চিলিৰ শ্ৰুতিকথা (ইংৰাজী: Chilean mythology) বা চিলিৰ পৌৰাণিক কাহিনীত চিলিৰ জনসাধাৰণৰ পৌৰাণিক কাহিনী, বিশ্বাস আৰু লোককথা অন্তৰ্ভুক্ত কৰা হৈছে।[1]
চিলিৰ পৌৰাণিক কাহিনীত চিলিৰ খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ (মাপুচে, টেহুয়েলচে, চাংগোছ, ডাইগুইটাছ, পিকুঞ্চেছ, পেহুয়েঞ্চেছ, হুইলিচেছ, পয়াছ আৰু অন্যান্য) পৰম্পৰাগত বিশ্বাসৰ শ্ৰুতিকথা আৰু কিংবদন্তিৰ এক বৃহৎ সম্ভাৰক সামৰি লোৱা হৈছে।[2]
চিলিৰ পৌৰাণিক কাহিনী সমূহত ইউৰোপীয় উপনিবেশিকৰণৰ মূলতঃ স্পেইনৰ ঔপনিৱেশিক যুগৰ যথেষ্ট প্ৰভাৱ দেখা পোৱা যায়। এই প্ৰভাৱে চিলিৰ পৌৰাণিক কাহিনীৰ বিকাশ আৰু অন্যান্য স্থানীয় পৌৰাণিক কাহিনী যেনে চিলোটা পৌৰাণিক কাহিনীৰ পৰা পৃথক কৰাত সহায় কৰিছে। এই বিশ্বাসসমূহৰ বিভিন্ন উৎসৰ বাবে কিছুমান কাৰণত সংমিশ্ৰণ বা বিভিন্ন সত্তাৰ সংযোজনৰ সৃষ্টি হৈছে। এইবোৰৰ জৰিয়তে বৈচিত্ৰ্যপূৰ্ণ পৌৰাণিক উৎপত্তিৰ পৰা অহা চিলিৰ পৌৰাণিক কাহিনীক অন্য পৌৰাণিক কাহিনীৰ পৰা পৃথক কৰা সম্ভৱ হৈছে।
একেদৰে চিলিৰ ভূখণ্ডৰ ভূ-প্ৰকৃতি আৰু জলবায়ুৰ পাৰ্থক্যই নিৰ্দিষ্ট ভৌগোলিক অঞ্চলসমূহ সন্মুখীন হোৱা বিভিন্ন ঐতিহাসিক পৰিস্থিতিৰ বিন্যাস কৰিছে। ইয়াৰ ফলত বিভিন্ন আৰু নতুন বিশ্বাস আৰু শ্ৰুতিকথাৰ আৱিৰ্ভাৱৰ অনুকূল হৈ পৰিছিল যিয়ে এই ভূখণ্ডৰ পৌৰাণিক কাহিনীক সমৃদ্ধ কৰিছিল।[3]
চিলিৰ পৌৰাণিক কাহিনীৰ অধ্যয়নৰ শ্ৰেণীবিভাজনত ভৌগোলিকভাৱে সাধাৰণতে উত্তৰ, মধ্য, পূৱীয় দ্বীপ আৰু দক্ষিণ অঞ্চলত ভাগ কৰা হয়।
চিলিৰ উত্তৰ অংশৰ শ্ৰুতিকথা আৰু কিংবদন্তিবোৰত মৰুভূমি, ধৰ্মীয় ভক্তি আৰু খননৰ লগত ওতঃপ্ৰোতভাৱে জড়িত চৰিত্ৰসমূহ জড়িত হৈ থাকে। উদাহৰণস্বৰূপে আলিকাণ্টো (Alicanto), লা লোলা (la Lola), এল ইয়াষ্টে (el Yastay), আচাচেছ (Achaches), আম্পিলে (Umpillay) আৰু কুইলপানাৰ (Quilpaná) শ্ৰুতিকথা। আন আন কিংবদন্তিসমূহ হ’ল জুয়ান ছ’ল্ডাডো (Juan Soldado), গুৱায়াকানৰ (Guayacán) ধন-সম্পত্তি, পায়াচাটাছ (Payachatas), লা টিৰানা (La Tirana) আৰু কুমাৰী আণ্ডাকোলো (Andacollo)। উত্তৰ শ্ৰুতিকথাসমূহে ইনকা আৰু প্ৰাক-ইনকা সভ্যতাৰ ওপৰত আধাৰিত যদিও স্পেনিছ ঔপনিৱেশিকতাবাদৰ ভিত্তিৰ জৰিয়তে ইহঁত পৃথক কৰিব পাৰি।
এই শ্ৰুতিকথাবোৰত মাপুচে জনজাতীয় বিশ্বাসৰ বহুতো পৌৰাণিক চৰিত্ৰ অন্তৰ্ভুক্ত কৰা হৈছিল।
স্পেনিছসকলে প্ৰথমতে আটাইতকৈ বেছি জনবসতিপূৰ্ণ কেন্দ্ৰীয় অঞ্চলত বসতি স্থাপন কৰিছিল, যাৰ ফলত এক অনন্য মিশ্ৰণৰ সৃষ্টি হৈছিল।
এই অঞ্চলত মৌখিক পৰম্পৰাৰ পৰা পৰিৱৰ্তিত হোৱা বহুতো কিংবদন্তি আছে। কিছুমান পৌৰাণিক ব্যক্তিত্বৰ ভিতৰত পেড্ৰ’ উৰ্ডেমালেছ (Pedro Urdemales), লা কেলচোনা (la Calchona), লা ল’ৰ’না (la Llorona), এল ক্যুব্ৰন (el Culebrón), এল চনচন (el Chonchón) আৰু পিউচেন (Piuchén) আদি অন্যতম। কিংবদন্তিসমূহৰ ভিতৰত ইনকা লেগুন (Inca Lagoon), কেচিক ভিটাকুৰাৰ (Cacique Vitacura) সমাধি আৰু ৰেৰেৰ বেল (Rere's Bell) আদি উল্লেখযোগ্য। ইয়াৰ উপৰিও কাহিনীবোৰত চয়তানৰ আবিৰ্ভাৱ আৰু ডাইনীৰ সৈতে হোৱা মুখামুখিৰ বিষয়েও আলোচনা কৰা হয়।
এই অঞ্চলৰ আন এটা কিংবদন্তি হ’ল জুয়ান ফাৰ্নাণ্ডেজ দ্বীপপুঞ্জৰ জুয়ান ফাৰ্নাণ্ডেজৰ ধনৰ কিংবদন্তি।
চিলিৰ শ্ৰুতিকথাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস হ’ল পূৰ্বীয় দ্বীপ। পূৰ্বীয় দ্বীপৰ বাসিন্দা পলিনেছিয়ান ৰাপা নুই জনগোষ্ঠীয়ে মানুহ আৰু তেওঁলোকৰ ভূখণ্ডৰ সৃষ্টিৰ বিষয়ে একক ব্যাখ্যাৰ সৃষ্টি কৰিছিল। এই শ্ৰুতিকথাবোৰৰ উদাহৰণ হ’ল: মেক-মেক (Make-Make) আৰু আকু-আকু (Aku-Aku)।
এই অঞ্চলটোৰ শ্ৰুতিকথাসমূহো মাপুচে খিলঞ্জীয়া বিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হৈছিল। কিংবদন্তিসমূহৰ ভিতৰত আছে চিজাৰ্ছ চহৰ, থ্ৰী পাস্কুৱেলেছ (Three Pascuales) আৰু পিলান (Pillán), ৱাংগুলেন (Wangulén), ৱেকুফেছ (Wekufes), এঞ্চিমালেন (Anchimallén), টেণ্টেড আৰু কাইকোছ (Tented and Caicos) আৰু কুৱেৰোৰ (Cuero) দৰে মাপুচে বিশ্বাসৰ আত্মা।
ভৌগোলিক বিচ্ছিন্নতা আৰু থলুৱা আৰু স্পেনিছ পৰম্পৰাৰ মিলনৰ বাবে চিলো দ্বীপপুঞ্জৰ নিজস্ব কাহিনী আছে।[4] ইয়াৰ কিংবদন্তিবোৰত কুঁৱলী, প্ৰচণ্ড বতাহ, ডাঠ অৰণ্য, ৰুক্ষ সাগৰ আদি প্ৰাকৃতিক পৰিঘটনাৰ প্ৰভাৱ দেখা পোৱা যায়। এই অঞ্চলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কিংবদন্তিবোৰ হ’ল কেলেউচে আৰু ট্ৰাউকো (the Caleuche and the Trauco), তাৰ পিছত ফিউৰা (Fiura), পিনক’য়া (Pincoya), ইনভুঞ্চ (Invunche), কামাহুৱেটো (Camahueto), বেচিলিস্কো চিলোট (Basilisco chilote) আৰু মিলোবো (Millalobo)।
চিলিৰ এগৰাকী চিত্ৰশিল্পী মাৰ্চেলা ডোনোছ’ই[5][6] চিলিৰ ৩০টা শ্ৰুতিকথাৰ বৰ্ণনাৰে তৈলচিত্ৰৰ এটা শৃংখলা নিৰ্মাণ কৰিছিল।[7] এখন কিতাপত এই ছবিসমূহ সন্নিবিষ্ট কৰা হৈছে।