঞা লাভ কৰে, বুদ্ধৰ সত্য বুজিবলৈ সক্ষম হয় আৰু দুখ-কষ্টক বোধিলৈ ৰূপান্তৰিত কৰে বুলি কৈছে। ইয়াৰ দ্বাৰা অমিতাভৰ পবিত্ৰ দেহটো চাব পাৰি আৰু মৃত্যুশয্যাত সমাবেশ হ’ব পাৰি বুলি কোৱা হয়। তিব্বতী বৌদ্ধ পৰম্পৰাত চিন্তামণিক কেতিয়াবা এক উজ্জ্বল মুকুতা হিচাপে চিত্ৰিত কৰা হয় আৰু বুদ্ধৰ হাতত ইয়াৰ কেইবাটাও ভিন্ন ৰূপ আছে বুলি বিশ্বাস কৰা হয়।[3]
জাপানত য'ত হিন্দু দেৱী লক্ষ্মীক শ্বিণ্ট' ভাষাত কিষোটেন বুলি জনা যায়, তাত সাধাৰণতে তেওঁক হাতত চিন্তামণি লৈ থকা অৱস্থাত চিত্ৰিত কৰা হয়।