বৌদ্ধ ধৰ্ম |
---|
মুখ্য চৰিত্ৰবোৰ |
চতুৰাৰ্থ সত্য |
|
চীনা বৌদ্ধ ধৰ্ম বা হান বৌদ্ধ ধৰ্ম (পৰম্পৰাগত চীনাত: 漢傳佛教, সৰলীকৃত চীনাত: 汉传佛教, পিন্যিনত: 汉传佛教) মহাযান বৌদ্ধ ধৰ্মৰ এক চীনা ৰূপ। চীনা বৌদ্ধ ধৰ্মই চীনা সংস্কৃতিত এক বিশেষ প্ৰভাৱ পেলাইছে, কলাৰ পৰা ৰাজনীতি, সাহিত্য, দৰ্শন, চিকিৎসা আৰু ভৌতিক সংস্কৃতিত। চীনা বৌদ্ধ ধৰ্ম চীনৰ মূলভূমিত সৰ্ববৃহৎ সংগঠিত ধৰ্ম।[1] অনুমান কৰা হয়, যে বৰ্তমানে গণপ্ৰজাতন্ত্ৰী চীনত ১৮৫ৰ পৰা ২৫০ নিযুত চীনা বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে।[1] টাইৱান আৰু অন্য দেশত বসবাস কৰা চীনা প্ৰব্ৰজনকাৰীৰ মাজতো এই ধৰ্ম অত্যন্ত জনপ্ৰিয়।
চীন দেশত বৌদ্ধ ধৰ্মৰ প্ৰথম প্ৰৱেশ ঘটিছিল খ্ৰীষ্টপূৰ্ব ২০২ৰ পৰা ২২০ খ্ৰীষ্টাব্দলৈ শাসন কৰা হান বংশৰ দিনত। ভাৰতীয় বৌদ্ধ শাস্ত্ৰসমূহ চীনা ভাষালৈ অনুবাদ কৰা হ'ল আৰু এই অনূদিত সংস্কৰণসমূহক টাওবাদী আৰু কনফুচিয়ানবাদী সাহিত্যৰ সৈতে একেলগে ধৰ্মশাস্ত্ৰৰ গোট সৃষ্টি হ'ল। এই ঘটনাই কোৰিয়া, জাপান আৰু ভিয়েটনামৰ দৰে পূব আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহত বৌদ্ধ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত এক বিশেষ ভূমিকা পালন কৰিছিল। চীনা বৌদ্ধ ধৰ্মত অনেক অনন্য পৰম্পৰাৰ সৃষ্টি হৈছে, যাৰ অন্তৰ্গত টিয়াঞ্চাই, হুৱায়ান, চান বৌদ্ধ ধৰ্ম আৰু শুদ্ধভূমি বৌদ্ধধৰ্ম (প্য'ৰ লেণ্ড বুদ্ধিজম)।
আৰম্ভণিৰ পৰাই চীনা বৌদ্ধ ধৰ্মৰ ওপৰত চীনৰ আন আন ধৰ্ম আৰু দৰ্শনৰ প্ৰভাৱ দেখা যায়, বিশেষকৈ কনফুচিয়ানবাদ আৰু টাওবাদৰ। কিছু পৰিমাণে চীনা লোকধৰ্মৰ প্ৰভাৱো দেখা গৈছে।
চীনা বৌদ্ধ ধৰ্মত বৌদ্ধ ধৰ্ম, কনফুচিয়ানবাদ আৰু টাওবাদৰ প্ৰভাৱ দেখা যায়। সাধাৰণতে তলত দিয়াৰ দৰে ৰীতি-নীতিৰ পালন কৰা হয়:
সাধাৰণতে তলত দিয়া বিশ্বাস ৰখা হয়
চীনা বৌদ্ধ ধৰ্মত সাধাৰণ লোকৰ ভিক্ষুৰ দৰেই মহত্ব আছে। প্ৰায়, সাধাৰণ মানুহে পালন কৰা চীনা বৌদ্ধ ধৰ্মৰ সাদৃশ্য ভিক্ষুৰ বৌদ্ধ ধৰ্মৰ সৈতে দেখা যায়। সাধাৰণ চীনা বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ কেইবাখনো জীৱনী ঐতিহাসিকভাৱে উপলব্ধ।[2] এই জীৱনীয়ে চীনা বৌদ্ধ ধৰ্মৰ ৰীতি-নীতিত তেওঁলোকৰ মহত্বৰ স্পষ্ট চিত্ৰ দাঙি ধৰে। এনে জীৱনীৰ উপৰিও মেটেঅ' ৰিচ্চিৰ দৰে জেচুইট মিছনাৰীয়ে চীন দেশত পালিত বৌদ্ধ ধৰ্মীয় ৰীতি-নীতিৰ এক বহল বিশ্লেষণ দাঙি ধৰে।[2] সাধাৰণ মানুহৰ মাজত ধ্যান, অমিতাভ বুদ্ধৰ মননশীলতা আৰু নিৰামিষাহাৰ ভালেমান প্ৰচলিত আছিল। মিং বংশৰ ৰাজত্বৰ কালত সাধাৰণ বৌদ্ধ ধৰ্মাৱলম্বী লোকে নিকা ভূমি আৰু চান পৰম্পৰাৰে বৌদ্ধ ধৰ্মৰ পালন কৰিছিল। তেওঁলোকে বৌদ্ধ সূত্ৰৰ অধ্যয়নো কৰিছিল। হৃদয় সূত্ৰ আৰু হীৰক সূত্ৰ আতাইতকৈ জনপ্ৰয় আছিল, আৰু তাৰ পাছতেই পদ্ম সূত্ৰ আৰু অৱতংসক সূত্ৰ।
সাধাৰণ চীনা বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ মাজত মন্ত্ৰোচ্চাৰণ প্ৰায় দেখা গৈছিল, আৰু মহা কৰুণা ধাৰণী আৰু চুন্দী ধাৰণী মন্ত্ৰ অত্যন্ত জনপ্ৰিয় আছিল।[2] ৰবাৰ্ট গিমেল'ই মন কৰিছিল, যে চীনা বৌদ্ধ সমাজত সাধাৰণ লোক আৰু সম্ভ্ৰান্ত লোক, উভয়ৰ মাজতেই ৰহস্যময়ী চুন্দী জনপ্ৰিয় আছিল।[3]
অৱলোকিতেশ্বৰ বোধিসত্ত্ব, ক্ষিতিগৰ্ভ বোধিসত্ত্ব, অমিতাভ বুদ্ধ আৰু চিকিৎসা বুদ্ধৰ দৰে মহাযান ব্যক্তিত্ব ভালেমান জনপ্ৰিয়। কৰ্ম আৰু পুনৰ্জন্মত বিশ্বাস সকলোৰে মাজত প্ৰচলিত আৰু বহুতো চীনা লোকে চীনৰ চাৰি পৱিত্ৰ পৰ্বতলৈ তীৰ্থ ভ্ৰমণ কৰিবলৈ যায়।[2]
তলত চীনা বৰ্ষপঞ্জীকাৰ মতে চীনা বৌদ্ধ উৎসৱ কিছুমানৰ সূচী দিয়া হৈছে। এই নিয়মেৰে, ৮-৪ৰ অৰ্থ চীনা বছৰৰ অষ্টম মাহৰ চতুৰ্থ দিন আদি।[4]