চেমুৱেল বেকেট | |
---|---|
![]() ১৯৭৭ চনত চেমুৱেল বেকেট | |
জন্ম | চেমুৱেল বাৰ্কলে বেকেট ১৩ এপ্ৰিল, ১৯০৬ ফক্সৰক, ডাব্লিন, আয়াৰলেণ্ড |
মৃত্যু | ২২ ডিচেম্বৰ, ১৯৮৯ (৮৩ বছৰ) পেৰিছ, ফ্ৰান্স |
ছদ্মনাম | এণ্ড্ৰিউ বেলিছ[1] |
পেচা | ঔপন্যাসিক, নাট্যকাৰ, কবি, থিয়েটাৰ পৰিচালক, প্ৰবন্ধকাৰ, সাহিত্যিক অনুবাদক |
ভাষা | ইংৰাজী, ফৰাচী |
ৰাষ্ট্ৰীয়তা | আইৰিছ |
নাগৰিকত্ব | যুক্তৰাজ্য[2] |
চেমুৱেল বেকেট (ইংৰাজী: Samuel Beckett) হৈছে এগৰাকী আইৰিছ ঔপন্যাসিক, নাট্যকাৰ, চুটি গল্প লেখক,কবি আৰু সাহিত্য অনুবাদক।
১৯০৬ চনৰ ১৩ এপ্ৰিল চেমুৱেল বেকেটৰ জন্ম হয়। দেউতাকৰ নাম উইলিয়াম ফ্ৰেংক বেকেট।[3]
ফক্সৰকত হাইস্কুলীয়া জীৱন আৰম্ভ কৰে ৰজা জেমচে স্থাপন কৰা পৰ্টাৰয়েল স্কুলত। ১৯২৩ চনত ডাবলিনৰ ত্ৰিনিটি কলেজত ভৰ্তি হয় আৰু তাৰ পৰাই স্নাতক ডিগ্ৰী লয়।
বেকেটে চাৰিবছৰ ত্ৰিনিটি কলেজত অধ্যাপনা কৰিছিল।[3]
১৯৩৫ চনত Echo's Bones and other Precipitates নামৰ কবিতা পুথি এখন প্ৰকাশিত হয়।[3] ১৯৩৮ চনত লণ্ডনত থকা কালত বেকেটে মাৰফি (Marphy) নামৰ এখন উপন্যাস ৰচনা কৰে। দ্বিতীয় মহাযুদ্ধৰ পিছতে বেকেটে ফৰাচী ভাষাত Eleutheria নামৰ নাটক লিখি উলিয়ায়।
১৯৬৯ চনত চেমুৱেল বেকেটে সাহিত্যৰ ন'বেল বঁটা পায়।[3]