চিন্তামণি কৰ | |
---|---|
চিত্ৰ:Chintamoni Kar.jpg | |
জন্ম | ১৯ এপ্ৰিল, ১৯১৫ খড়গপুৰ, বৃটিছ ভাৰত (বৰ্তমান পশ্চিম মেদিনীপুৰ জিলা, পশ্চিমবঙ্গ, ভাৰত) |
মৃত্যু | ০৩ অক্টোবৰ, ২০০৫ (৯০ বছৰ) কলকাতা, পশ্চিমবঙ্গ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ[1] |
শিক্ষানুষ্ঠান | একাডেমী ডি লা গ্ৰেণ্ড চামিয়েৰ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মভূষণ |
অলিম্পিক পদক ৰেকৰ্ড | ||
---|---|---|
প্ৰতিনিধিত্ব কৰা দেশ ![]() | ||
কলা প্ৰতিযোগিতা | ||
![]() |
১৯৪৮ লণ্ডন | মিশ্ৰিত ভাস্কৰ্য্য নিৰ্মাণ, প্ৰতিমূৰ্তি |
চিন্তামণি কৰ (ইংৰাজী: Chintamoni Kar; ১৯ এপ্ৰিল ১৯১৫ - ৩ অক্টোবৰ ২০০৫) এজন বিখ্যাত ব্ৰিটিছ-ভাৰতীয় ভাস্কৰ্যশিল্পী।[2] তেওঁ ভাৰত আৰু ফ্ৰান্স চৰকাৰৰ পৰা অসামৰিক বঁটা লাভ কৰাৰ লগতে গ্ৰেট ব্ৰিটেইনৰ হৈ অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল।[1]
১৯১৫ চনৰ ১৯ এপ্ৰিলত পশ্চিমবংগ খড়গপুৰত জন্মগ্ৰহণ কৰা কৰে অবনীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা পৰিচালিত ইণ্ডিয়ান ছ'চাইটি অৱ অৰিয়েণ্টেল আৰ্টত প্ৰশিক্ষণ লৈছিল।[3] গিৰিধাৰী মহাপাত্ৰ আৰু ভিক্টৰ জিওভনেলিৰ ওচৰত তেওঁ ভাস্কৰ্য শিক্ষা লৈছিল।[4]
১৯৩৮ চনত কৰ পেৰিছলৈ যায় আৰু ভাৰতলৈ উভতি অহাৰ পূৰ্বে একাডেমী ডি লা গ্ৰেণ্ড চামিয়েৰত অধ্যয়ন কৰিছিল।[5]
চিন্তামণি কৰ আমিনা আহমেদৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। আমিনা আহমেদ নিজেই এগৰাকী শিল্পী আছিল আৰু তেওঁৰ সৃষ্টিসমূহ প্ৰধানকৈ অ-আলংকাৰিক আৰু বিমূৰ্ত আছিল। দম্পতীহালৰ এটি সন্তান আছিল। ২০০৫ চনৰ ৩ অক্টোবৰত ৯০ বছৰ বয়সত এখন ব্যক্তিগত চিকিৎসালয়ত কৰৰ মৃত্যু হয়; তেওঁৰ মৃত্যুৰ পূৰ্বেই কৰৰ পৰিয়ালৰ দুয়োজন সদস্যৰে মৃত্যু হৈছিল।[2]
কাঠ, টেৰাকোটা, শিল আৰু ধাতুৰ দৰে বিভিন্ন সামগ্ৰীৰে কৰে ভাস্কৰ্য সৃষ্টি কৰিছিল। তেওঁ প্ৰথমতে এক শৈক্ষিক আৰু প্ৰতিনিধিত্বমূলক শৈলীত প্ৰশিক্ষণ লাভ কৰিছিল যদিও অধিক বিমূৰ্ত প্ৰকৃতিৰ কামও তেওঁ কৰিছিল।[2]
কলিকতা বিশ্ববিদ্যালয় আৰু দিল্লী পলিটেকনিকত তেওঁ শিক্ষকতা কৰিছিল। ১৯৪৬ চনত তেওঁ লণ্ডনলৈ যায় তাত তেওঁ ৰয়েল ছ'চাইটি অৱ ব্ৰিটিছ স্কাল্প্টাৰ্ছৰ সদস্য হয়।[4][5] ১৯৫৬ চনত তেওঁ পশ্চিমবংগলৈ ঘূৰি আহিছিল আৰু তাৰ পিছত চৰকাৰী কলা আৰু শিল্প মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে দায়িত্ব লৈছিল।[5]
১৯৭৪ চনত তেওঁক ভাৰত গণৰাজ্যৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণেৰে সন্মানিত কৰা হয়।[4][5] ২০০০ চনত তেওঁ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰেও সন্মানিত হৈছিল।[4] তেওঁ আৰু স্থানীয় আন লোকসকলে বৰ্তমানৰ চিন্তামণি কৰ পক্ষী অভয়াৰণ্যখনে বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা লাভ কৰিবলৈ যুঁজ দিয়াৰ পিছত অভয়াৰণ্যখনে প্ৰাপ্য স্বীকৃতি লাভ কৰিছিল; ভাস্কৰ্যশিল্পীজনক সন্মান জনাই অভয়াৰণ্যখন চিন্তামণী কৰ পক্ষী অভয়াৰণ্য হিচাপে নামকৰণ কৰা হৈছিল।[6]
১৯৪৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত গ্ৰেট ব্ৰিটেইনৰ প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰা কৰে দ্য ষ্টেগ শীৰ্ষক তেওঁৰ কামৰ বাবে ৰূপৰ পদক লাভ কৰিছিল।[3] লণ্ডনত অনুষ্ঠিত হোৱা ১৯৪৮ চনৰ গেমছত কলা প্ৰতিযোগিতা অন্তৰ্ভুক্ত কৰা হৈছিল যদিও আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে পদকসমূহক স্বীকৃতি দিয়া নাছিল।
২০০৫ চনত তেওঁৰ মৃত্যুৰ কিছু দিনৰ পূৰ্বে কৰে কলকাতা নৰেন্দ্ৰপুৰত থকা তেওঁৰ আৱাসিক ঠাইত ভাস্কৰ ভৱন প্ৰশাসন আৰু ৰক্ষণাবেক্ষণ ন্যাস স্থাপন কৰিছিল। ২০০৬ চনৰ ১৯ এপ্ৰিল তাৰিখে তেওঁৰ ৯১ সংখ্যক জন্মদিনত ই ৰাজহুৱা সংগ্ৰহালয়ত পৰিণত হয়। ইয়াত শিল্পীগৰাকীৰ লগতে তেওঁৰ পত্নীৰ শিল্পকলাও আছে। এই ন্যাস তেওঁৰ কিতাপ-পত্ৰ সংগ্ৰহৰ লগতে তেওঁৰ কামৰ প্ৰমাণীকৰণ আৰু নথিকৰণত সক্ৰিয় হৈ আছে। ই স্থানীয় অঞ্চলৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰে আৰু বাৰ্ষিক চিন্তামণি কৰ স্মাৰক বক্তৃতা অনুষ্ঠিত কৰে।[7]