চৈয়দ আকবৰুদ্দিন | |
---|---|
![]() | |
ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ স্থায়ী প্ৰতিনিধি | |
কাৰ্যকাল ১ জানুৱাৰী ২০১৭ – ১৯ মে' ২০২০ | |
ৰাষ্ট্ৰপতি | প্ৰণৱ মুখাৰ্জী ৰাম নাথ কোৱিন্দ |
পূৰ্বসূৰী | অশোক কুমাৰ মুখাৰ্জী |
উত্তৰসূৰী | টি এছ ত্ৰিমূৰ্তী |
ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ বৈদেশিক প্ৰচাৰ বিভাগৰ সংযুক্ত সচিব | |
কাৰ্যকাল জানুৱাৰী ২০১২ – এপ্ৰিল ২০১৫ | |
পূৰ্বসূৰী | বিষ্ণু প্ৰকাশ |
উত্তৰসূৰী | বিকাশ স্বৰূপ |
ব্যক্তিগত তথ্য | |
জন্ম | ২৭ এপ্ৰিল, ১৯৬০ (৬৪ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | কূটনীতিবিদ (ভাৰতীয় বৈদেশিক সেৱা) |
চৈয়দ আকবৰুদ্দিন (ইংৰাজী: Syed Akbaruddin) এগৰাকী ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰু পূৰ্বৰ ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ স্থায়ী প্ৰতিনিধি। ১ জানুৱাৰী ২০১৭ৰ পৰা ১৯ মে' ২০২০ লৈ তেওঁ এই পদত অধিষ্ঠিত হৈ আছিল।[1][2]
চৈয়দ আকবৰুদ্দিনে বেগমপেটত অৱস্থিত হায়দৰাবাদ পাব্লিক স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ এছ. বাচিৰুদ্দিন অচমানিয়া বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ মুৰব্বী অধ্যাপক আছিল। পিছলৈ তেওঁ কাটাৰ দেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ ড॰ বি. আৰ. আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু পুনেত অৱস্থিত ভাৰতৰ ফিল্ম আৰু টেলিভিছন প্ৰতিষ্ঠানৰ গৱেষণা উইংৰ সঞ্চালক আছিল। চৈয়দ আকবৰুদ্দিনৰ মাতৃ ড॰ জেবা বাচিৰুদ্দিন শ্ৰী সত্য সাই বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সদস্য আছিল।[3]
চৈয়দ আকবৰুদ্দিন ১৯৮৬ বৰ্ষৰ প্ৰশাসনিক বিষয়া। তেওঁ ভিয়েনাত অৱস্থিত আন্তৰ্জাতিক আণৱিক শক্তি সংস্থাত চাৰি বছৰৰ বাবে কাৰ্য নিৰ্বাহ কৰিছিল আৰু ২০১১ চনত তেওঁ ভাৰতলৈ ঘূৰি আহে। তেওঁক পশ্চিম এছিয়াৰ বিশেষজ্ঞ হিচাপে গণ্য কৰা হয়। এই অঞ্চলত তেওঁ কেইবাবছৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। তাৰে ভিতৰত উল্লেখযোগ্য হল ২০০০ চনৰ পৰা ২০০৪ চনলৈ চৌদি আৰৱৰ জেদ্দাহৰ কঞ্চুল জেনেৰেল। তেওঁ ২০০৪ চনৰ পৰা ২০০৫ চনলৈ ভাৰতৰ বিদেশ সচিবৰ কাৰ্যালয়ৰ সঞ্চালক আছিল।[4]
চৈয়দ আকবৰুদ্দি ২০১২ চনৰ জানুৱাৰী মাহৰ পৰা ২০১৫ চনৰ এপ্ৰিল মাহলৈ ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ চৰকাৰী প্ৰবক্তা আছিল।[5] তেওঁ বিদেশ মন্ত্ৰণালয়ৰ বৈদেশিক প্ৰচাৰ আৰু ৰাজহুৱা কূটনীতি বিভাগৰ মুৰব্বী আছিল।[6][7][8] ইয়াৰ লগতে তেওঁ ২০১৫ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা ভাৰত-আফ্ৰিকা সমাৱেশৰ মুখ্য উদ্যোক্তা আছিল।[9] পিছলৈ তেওঁ ২০১৫ চনৰ এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ বিদেশ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[10] ২০১৫ চনৰ নৱেম্বৰ মাহত তেওঁ ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ স্থায়ী প্ৰতিনিধি হিচাপে নিযুক্তি লাভ কৰে।[11][12]