![]() | |
প্ৰকাৰ | চাউলৰ গুড়িৰে আঙুঠি আকৃতিৰ ভজা খাদ্য |
---|---|
প্ৰকাৰ | উৎসৱৰ আহাৰ |
উৎপত্তিৰ স্থান | নেপাল |
মুখ্য উপাদান | চাউলৰ গুৰি, পানী, চেনি, ঘিঁউ |
আন উপাদান | ইলাচী, লং |
ভিন্ন প্ৰকাৰ | সিংহল (কুমাও অঞ্চল) |
চেল ৰুটি (ইংৰাজী: Sel roti) হৈছে চাউলৰ গুড়িৰে তৈয়াৰী পৰম্পৰাগত নেপালী খাদ্য।[1] পৰম্পৰাগতভাৱে ই এবিধ চাউলৰ গুড়ি পানীৰ সৈতে আটা মৰাৰ দৰে মাৰি আঙুঠি আকৃতিৰ কৰি ভজা এবিধ মিঠা ব্যঞ্জন।[2] নেপালৰ লগতে ভাৰতৰ দাৰ্জিলিং, কালিম্পং আৰু ছিক্কিম অঞ্চলতো বহুলভাৱে উদযাপিত হিন্দু উৎসৱ বিশেষকৈ তিহাৰ আৰু দঁশেই উৎসৱৰ সময়ত চেল ৰুটি প্ৰস্তুত কৰা হয়। সমগ্ৰ নেপালৰ লগতে ভাৰতীয় গোৰ্খা সম্প্ৰদায়ৰ মাজত এই ব্যঞ্জন জনপ্ৰিয়। চেল ৰুটি চাউলৰ গুড়ি, পানী, চেনি, ঘিঁউ, আৰু মছলাৰে মিহলি ঘোলৰ পৰা তৈয়াৰ কৰা হয়। এই ঘোল তেলত বা ঘিঁউত ৰঙাকৈ ভাজি চেল ৰুটি প্ৰস্তুত কৰা হয়।
নেপাল সংস্কৃত বিশ্ববিদ্যালয়ৰ অধ্যাপক দীনেশ ৰাজ পন্তই এই ব্যঞ্জন প্ৰায় ৮০০ বছৰতকৈ পুৰণি বুলি অনুমান কৰিছে। ভাৰতীয় খাদ্যৰ স্তম্ভলেখক মাধূলিকা দাসৰ মতে বহু বছৰৰ আগতে এই খাদ্য চেনি আৰু কোনো মছলা নোহোৱাকৈ তৈয়াৰ কৰা হৈছিল। বছৰ বছৰ ধৰি নেপালৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিশ্ৰণৰ ফলত এই খাদ্যই আধুনিক ৰূপত উপনীত হৈছে।[3] দাসে এইটোও অনুমান কৰিছে যে চেল ৰুটি হয়তো নেপালৰ চাউলৰ গুড়িৰে নিৰ্মিত চেপেটা পিঠা বাবাৰীৰ পৰিৱৰ্তিত ৰূপ আছিল। বাবাৰী একে ধৰণৰ ঘোলৰ সহায়ত তৈয়াৰ কৰা হয় যদিও অগভীৰ পেন বা তাৱাত মালপোৱাৰ দৰে ৰন্ধা হয় আনহাতে চেল ৰোটি আঙুঠি আকৃতিৰ আৰু কৰাহীত ঘিঁউ বা তেলত ভজা হয়।
এই খাদ্যৰ নামটো নেপালৰ পাদদেশত গজা চেল নামৰ ধানৰ পৰা লোৱা বুলি ধৰা হৈছে। আন এক মতবাদ মতে এই খাদ্যৰ নামটো বছৰৰ নেপালী শব্দ 'চাল'ৰ পৰা আহিছে। যিহেতু এই খাদ্যক নেপালী নৱবৰ্ষত তৈয়াৰ কৰা আনুষ্ঠানিক খাদ্য হিচাপে গঢ়ি তোলা হৈছিল, সেয়েহে ইয়াক হয়তো চাল ৰুটি বুলি কোৱা হৈছিল। এয়া পিছলৈ চেল ৰুটিত পৰিণত হৈছিল।[4]
চেল ৰুটি মূলতঃ চাউলৰ গুড়িৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ সোৱাদ অনুসৰি অন্যান্য সামগ্ৰী যোগ কৰা হয়। মোটামুটিকৈ পিহি লোৱা চাউলৰ গুড়িত পানী, চেনি, ঘিঁউ দি ঘোল প্ৰস্তুত কৰা হয়। ঘিঁউৰ সলনি ৰন্ধন তেল বা মাখন ব্যৱহাৰ কৰিব পাৰি। ইলাচি আৰু লঙৰ দৰে মছলাও ঘোলত যোগ কৰিব পাৰি।[5] তাৰ পিছত উপাদানবোৰ ভালকৈ মিহলাই দুঘণ্টামান থৈ দিয়া হয়। ঘোলখিনি তেল বা ঘিঁউত ৰঙাকৈ ভাজি লোৱা হয়।[6] পানীৰ সলনি গাখীৰ ব্যৱহাৰ কৰিও ঘোল প্ৰস্তুত কৰিব পাৰি। কিন্তু গাখীৰ ব্যৱহাৰ কৰিলে ইয়াক বেছিদিন ৰাখিব নোৱাৰি।
পিঠাগুৰিৰ ঘোলখিনি হাতেৰে আঙুঠি আকৃতিত উতলি থকা তেলত ঢালি মধ্যমীয়া জুইত (প্ৰায় ৩৪৮ ডিগ্ৰী ফাৰেনহাইটৰ পৰা ৩৭৩ ডিগ্ৰী ফাৰেনহাইট) দুয়োফালে পাতল বাদামী হোৱালৈকে ভালকৈ ভাজি লোৱা হয়। ৰন্ধা-বঢ়াৰ সময়ত পিঠাগুৰি ঘূৰোৱাৰ বাবে দুটা ধাতু বা কাঠৰ মাৰি ব্যৱহাৰৰ কৰা হয়। নেপালী ভাষাত ঝিৰ বুলি জনাজাত প্ৰত্যেকটো মাৰি প্ৰায় ১ ফুট (৩০ চে.মি.) দীঘল।[7]
চেল ৰুটি এসময়ত বহুখিনি প্ৰস্তুত কৰি সাধাৰণ উষ্ণতাত কমেও ২০ দিন ৰাখিব পাৰি। প্ৰায়ে ঘৰৰ পৰা আঁতৰত থকা পৰিয়ালৰ সদস্যলৈ বিশেষ উপহাৰ হিচাপে প্ৰেৰণ কৰা হয় বা ধৰ্মীয় প্ৰসাদ হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়।[8]
চেল ৰুটি হৈছে এক সুস্বাদু খাদ্য। ইয়াক মূলতঃ নেপালী সম্প্ৰদায়ৰ দঁশেই উৎসৱ আৰু তিহাৰৰ উদযাপনৰ বাবে তৈয়াৰ কৰা হয়।[9] নেপালৰ বাবে ই অনন্য আৰু নেপালী সংস্কৃতি আৰু উৎসৱৰ এক চিনাকি প্ৰতীকত পৰিণত হৈছে আৰু সমগ্ৰ দেশতে উৎসৱৰ লগতে বিয়াৰ পাৰ্টি, আৰু অন্যান্য অনুষ্ঠানৰ সময়ত ইয়াক প্ৰস্তুত আৰু পৰিবেশন কৰা হয়।
ভাৰত আৰু দক্ষিণ ভূটানৰ দাৰ্জিলিং, ছিক্কিম, শিলিগুড়ি আৰু কালিমপং অঞ্চলৰ নেপালী ভাষী জনগোষ্ঠীৰ ই এক পৰম্পৰাগত খাদ্য। নেপালী আৰু কুমাওনীৰ বেছিভাগ সাংস্কৃতিক আৰু পৰম্পৰাগত অনুষ্ঠানতে ই এক অপৰিহাৰ্য খাদ্য।[10] পৰম্পৰাগত একক আঙুঠিৰ আকৃতিৰ পৰিৱৰ্তে ছিক্কিম, দাৰ্জিলিং আৰু কালিম্পং অঞ্চলত চেল ৰুটি দুটা আঙুঠি আকৃতিত তৈয়াৰ কৰা হয়।
ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ কুমাওন অঞ্চলত প্ৰচলিত এবিধ খাদ্য সিংঘলৰ সৈতে চেল ৰুটিৰ মিল আছে। কিন্তু চেল ৰোটি চাউলৰ গুড়িৰ পৰা তৈয়াৰ কৰা হয় আৰু সিংঘল চুজিৰে প্ৰস্তুত কৰা হয়।[11]
![]() |
ৱিকিমিডিয়া কমন্সত চেল ৰুটি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |