![]() | |
অন্য নাম | ভতুৰ চোলা, পুৰি চোলা |
---|---|
প্ৰকাৰ | পুৱাৰ আহাৰ, নিমখীয়া মুখৰোচক |
অঞ্চল | ভাৰত |
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন | ভাৰতীয় উপমহাদেশ |
মুখ্য উপাদান | বুটমাহ, ময়দা আটা আৰু চুজি |
ভিন্ন প্ৰকাৰ | পনীৰ ভাতুৰে, পুৰি ভাজি, চোলে কুলচে। , ডাবোলছ (ট্ৰিনিদাদ, গুয়ানা) |
চোলে ভাতুৰে ভাৰত উপমহাদেশৰ উত্তৰ অঞ্চলৰ এবিধ জনপ্ৰিয় খাদ্য ব্যঞ্জন ৷[1] ইয়াত চানা মছলা (মছলা বগা বুটম্মাহ বা কাবেলী বুট) আৰু ভাতুৰা / পুৰি থাকে। এইকেইটা ময়দাৰ পৰা তৈয়াৰী তেলত ডুবাই ভজা ৰুটিসদৃশ খাদ্য।[2][3][4]
চোলে ভাতুৰে প্ৰায়ে পুৱাৰ আহাৰ হিচাপে খোৱা হয়। কেতিয়াবা ইয়াক লচীৰ সৈতেও খোৱা হয়। ই ৰাস্তাৰ দাঁতিৰ খাদ্য বা ষ্ট্ৰীট ফুড সম্পূৰ্ণ খাদ্যও হ'ব পাৰে আৰু ইয়াৰ লগত পিঁয়াজ, আচাৰ কৰা বিলাহী, সেউজীয়া চাটনি বা অন্য টেঙা, জ্ব্বলা বা মিঠা আচাৰ, টক আদি খাব পৰা যায়।[5]
বাংলাদেশতো এই ব্যঞ্জন অতি জনপ্ৰিয়। এই ব্যঞ্জনক বহুতৰে বাবে চোলে ভাতুৰে/ছোলা বটোৰা বুলিও জনা যায়। এই সুস্বাদু খাদ্য প্ৰায় সকলো বয়সৰ লোকে ভাল পায়।[6]
চোলে ভাতুৰৰ উৎপত্তি স্থানক লৈ বিতৰ্ক চলি আছে। কিছুমান সূত্ৰই এই খাদ্যৰ উৎপত্তি দিল্লীত হোৱা বুলি দাবী কৰে, য'ত ই অতি জনপ্ৰিয়।[7][8] আন কিছুমানে পূব উত্তৰ প্ৰদেশক উৎপত্তিস্থল বুলি দাবী কৰে।[9][10] কিন্তু এই বিষয়ে কোনো ঐক্যমত পোৱা হোৱা নাই। দুই ঠাইৰে সপক্ষে সমানে যুক্তি পোৱা যায়।
চোলে ভাতুৰেৰ মূল উৎপত্তিস্থল বুলি মধ্যপ্ৰাচ্যতো চিন পোৱা যায়। তাত চানা মছালা বুলি একেধৰণৰ ব্যঞ্জন উপলব্ধ আছিল। ই আছিল মছলাযুক্ত বুট আৰু ফ্লেটব্ৰেডৰ যুগলবন্দী। হয়তো বাণিজ্যিক আৰু ৰাজনৈতিক সম্পৰ্কৰ যোগেদি ই আহি ভাৰত উপমহাদেশ পালে আৰু সামান্য ৰূপ সলাই কানেলী বুট আৰু ভাতুৰেলৈ পৰিৱৰ্তিত হ'ল। কোৱা হয় যে চানা মছালা ভাৰতলৈ অনাত মোগলসকলৰ প্ৰভূত বৰঙণি আছে। বিংশ শতাব্দীয়ে গঢ় দিয়া ধাবা আৰু ৰাস্তাৰ দাঁতিৰ খোৱাবস্তুৰ দোকানসমূহে ইয়াক জনপ্ৰিয় কৰি তোলে।[11]
এই বিষয়ে থকা কিংবদন্তিসমূহৰ ভিতৰত এটা হৈছে এগৰাকী ভোকাতুৰ তিৰোতাক কাবেলী বুট আৰু সিজোৱা আটা দিয়া হাৰিয়ানাৰ এগৰাকী ব্যক্তিৰ বিষয়ে। অৰ্থাৎ এই ব্যঞ্জনবিধ আকস্মিক্ভাৱে আৱিষ্কাৰ হোৱা। বহু লোকে পাৰ্চিয়ান খাদ্য চোলাক মোগলে আনি চোলে ভাতুৰে হিচাপে জনপ্ৰিয় কৰে বুলি ক'ব খোজে।[12]
কাবেলী বুটখিনি আগদিউটনাই পানীত তিয়াই ৰখা হয়। পিযছদিনা ইয়াক নিমখ দি পানীত সিজোৱা হয়। জিৰা, গোটা ধনীয়া, হালধি গুড়ি, আৰু জলকীয়াৰ গুড়ি আদি মছলা সিজাই লোৱা কাবেলী বুটত দি চোলে প্ৰস্তুত কৰা হয়। অতিৰিক্ত সোৱাদৰ বাবে পিঁয়াজ, নহৰু, আদাও যোগ কৰা হয়। আটা, নিমখ, তেল মিহলাই মঠি ভতুৰ/ভাতুৰে প্ৰস্তুত কৰা হয়। মঠি লোৱা আটা/ময়দাখিনি অৰ্ধবৃত্ত বা বৃত্তৰ দৰে বেলি তেলত ডুবাই ভাজি ভতুৰ ফুলি উঠালৈকে ৰখা হয়। [13] চোলেৰ ওপৰত বহু সময়ত টেঙা দৈ গাৰ্ণিছিং আৰু সোৱাদৰ বাবে দিয়া হয়।
কেৰাহীত জিৰা আৰু গৰম মছলা গৰম তেলত উতলাই ল'ব লাগিব। পিঁয়াজ কুটা, বিলাহী কুটা, নিমখ, জলকীয়া গুড়ি, আদাৰ পেষ্ট, হালধি, বুট দাইলৰ গুড়ি, ধনীয়া পাত ভাজি অলপ পানীৰে সিজাই ল'ব লাগিব। এতিয়া চিলি পাউদাৰ, নেমুৰ ৰস, টমেটো চচ, চিলি চচ আদি দি অলপ পানী দি ভালদৰে মিহলাই ল'ব লাগিব। ইয়াৰ পিছত সিজোৱা কাবুলী বুটখিনি জলকীয়া কুটি পানীৰে ঢাকি দিব লাগে। পানী শুকালে নমাই লুচিৰ লগত পৰিবেশন কৰিব পাৰি।<ref name=SG>
|title=
specified when using {{Cite web}}".