চীনা ড্ৰেগন

চীনা ড্ৰেগন

চিং ৰাজবংশৰ ধ্বজাত অংকিত এজুৰ ড্ৰেগন
শ্ৰেণী কিংবদন্তিমূলক জীৱ
উপশ্ৰেণী ড্ৰেগন
দেশ চীন

চীনা ড্ৰেগন অৰ্থাৎ লুং, লং বা লাং চীনা আখ্যান, লোককথা আৰু চীনা সংস্কৃতিত উল্লিখিত এক কিংবদন্তিমূলক জীৱ। চীনা ড্ৰেগনৰ কচ্ছপ আৰু মৎস্যৰ দৰে বহুতো প্ৰাণীসদৃশ ৰূপ আছে যদিও সাধাৰণতে ইয়াক চাৰিটা ঠেঙৰ সৈতে সৰ্পৰ দৰে চিত্ৰায়িত কৰা হয়। শিক্ষাবিদসকলে চীনা ড্ৰেগনৰ উৎপত্তি সন্দৰ্ভত চাৰিটা নিৰ্ভৰযোগ্য তত্ত্ব চিনাক্ত কৰিছে। এইকেইটা হ'ল সৰ্প, চীনা কুম্ভীৰ, বজ্ৰপাত আৰু প্ৰকৃতি উপাসনা।[1] পৰম্পৰাগতভাৱে এই আটাইবোৰ একো একোটা প্ৰভাৱশালী আৰু শুভ শক্তিৰ প্ৰতীক। ইয়াৰ ভিতৰত জলভাগ, বৰষুণ, টাইফুন (ধুমুহা) আৰু বানপানীৰ ওপৰত নিয়ন্ত্ৰণ মুখ্য। পূব এছিয়াৰ সংস্কৃতিত ড্ৰেগন যোগ্য লোকসকলৰ বাবে ক্ষমতা, শক্তি আৰু সৌভাগ্যৰ প্ৰতীক। চীনা ৰাজতন্ত্ৰৰ সময়ত সম্ৰাটে সাধাৰণতে ড্ৰেগনক তেওঁৰ সাম্ৰাজ্যিক ক্ষমতা আৰু শক্তিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল।[2] চীনা সংস্কৃতিত উৎকৃষ্ট লোকসকলক ড্ৰেগনৰ সৈতে তুলনা কৰা হয়। আনহাতে কোনো সফলতা নোপোৱা অক্ষম লোকসকলক অন্যান্য নিম্নস্থানীয় প্ৰাণী যেনে পোক আদিৰ সৈতে তুলনা কৰা হয়। চীনা ফকৰা-যোজনাত ড্ৰেগনৰ প্ৰসংগ পোৱা যায়। কোনো কোনো চীনা উপাধিতো ড্ৰেগনৰ নাম সংলগ্ন হৈ আছে।

চিহ্ন হিচাপে তাৎপৰ্য

[সম্পাদনা কৰক]
ঝাউ ৰাজবংশৰ জেড ড্ৰেগন
ঝাউ ৰাজবংশৰ জেড ড্ৰেগনৰ তাবিজ
ড্ৰেগনৰ খোদিত চিত্ৰ
ছোং ৰাজবংশৰ ড্ৰেগনৰ স্তম্ভ

ঐতিহাসিকভাৱে চীনা ড্ৰেগন চীনৰ সম্ৰাটৰ সৈতে জড়িত আছিল। ইয়াক সাম্ৰাজ্যিক শক্তিক প্ৰতিনিধিত্ব কৰিবলৈ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল। হান ৰাজবংশৰ প্ৰতিষ্ঠাপক লিউ বেঙে এই কথা দাবী কৰিছিল যে তেওঁৰ মাতৃয়ে ড্ৰেগনৰ সপোন দেখাৰ পিছত তেওঁক গৰ্ভত ধাৰণ কৰিছিল।[3] টাং ৰাজবংশৰ সময়ত সম্ৰাটসকলে সাম্ৰাজ্যিক প্ৰতীক হিচাপে ড্ৰেগনৰ সাজ-সজ্জা থকা পোছাক পৰিধান কৰিছিল আৰু কোনো কোনো সময়ত উচ্চপদস্থ বিষয়াসকলক ড্ৰেগনৰ পোছাকো প্ৰদান কৰিছিল। ইউয়ান ৰাজবংশত দুটা শিঙ আৰু পাঁচটা নখযুক্ত ড্ৰেগনক কেৱল স্বৰ্গৰ পুত্ৰ অৰ্থাৎ সম্ৰাটে ব্যৱহাৰ কৰিবৰ বাবে মনোনীত কৰা হৈছিল। আনহাতে চাৰিনখীয়া ড্ৰেগন ৰাজকুমাৰ আৰু অভিজাত লোকসকলে ব্যৱহাৰ কৰিছিল[4] একেদৰে মিং আৰু চিং ৰাজবংশৰ সময়তো পাঁচনখীয়া ড্ৰেগন কেৱল সম্ৰাটৰ দ্বাৰা ব্যৱহাৰৰ অনুমতি আছিল। চিং ৰাজবংশৰ ড্ৰেগন চীনৰ প্ৰথমখন ৰাষ্ট্ৰীয় পতাকাত অন্তৰ্ভুক্ত কৰা হৈছিল।[5]

ড্ৰেগনক কেতিয়াবা পশ্চিমীয়া দেশসমূহত চীনৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় যদিও চীন গণৰাজ্যত এনে ব্যৱহাৰ সাধাৰণতে দেখা নাযায়। ইয়াৰ পৰিৱৰ্তে ড্ৰেগনক সাধাৰণতে সংস্কৃতিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। হংকঙত ড্ৰেগন আছিল ব্ৰিটিছ শাসনৰ অধীনত সামৰিক পোছাকৰ এক উপাদান। পৰৱৰ্তী কালত ই হংকঙৰ চৰকাৰী প্ৰচাৰৰ প্ৰতীক ব্ৰেণ্ড হংকঙৰ ডিজাইনৰ এক বিশেষত্ব হৈ পৰে।[6]

চীনা ড্ৰেগন আৰু ইউৰোপীয় ড্ৰেগনৰ অৰ্থৰ যথেষ্ট তাৰতম্য দেখা যায়। ইউৰোপীয় সংস্কৃতিত ড্ৰেগন হৈছে এক আক্ৰমণাত্মক অগ্নি নিৰ্গত কৰা প্ৰাণী। আনহাতে চীনা ড্ৰেগন হৈছে এক আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰতীক যি সমৃদ্ধি আৰু সৌভাগ্যক প্ৰতিনিধিত্ব কৰে। ইয়াৰ লগতে ড্ৰেগন বৰষুণৰো দেৱতা আৰু ই সম্প্ৰীতি বৃদ্ধি কৰে। এক বাতৰিৰ মতে চীন চৰকাৰে চীনৰ বাহিৰত ড্ৰেগনৰ অৰ্থ আক্ৰমণাত্মক হোৱাৰ বাবে ড্ৰেগনক ২০০৮ গ্ৰীষ্মকালীন অলিম্পিকৰ শুভংকৰ হিচাপে ব্যৱহাৰ কৰাৰ বিৰুদ্ধে সিদ্ধান্ত লয় আৰু তাৰ সলনি অধিক "বন্ধুত্বপূৰ্ণ" চিহ্ন বাছনি কৰে।[7] ১৯৭০ৰ দশকত আৰম্ভ হোৱা জাতিগত সচেতনতাৰ প্ৰৱণতাৰ অংশ হিচাপে কেতিয়াবা চীনা লোকসকলে "ড্ৰেগনৰ বংশধৰ" শব্দটো জাতিগত পৰিচয়ৰ চিহ্ন হিচাপে ব্যৱহাৰ কৰা দেখা যায়।[3][5][8]

ড্ৰেগনৰ উপাসনা

[সম্পাদনা কৰক]
জিয়েটাই মন্দিৰৰ মাৰ্বল পাথৰৰ যুৰীয়া ড্ৰেগন

পৌৰাণিক কালৰ চীনাসকলে নিজকে 'ড্ৰেগনৰ দেৱতা' হিচাপে চিনাক্ত কৰিছিল। ইয়াৰ অন্তৰ্নিহিত কাৰণটো এইটোৱেই যে চীনা ড্ৰেগন হৈছে যি পূৰ্বপুৰুষৰ পৰা হোৱা বিৱৰ্তন তথা চি শক্তিক প্ৰতিনিধিত্ব কৰা এক কাল্পনিক সৰীসৃপ।[9] জিংলংৱা সংস্কৃতিৰ (খ্ৰীষ্টপূৰ্ব ৬২০০-৫৪০০) চাহাইত (লিয়াওনিং) ৰঙাচুৱা-মুগা শিলত ড্ৰেগনসদৃশ এক জান্তৱ সজ্জা পোৱা গৈছে।[10] হেনানৰ য়াংশ্বাও সংস্কৃতিৰ পৰা খ্ৰীষ্টপূৰ্ব পঞ্চম সহস্ৰাব্দৰ এটা ড্ৰেগনৰ মূৰ্তি আৱিষ্কাৰ হোৱাৰ লগে লগে চীনা সংস্কৃতিত ড্ৰেগনৰ উপস্থিতি বহু হাজাৰ বছৰ পুৰণি আৰু খ্ৰীষ্টপূৰ্ব পঞ্চম সহস্ৰাব্দৰ বুলি প্ৰমাণ পোৱা গৈছে।[11] প্ৰায় ৪৭০০-২৯০০ খ্ৰীষ্টপূৰ্বৰ হংশ্বান সংস্কৃতিৰ কুণ্ডলীবদ্ধ ৰূপত থকা ড্ৰেগন অংকিত জেড পাথৰৰ তাবিজ খননকাৰ্যত পোৱা হৈছে।[12] কিছুমান প্ৰাচীন ড্ৰেগন শিল্পকলাৰ ভিতৰত হংশ্বান সংস্কৃতিৰ গাহৰি আকৃতিৰ ড্ৰেগনৰ কাৰুকাৰ্যও আছে।

কুণ্ডলীবদ্ধ ড্ৰেগন বা সৰ্পৰ ৰূপটোৱে প্ৰাৰম্ভিক চীনা সংস্কৃতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰাচীনতম চীনা লিখনিত "ড্ৰেগন"ৰ চৰিত্ৰটোৰ একেই কুণ্ডলীবদ্ধ ৰূপৰ বিষয়ে উল্লেখ আছে।[13]

প্ৰাচীন কালৰ চীনা লোকসকলে খননকাৰ্যত উদ্ধাৰ হোৱা ডাইনোচৰৰ হাড়বোৰক ড্ৰেগনৰ হাড় বুলি উল্লেখ কৰাৰ লগতে ইয়াক এনেদৰেই নথিভুক্ত কৰিছিল। উদাহৰণস্বৰূপে, খ্ৰীষ্টপূৰ্ব ৩০০ চনত চাং কু নামৰ ইতিহাসবিদগৰাকীয়ে ছিচুয়ানত ড্ৰেগনৰ হাড় আৱিষ্কাৰ হোৱাৰ নথিপত্ৰ প্ৰস্তুত কৰিছে।[14] ডাইনোচৰৰ বাবে আধুনিক চীনা শব্দ হৈছে কংলং অৰ্থাৎ 'আতংক ড্ৰেগন'। মধ্য চীনৰ গাওঁবাসীসকলে দীৰ্ঘদিন ধৰি পৰম্পৰাগত ঔষধত ব্যৱহাৰৰ বাবে আজিকোপতি জীৱাশ্মযুক্ত তথাকথিত ড্ৰেগনৰ হাড় উদ্ধাৰ কৰি আহিছে।[15]

চীনত আৱিষ্কৃত একপ্ৰকাৰৰ ডাইনোচৰৰ দ্বৈত নামৰ অৰ্থ হৈছে চীনা ভাষাত (মেই আৰু লং) নিদ্ৰামগ্ন ড্ৰেগন। চীনত মেই লঙৰ জীৱাশ্মযুক্ত অৱশিষ্টসমূহ নিদ্ৰিত আৰু কুণ্ডলীবদ্ধ ৰূপত পোৱা গৈছে। ইয়াৰ নেজডালে গোটেই শৰীৰৰ চাৰিওফালে ঘেৰি ৰাখিছে।[16]

কিংবদন্তিমূলক জীৱ

[সম্পাদনা কৰক]

মূৰ্তি হিচাপে ইয়াৰ উৎপত্তি বা প্ৰাকৃতিক প্ৰাণীৰ বৈশিষ্ট্যযুক্ত চিত্ৰণৰ পৰা চীনা ড্ৰেগন এটা কিংবদন্তিমূলক পৌৰাণিক জীৱলৈ বিকশিত হৈছিল। হান ৰাজবংশৰ পণ্ডিত ৱাং ফুৱে লিপিবদ্ধ কৰা চীনা আখ্যানত লং ড্ৰেগনৰ নটা শাৰীৰিক সাদৃশ্য আছিল। পৰৱৰ্তী উৎসসমূহত নবিধ জন্তুৰ সাদৃশ্যৰ বিভিন্ন তালিকা প্ৰদান কৰিছে। চিহ্নতত্ত্ববিদ হেনৰি ড'ৰে তালিকাভুক্ত কৰা একোটা প্ৰকৃত ড্ৰেগনৰ এই বিশেষত্ববোৰ হৈছে হৰিণৰ শিং, ঘঁ‌ৰিয়ালৰ শিৰ, ৰাক্ষসৰ চকু, সাপৰ ডিঙি, কাছৰ অভ্যন্তৰীণ অংগ, চিলনীৰ নখ, বাঘৰ হাঁ‌তোৰা, গৰুৰ কাণ আৰু শিঙৰ শ্ৰৱণশক্তি। ইয়াৰ কাণকেইখন শ্ৰৱণশক্তিৰহিত।[17] তেওঁ উল্লেখ কৰে যে কিছু লোকৰ মতে ড্ৰেগনৰ চকু শহাপহুৰ, উদৰ ভেকুলীৰ আৰু বাকলিবোৰ মাছৰ। চিমেৰা আৰু মেণ্টিকোৰকে ধৰি অন্যান্য কিংবদন্তিমূলক জীৱসমূহৰ শৰীৰতন্ত্ৰও একেদৰে ভয়ংকৰ প্ৰাণীৰ দ্বাৰা গঠিত। চীনা ড্ৰেগনৰ শাৰীৰিক গঠন সৰু বুলি গণ্য কৰা হৈছিল। ইয়াৰ ১১৭টা বাকলিৰ ভিতৰত ৮১টা য়াং বা ধনাত্মক আৰু ৩৬টা য়িন বা ঋণাত্মক। প্ৰথমাৱস্থাত ড্ৰেগন পৰোপকাৰী, জ্ঞানী আৰু ন্যায়সঙ্গত আছিল। কিন্তু বৌদ্ধসকলে কিছুমান ড্ৰেগনৰ মাজত অশুভ প্ৰভাৱৰ ধাৰণাটো প্ৰৱৰ্তন কৰে। তেওঁলোকে কৈছিল যে পানী ধ্বংসকাৰী শক্তি হোৱাৰ দৰে কিছুমান ড্ৰেগনে বানপানী, জোৱাৰৰ ঢৌ আৰু ধুমুহাৰ জৰিয়তে ধ্বংস কৰিব পাৰে।

চীনা ড্ৰেগনৰ বহুতো ছবিত ইয়াৰ থুঁতৰিৰ তলত বা নখত এটা জ্বলন্ত মুক্তা দেখুওৱা হৈছে। এই মুক্তা আধ্যাত্মিক শক্তি, জ্ঞান, সমৃদ্ধি, শক্তি, অমৰত্ব, বজ্ৰপাত বা চন্দ্ৰৰ সৈতে সম্পৰ্কিত। চীনা কলাসমূহত প্ৰায়ে এহাল ড্ৰেগনক জ্বলন্ত মুক্তাৰ ওপৰত খেদি ফুৰা বা কাজিয়া কৰা দেখুওৱা হয়।

কলা বুৰঞ্জীবিদ জন বৰ্ডমেনৰ মতে চীনা ড্ৰেগন আৰু ভাৰতীয় মকৰৰ চিত্ৰাংকন গ্ৰীক পুৰাণৰ কেটোছৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে কিয়নো চীনা ড্ৰেগন অধিক ছিল্ক ৰোডৰ জৰিয়তে কেটোছৰ চিত্ৰৰ সংস্পৰ্শলৈ অহাৰ পিছত আৰু ড্ৰেগনৰ ৰূপটো অধিক সৰীসৃপ হৈ পৰাৰ লগতে শিৰৰ আকৃতিও সলনি হয়।[18]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Meccarelli, Marco (2021). "Discovering the Long : Current Theories and Trends in Research on the Chinese Dragon". Frontiers of History in China খণ্ড 16 (1): 123–142. doi:10.3868/s020-010-021-0006-6. ISSN 1673-3401. Archived from the original on 8 August 2021. https://web.archive.org/web/20210808190355/https://academic.hep.com.cn/fhc/EN/10.3868/s020-010-021-0006-6। আহৰণ কৰা হৈছে: 24 November 2021. 
  2. Ingersoll, Ernest (2013). The Illustrated Book of Dragons and Dragon Lore. প্ৰকাশক Chiang Mai: Cognoscenti Books. {{|date=July 2014}}
  3. 3.0 3.1 Dikötter, Frank (10 November 1997). The Construction of Racial Identities in China and Japan. C Hurst & Co Publishers Ltd. পৃষ্ঠা. 76–77. ISBN 978-1850652878. https://books.google.com/books?id=T7AL_qGOBsYC&pg=PA77. 
  4. Linda Komaroff, ed (2006). Beyond the Legacy of Genghis Khan. Brill Academic Publishers. পৃষ্ঠা. 320. ISBN 978-9047418573. https://books.google.com/books?id=mUgyAQAAQBAJ&pg=PA320. 
  5. 5.0 5.1 Sleeboom, Margaret (2004). Academic Nations in China and Japan Framed in concepts of Nature, Culture and the Universal. Routledge publishing. আই.এচ.বি.এন. 0-415-31545-X
  6. "Brand Overview", Brand Hong Kong, 09-2004 Retrieved 23 February 2007. Archived 23 December 2008 at the Wayback Machine
  7. "Fiery Debate Over China's Dragon", BBC News, an article covering China's decision not to use a dragon mascot and the resulting disappointment.
  8. "The Mongolian Message". http://www.history.upenn.edu/coursepages/hist086/material/Mongols1.html। আহৰণ কৰা হৈছে: 28 November 2016. 
  9. Dr Zai, J. Taoism and Science: Cosmology, Evolution, Morality, Health and more. Ultravisum, 2015.
  10. Meccarelli, Marco (2021). "Discovering the Long : Current Theories and Trends in Research on the Chinese Dragon". Frontiers of History in China (Frontiers of History in China vol. 16 issue 1) খণ্ড 16 (1): 123–142. doi:10.3868/s020-010-021-0006-6#1. ISSN 1673-3401. Archived from the original on 8 August 2021. https://web.archive.org/web/20210808190355/https://academic.hep.com.cn/fhc/EN/10.3868/s020-010-021-0006-6#1। আহৰণ কৰা হৈছে: 24 November 2021. 
  11. Howard Giskin and Bettye S. Walsh (2001). An introduction to Chinese culture through the family. State University of New York Press. পৃষ্ঠা. 126. ISBN 0-7914-5047-3. 
  12. "Teaching Chinese Archeology" Archived 11 February 2008 at the Wayback Machine, National Gallery of Art, Washington, D.C.
  13. Salviati, Filippo (2002). The Language of Adornment: Chinese Ornaments of Jade, Crystal, Amber and Glass, Fig. 17. Ten Speed Press. আই.এচ.বি.এন. 1-58008-587-3.
  14. Dong Zhiming (1992). Dinosaurian Faunas of China. China Ocean Press, Beijing. ISBN 3-540-52084-8. OCLC 26522845. 
  15. "Dinosaur bones 'used as medicine'". BBC News Online. 6 July 2007. http://news.bbc.co.uk/2/hi/asia-pacific/6276948.stm. 
  16. Xu and Norell, (2004). "A new troodontid dinosaur from China with avian-like sleeping posture". Nature, 431(7010): 838–841. doi:10.1038/news041011-7
  17. Doré, Henri (1966). Researches into Chinese Superstitions. Ch'eng-wen. পৃষ্ঠা. 681. https://openlibrary.org/b/OL13587109M/Researches-into-Chinese-superstitions. 
  18. Boardman, John (2015). The Greeks in Asia. Thames and Hudson. ISBN 978-0500252130.